Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ড০ লিঅ’ বাৰাড়কাৰে এক টেলিফোনিক বাৰ্তালাপত মিলিত হৈ ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতিৰ লগতে এই স্বাস্থ্য তথা অৰ্থনৈতিক প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত উভয় দেশে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰে৷

প্ৰধানমন্ত্ৰী বাৰাড়কাৰে আয়াৰলেণ্ডত এই সংক্ৰমণ বিৰোধী যুঁজত ভাৰতীয় বংশোদ্ভুত চিকিৎসক আৰু নাৰ্ছসকলে গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে৷ আয়াৰলেণ্ডত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি লোৱা যত্ন আৰু সহায়ৰ বাবে প্ৰধানমন্ত্ৰী বাৰাড়কাৰক ধন্যবাদ জনোৱাৰ লগতে ভাৰতত থকা আইৰিছ নাগৰিকৰ প্ৰতিও সহায় আগবঢোৱাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে৷ মহামাৰীৰ বিৰুদ্ধে এই বিশ্বজোৰা যুঁজত ফাৰ্মাচিউটিকেল আৰু চিকিৎসাৰ ক্ষেত্ৰত সক্ষমতা বৃদ্ধিৰে ভাৰত আৰু আয়াৰলেণ্ডে বৰঙণি আগবঢ়াব পাৰিব বুলি দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিডৰ পাছৰ অৱস্থাত আয়াৰলেণ্ডৰ লগতে ইউৰোপীয়ান সংঘৰ সৈতে ভাৰতৰ সহযোগিতা শক্তিশালী কৰাৰ সম্ভাৱনাক লৈ আশা প্ৰকাশ কৰে৷

নেতাদুগৰাকীয়ে এই সংকটৰ সৈতে জড়িত দিশবোৰৰ সন্দৰ্ভত নিয়মীয়াকৈ সম্পৰ্ক ৰখা কৰাৰ লগতে আলোচনা কৰিব বুলি সহমতত উপনীত হয়৷

***

VRRK/AK/DB