প্ৰধানমন্ত্ৰী শ্ৰী নৰেকন্দ্ৰ মোদীয়ে আজি দেশৰ ৰাজধানী চহৰত নাৰী শক্তি পুৰস্কাৰ বিজয়ীসকলৰ সৈতে মত-বিনিময় কৰে। লেহ, কাশ্মীৰ, অন্ধ্ৰপ্ৰদেশৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ১৫ গৰাকী পুৰস্কাৰ বিজয়ী মহিলাৰ সৈতে প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ কৰে আৰু এই বাৰ্তালাপুতেই তেওঁলোকে নিজৰ সমস্যাবোৰৰ বিষয়ে তেওঁক অৱগত কৰে, কিদৰে বিভিন্ন সংগ্ৰামৰ মাজেৰে তেওঁলোকে আজি এই পৰিস্থিতিত উপনীত হৈছে, কিদৰে নিজৰ লক্ষ্যত উপনীত হৈছে সেই বিষয়ে উল্লেখ কৰে।
এই বঁটা বিজয়ীসকলৰ ভিতৰত ১০৩ বৰ্ষীয় সুশ্ৰী মন কৌৰ নামৰ এগৰাকী বয়োবৃদ্ধা মহিলাও চামিল আছিল, উল্লেখ্য যে মন কৌৰে ৯৩ বছৰ বয়সত এথলেটিকছ খেলিবলৈ আৰম্ভ কৰিছিল আৰু পোলেণ্ডত আয়োজিত বিশ্ব মাষ্টাৰ্ছ এথলেটিক চেম্পিয়.নশ্বিপত ফিল্ড আৰু ট্ৰেক ইভেণ্টত ৪ টাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
জম্মু কাশ্মীৰৰ পৰা অহা আৰিফা জান নুম্ধা হেণ্ডিক্ৰাফ্টৰ প্ৰতিষ্ঠাপক আৰু তেৱেই নুম্ধা হস্তশিল্পৰ হৃত গৌৰৱ পুনৰুদ্ধাৰ কৰাৰ সম্পূৰ্ণ কৃতিত্ব লাভ কৰে। তেওঁ কাশ্মীৰত শতাধিক মহিলাক প্ৰশিক্ষিত কৰা আৰু প্ৰায় বিলুপ্তিৰ গৰ্ভত পৰা হস্তশিল্পক পুনৰ জীৱিত কৰি তোলাৰ অনবদ্য অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে।
ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানৰ প্ৰথম পাইলট মোহনা সিং, ভাৱনা কন্ঠ আৰু অৱনী চতুৰ্বেদীয়েও নিজ নিজ অভিজ্ঞতা বৰ্ণনা কৰে। উল্লেখ্য যে এই তিনিওগৰাকী পাইলটকে ভাৰত চৰকাৰে প্ৰযুক্তিগত ভিত্তিত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান ক্ষেত্ৰ সকলোৰে বাবে মুকলি কৰি দিয়া ফাইটাৰ স্কোৱাড্ৰ’নত চামিল কৰোৱা হৈছিল। ইয়াৰ পিছতেই ২০১৮ চনত মিগ ২১ এককভাৱে চলোৱা প্ৰথমভাৰতীয় মহিলাত পৰিণত হৈছিল তিনিওগৰাকী।
পড়ালা ভূদেৱী হৈছে অন্ধ্ৰপ্ৰদেশৰ এগৰাকী জনজাতীয় মহিলা কৃষক আৰু গ্ৰামীণ উদ্যোগী, আনহাতে এই অনুষ্ঠানত ভাগ লোৱা বীনা দেৱী মুংগেৰ হৈছে বিহাৰৰ এগৰাকী উদ্যমী মহিলা, যিয়ে কাঠফুলা খেতি জনপ্ৰিয় কৰি তোলাৰ সুবাদতেই লাভ কৰিছে ‘মাশ্বৰূম নাৰী’ৰ অভিধা। এই দুয়োগৰাকী মহিলাই প্ৰধানমন্ত্ৰীৰ সৈতে কৃষি আৰু কৃষি বিপণনৰ ক্ষেত্ৰত থকা নিজ নিজ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে।
