Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বেংককত আছিয়ান(Asean) সম্পৰ্কিত শীৰ্ষ সন্মিলনত বিশ্বৰ আগভাগ আৰু অঞ্চলসমূহত ভাৰতৰ ভূমিকা সন্দৰ্ভত বেংকক পʼষ্টৰ বাবে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ পৰ্ব


 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংকক পষ্টৰ এক সাক্ষাৎকাৰত ৩৫ সংখ্যক এছিয়ান শীৰ্ষক সন্মিলন আৰু সম্বন্ধীয় শীৰ্ষক সন্মিলনৰ আগত,ত আহিব লগা ১৬ সংখ্যক এছিয়া-ভাৰত সন্মিলন আৰু সোমবাৰৰ ৩য় আৰ ছি ই পি সন্মিলন অন্তৰ্ভূক্ত, বিশ্বত আৰু সেই অঞ্চলত ভাৰতৰ ভূমিকা সম্বন্ধে নিজৰ ভাৱ ব্যক্ত কৰে।

নিম্নলিখিতসমূহ সাক্ষাৎকাৰটোৰ প্ৰতিলিপি।

 

আপোনাৰ নেতৃত্বত ভাৰত বিশ্বশক্তিলৈ পৰিবৰ্তন হব বুলি আপুনি ভাবেনে?

 

এইটো সৰ্বজনবিদিত যে ভাৰত এক প্ৰাচীন সভ্যতা যত প্ৰচুৰ সমৃদ্ধি আৰু বিভিন্নতা আছে। কিছু শতিকাৰ আগলৈকে,ভাৰতে বিশ্বৰ বিকাশত এক বৃহৎ অবদান আগবঢ়াইছেই বিজ্ঞান,সাহিত্য,দৰ্শন,কলা আৰু স্থাপত্যৰ বিকাশত অবদান আগবঢ়াইছে। এইসমূহ কৰিবলৈ যাওঁতে ভাৰতে অন্যৰ ওপৰত প্ৰভুত্ব কৰাৰ চেষ্টা কৰা নাছিল কিন্তু সমুদ্ৰ আৰু মহাসাগৰত স্থায়ী সম্বন্ধ গঢ় দিয়া গল। যোৱা কিছু বছৰত,আমি বিশ্বত আমাৰ অৱদান সক্ৰিয়ভাবে বৃদ্ধি কৰিছো,সেয়া লাগিলে আৰ্থিক ক্ষেত্ৰতেই হওঁক বা জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰতেই হওঁক,মহাকাশৰ ক্ষেত্ৰতেই হওঁক বা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুজঁতেই হওঁক।

 

বৰ্তমান, ভাৰত বিশ্বৰ অৰ্থনীতিক বিকাশ আৰু বিকাশত বৃহৎ সহযোগকাৰীসকলৰ মাজত অন্যতম। ভাৰতৰ লোকসকলে এইটো প্ৰদৰ্শন কৰিছে যে তেওঁলোক অন্যতকৈ পিছপৰা নহয়,যদি তেওঁলোকে সঠিক পৰিৱেশ নীতি পায় যি তেওঁলোকক বাস্তবিক ক্ষমতাৰ অনুভব কৰিবলৈ সক্ষ্যম কৰাই

 

ভাৰতীয় মানুহ আৰু তেওঁলোকৰ উৎপাদন ক্ষমতা, আন্তঃগাঠনি, উন্নতমানৰ সেৱা আৰু উন্নত প্ৰযুক্তিৰ জড়িয়তে “জীৱৰ ধাৰণ সহজ” কৰিবৰ বাবে আমি বিশ্বৰ সৰ্ববৃহৎ প্ৰচাৰ চলাই আছোএইটো সম্ভৱ হৈছে কাৰণে আমি প্ৰতিখন গাৱত বিদ্যুৎ সংযোগ দিছো;আমাৰ ৩৫০ মিলিয়নতকৈ অধিক নাগৰিকক বেঙ্কৰ প্ৰনালীত অন্তৰ্ভূক্ত কৰা হ; সামাজিক আচনিত ধনৰ অপব্যয় হ্ৰাস কৰা হৈছে;গাওঁ আৰু চহৰ অঞ্চলত ১৫০ মিলিয়ন সৌচালয়ৰ নিৰ্মান;সেৱাসমূহ ডিজিটাইজ কৰি শাসন ব্যৱস্থাত শুধৰণি,ফিনটেগ পণ্যৰ বাবে তিব্ৰতাৰে বাঢ়ি অহা বজাৰৰ ভিতৰত এখন হবৰ বাবে খৰটকীয়া প্ৰগতি, আৰু ভাৰতীয় অৰ্থব্যৱস্থাটোক খৰটকীয়াকৈ আগবঢ়া নিদিষ্ট আবক্ৰত ভৰাই দিয়া হৈছেআমি ৰিজাৰ্ভ বেঙ্কৰ ইজ অব ডুইং বিজনেচ ইনদেক্সত প্ৰায় ৮০ৰ স্থানত আহি পাইছো। আমি নিজৰ সৰ্বশ্ৰেষ্ঠ ঐতিহ্যক সংৰক্ষিত কৰি এক গনতান্ত্ৰিক গাঠনিৰে এইসমূহ কৰিছো।