আনফালে কলাৱতী দেৱী হৈছে উত্তৰ প্ৰদেশৰ কাণপুৰৰ এগৰাকী মহিলা ৰাজমিস্ত্ৰি, যিয়ে সমগ্ৰ জিলাখনকে মুকলিত শৌচ মুক্ত স্থান হিচাপে গঢ়ি তোলাৰ বাবে সকলোৰে বাবে প্ৰেৰণাৰ স্ৰোত হিচাপে বিবেচিত হৈছে। তেওঁ কাণপুৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত এই পৰ্যন্ত ৪০০০ ৰো অধিক শৌচালয় নিৰ্মাণ কৰি তুলিছে। তেওঁ এই সমগ্ৰ প্ৰক্ৰিয়াৰ এক অনবদ্য অভিজ্ঞতা বৰ্ণনা কৰে প্ৰধানমন্ত্ৰীৰ সমূখত, তেওঁ লগতে কিদৰে মুকলিত শৌচ কৰাৰ ভয়াবহতা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল আৰু কিদৰে কাণপুৰৰ দাঁতিকাষৰীয়া গাওঁবোৰলৈ ঘণ্টা ঘণ্টা ধৰি যাত্ৰা কৰি মুকলিত শৌচ নকৰাৰ বাবে জনসাধাৰণৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছিল আৰু শৌচালয় নিৰ্মাণৰ বাবে সৈমান কৰাইছিল।
৩০০০০ ৰো অধিক মহিলাক লৈ ২৮০০ ৰো অধিক গোট গঠন কৰি চন পৰি থকা মাটিত ২৫ লাখৰো অধিক গছ ৰোপন কৰি উৎসাহী পৰিৱেশবিদ ঝাৰখণ্ডৰ ছামী মুৰ্মুৱে এই কামৰ অনবদ্য অভিজ্ঞতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমূখত।
কেৰেলাৰ ৯৮ বৰ্ষীয় কথ্যায়নী আম্মাই ২০১৮ চনৰ আগষ্ট মাহত চতুৰ্থ শ্ৰেণীৰ সমকক্ষ কেৰেলাৰ সাক্ষৰতা মিশ্যনৰ অক্ষৰালক্ষম আঁচনিৰ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ অনুপম অভিজ্ঞতা বৰ্ণনা কৰে। তাতোকৈ মজাৰ কথাটো হৈছে যে এই পৰীক্ষাত তেওঁ ৯৮ শতাংশ নম্বৰসহ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নাৰী শক্তি পুৰস্কাৰ বিজেতাসকলে সমাজ নিৰ্মাণ কৰাৰ উপৰিও সমগ্ৰ দেশকে অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি যোগাইছে।
তেওঁ লগতে কয় যে মহিলাসকলৰ গুৰুত্বপূৰ্ণ অৱদান অবিহনে দেশখনক মুকলিত শৌচমুক্ত ঠাই হিচাপে গঢ় দিয়াৰ দৰে জটিল কাম কেতিয়াও সম্পূৰ্ণ নহ’লহেতেন। তেওঁ লগতে কয় যে এনেদৰেই মহিলাসকলৰ ব্যাপক অংশগ্ৰহণেৰে দেশৰ পুষ্টিহীনতাৰ দৰে সমস্যাৰো সমাধান উলিয়াব পৰা যাব।
প্ৰধানমন্ত্ৰীয়ে পানী সংৰক্ষণৰ বিষয়েও কিছু কথা কয় আৰু জল জীৱন মিশ্যনত মহিলাসকলৰ ব্যাপক অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে।
তেওঁ এই পুৰস্কাৰপ্ৰাপ্ত মহিলাসকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু কয় যে তেওঁলোক সমগ্ৰ দেশৰ বাবেই প্ৰেৰণাৰ উৎস।
******
VRRK/VJ/RD
PM @narendramodi interacted with the Nari Shakti Puraskar winners earlier today. pic.twitter.com/v5D7Xro4D1
— PMO India (@PMOIndia) March 8, 2020