 

ভাৰতত এক বৃহৎ আকাঙ্ক্ষাৰ মধ্যবিত্তৰ উত্থান হৈছে,যাৰ সকলো মূল প্ৰয়োজনত উপলব্ধি আছে আৰু জীৱনত আগবাঢ়িব বিচাৰে।

 

আমাৰ মন্ত্ৰ হৈছে, “সবকা ছাঠ,সবকা বিকাশ,সবকা বিশ্বাস”, যাৰ অৰ্থ হৈছে সকলোৰে বাবে উন্নয়ন আৰু লগতে সহযোগ আৰু সকলোৰে বিশ্বাস। আৰু সকলোৰে দ্বাৰা,আমাৰ চিন্তা কেৱল আমাৰ নাগৰিকসকলক লৈ নহয়,সমগ্ৰ মানব জাতিৰ বাবে।

 

সেয়েহে,আমি আমাৰ প্ৰতিবেশীসকলৰ লগত উন্নয়নৰ অংশীদাৰিত্বক বঢ়াবৰ কাৰণে সক্ৰিয়তাৰে কাম কৰি আছো। আৰু আমি বিশ্বৰ আৰু সীমাৰ সিপাৰৰ প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হবলৈ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ বনাবৰ বাবে চেষ্টা কৰি আছো। ইয়াত আন্তঃৰাষ্ট্ৰীয় সৌৰ অংশীদাৰীত্ব(International Solar Alliance) আৰু ডিজাষ্টাৰ ৰিজাইলেন্ট ইনফ্ৰাষ্টাকচাৰৰ কাৰণে এক সহযোগ গঠন অন্তৰ্ভূক্ত ।

 

ভাৰত সমকালীন বাস্তবিকতাৰ মাজত আৰু বহুপক্ষ্যবাদক শক্তিশালী আৰু শুধৰণি কৰাৰ এক শক্তিশালী সমৰ্থক। বিশ্বৰ অনিশ্বয়তাৰ সময়ত,খৰতকীয়াকৈ বাঢ়ি অহা,গনতান্ত্ৰিক আৰু শক্তিশালী ভাৰত স্থিৰতা,সমৃদ্ধি আৰু শান্তিৰ কেন্দ্ৰ হৈ আছে।

 

২১ শতিকাটো এছিয়াৰ শতিকা হব বুলি কোৱা হয়। ভাৰত এছিয়া আৰু বিশ্বত এই পৰিবৰ্তনত সহযোগ কৰিবলৈ প্ৰস্তুত হৈ আছে।

 

ভাৰতৰ এক্ট ইষ্ট পলিচিত ৰ আছিয়ান(ASEAN)ৰ কি মহত্ব আছে?

 

আছিয়ান(Asean) আমাৰ এক্ট ইষ্ট পলিচিৰ মূল। ই একমাত্ৰ সহকাৰী তন্ত্ৰ যাৰ দ্বাৰা আমি এতিয়ালৈকে ১৬ বছৰ শীৰ্ষ স্তৰীয় মত বিনিময় কৰিছো।

 

এইটো সেইবাবেই যে আছিয়ান(Asean) অঞ্চল ভাৰত মহাসাগৰৰ বাবে কেৱল এক মহত্বপূৰ্ণ প্ৰৱেশ দ্বাৰেই নহয়,আৰু কেবল এইবাবেও নহয় যে এইটো আমাৰ লগত সভ্যতাগতভাবে ওচৰ। এইটো এইবাবেও যে কিয়নো আজি আছিয়ান(Asean) বিশ্বৰ সকলোতকৈ অধিক আৰ্থিক আৰু ৰাজনৈতিকভাবে গতিশীল অঞ্চলৰ ভিতৰত এক অঞ্চল। ভাৰতে ইণ্ডো – পেচিফিকৰ গতিশীল উত্থানত কেন্দ্ৰীয় ভূমিকা পালন কৰি এক শক্তিশালী, একত্ৰিকৃত আৰু সমৃদ্ধ আছিয়ান(Asean) চাব বিচাৰে। ই ভাৰতৰ সমৃদ্ধি আৰু সুৰক্ষাৰ সৰ্বোত্তম অংশ।

 

আছিয়ান(Asean) ৰ লগত জড়িত হোৱাটো ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ৰণনীতিৰ গুৰুত্বপূৰ্ণ তত্ত্ব। আমাৰ ঘনিষ্ঠ সভ্যতা সম্বন্ধি সম্বন্ধয়ে এক শক্তিশালী বুনিয়াদ প্ৰদান কৰে, যাৰ জড়িয়তে আমি এক শক্তিশালী,আধুনিক আৰু বহুপক্ষীয় ৰণনীতিক অংশীদাৰিত্ব প্ৰতিষ্ঠা কৰিছো। আছিয়ান(Asean) ক শক্তিশালী কৰা, যোগাযোগৰ বিস্তাৰ কৰা আৰু ভাৰত আছিয়ান(Asean) একত্ৰিকৰণক গভীৰ কৰা আমাৰ নীতিৰ অন্যতম অগ্ৰাধিকাৰ প্ৰাপ্ত অধিনিয়মসংগঠনৰ নেতৃত্বত আছিয়ান(Asean) ৰ লগত ভাৰতৰ ঘনিষ্ঠ সম্বন্ধক আগবঢ়োৱাৰ বাবে আমি থাইলেণ্ডৰ প্ৰতি কৃতজ্ঞ

 

আঞ্চলিক স্থাপত্যৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে কি প্ৰকাৰৰ ভূমিকা পালন কৰিব বিচাৰিব?

 

ভাৰতে ভাৰত-প্ৰশান্ত(ইণ্ডো-পেচিফিক)ৰ কাৰণে নিজৰ দৃষ্টভঙ্গীক চিহ্নিত কৰিছে, যাক অঞ্চলসমূহৰ দেশৰ দ্বাৰাও ভাগ কৰা গৈছে। ই মহাসাগৰীয় ডোমেনৰ প্ৰধানতা আৰু পৰস্পৰ প্ৰকৃতিক চিহ্নিত কৰে। এই সম্বন্ধে আমাৰ বিচাৰ মই স্পষ্ট ৰূপত যোৱা বছৰ ছিংগাপুৰৰ ছাংগ্ৰিলাত মত বিনিময়ত ব্যক্ত কৰা হৈছিল। আমি বিশ্বাস কৰো যে ইণ্ডো পেচিফিকৰ কাৰণে আঞ্চলিক স্থাপত্যৰ সুৰক্ষা মুক্ত,স্বচ্চ,নিয়ম আধাৰিত,আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মানজনক হব লাগে। এই ক্ষেত্ৰত এক স্থিৰ সমুদ্ৰিক সুৰক্ষাৰ বাতাবৰণ,ত নেভিগেচনৰ স্বতন্ত্ৰতা আৰু উচ্চ উৰণৰ স্বতন্ত্ৰতা আৰু অনুজ্ঞাপত্ৰ বিহিন বাণিজ্য অন্তৰ্গত,সমুদ্ৰিক আইনৰ ওপৰত ৰাষ্ট্ৰ সংঘৰ নিয়মপত্ৰৰু লগতে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি,যিকোনো আঞ্চলিক স্থাপত্য সুৰক্ষাৰ বাবে আৱশ্যক।

মই ২০১৫ ত SAGAR ধাৰণাটো ব্যক্ত কৰিছিলো। ই প্ৰতিটো ক্ষেত্ৰত সুৰক্ষা আৰু বিকাশৰ বাবে থিয় হৈ আছে। “SAGAR” মানে হিন্দীৰ সাগৰ। আমি পৰস্পৰ বিশ্বাসক বঢ়াই আৰু সুৰক্ষা সহযোগৰ বিস্তাৰ কৰি এই দৃষ্টিকোণটোক প্ৰাপ্ত কৰিব বিচাৰো। ভাৰতে আঞ্চলিক স্থাপত্যৰ সুৰক্ষা আৰু ইয়াক চিহ্নিত কৰিব পৰা সিদ্ধান্তত দৃষ্টিকোণ বিকশিত কৰাৰ দিশত কাম কৰিব,আৰু অন্য সুৰক্ষাৰ প্ৰত্যাহ্বানৰ সমাধানৰ কাৰণে এক ব্যৱহাৰযোগ্য সংস্থাগত কাঠাম,বৰ্তমানৰ কাঠাম আৰু তন্ত্ৰৰ বিকাশত কাম কৰিব।

ভাৰত প্ৰশান্তৰ ওপৰত ভাৰত প্ৰশান্তয়ে কেনেদৰে আছিয়ান (Asean) দৃষ্টভঙ্গীৰ লগত সহযোগ কৰিব পাৰিব?

 

আমি ইণ্ডো – পেচিফিকত নিজৰ আউট লুকৰ কাৰণে আছিয়ান(Asean) ৰ প্ৰশংসা কৰিছো,যাৰ আমাৰ নিজৰ ইণ্ডো-পেচিফিক দৃষ্টিভঙ্গিৰ লগত মহত্বপূৰ্ণ অভিসৃতি আছে,বিশেষ ৰূপে সিদ্ধান্ত আৰু দৃষ্টিকোণৰ। আমি বিশ্বাস কৰো যে ইণ্ডো পেচিফিক দৃষ্টিভঙ্গী বিকশিত কৰিবলৈ আছিয়ান(Asean)ৰ একতা আৰু কেন্দ্ৰীয়তা এক মহত্বপূৰ্ণ তত্ত্ব হব লাগে।এইটোৱে কেৱল এই অঞ্চলৰ আছিয়ান(Asean)ৰ ভৌগলিক কেন্দ্ৰীয়তাক স্বীকাৰ কৰে, অথচ এইবাবেও হয় যে আছিয়ান(Asean)ৰ নেতৃত্বৰ দ্বাৰা পৰিচালিত আঞ্চলিক তন্ত্ৰ আছে — বিশেষকৈ পূব এছিয়া শীৰ্ষক সন্মিলন,মাত্ৰ নেতাসকলৰ নেতৃত্বৰ মঞ্চ ৰূপে — এই ক্ষেত্ৰৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়সমূহ চৰ্চাৰ কাৰণে বৰ্তমান উপলব্ধ সকলোতকৈ সমাবেশী মঞ্চ।

 

সামুদ্ৰিক সুৰক্ষা,সম্পৰ্ক,অৰ্থনৈতিক বিকাশ আৰু সমঃ উন্নয়ন আমাৰ আৰু আছিয়ান(Asean)ৰ দৃষ্টিকোণত এক শান্তিপূৰ্ণ আৰু সমৃদ্ধ ইণ্ডো পেচিফিক(ভাৰত-প্ৰশান্ত) অঞ্চল বনাবৰ বাবে প্ৰাৰ্থমিক অগ্ৰাধিকাৰ। এই উদেশ্যসমূহ প্ৰাপ্ত কৰিবৰ বাবে অংশীদাৰিত্বক আগবঢ়াবলৈ আছিয়ান(Asean)ত আমাৰ অংশীদাৰ সকলৰ লগত কাম কৰিবলৈ আমি আগ্ৰহী।

 

আপুনি মেকং উপ মণ্ডলৰ বিকাশক লৈ উদ্বিগ্ন নেকি, ত বহু আঞ্চলিক শক্তিয়ে প্রতিদ্বন্দিতা কৰিছে?

 

ভাৰতৰ সেই অঞ্চলৰ দেশসমূহৰ লগত সমুদ্ৰিক,বেপাৰ,সাংস্কৃতিক আৰু সভ্যতাগত সম্বন্ধৰ এক দীঘলীয়া ইতিহাস আছে। বৰ্তমান সময়ত আমি সেই সম্বন্ধসমূহত নতুনত্ব আনিছো আৰু নতুন অঞ্চলিক অংশীদাৰিত্ব স্থাপন কৰিছো। ১৯ বছৰ পূৰ্বে মেকং-গঙ্গা সহযোগ স্থাপন তেনে এক প্ৰচেষ্টা। সম্প্ৰতি ভাৰতে থাইলেণ্ডৰ পৰিচালিত অয়াবদী-চাও ফ্ৰায়া-মেকং আৰ্থিক সহযোগ নীতি(ACMECS)ত জড়িত হয়। আমি মেকং দেশৰ সকলো মুখ্য বাহ্যিক সহযোগীসকলক একত্ৰিত কৰিম,যাতে সহঃক্ৰিয়াৰ নিৰ্মান কৰিব পাৰি আৰু সহযোগী চেষ্টাৰ দ্বিত্বতাৰ পৰা আতৰি চলিব পাৰি।

 

একে সময়তে,আমি বিশেষ পৰিচয় আৰু এই আঞ্চলিক ৰূপৰেখাৰ ওপৰতো ধ্যান দিবৰ বাবে আগ্ৰহী। ভাৰতীয় সন্দৰ্ভত,উদাহৰণস্বৰূপে,আমি আছিয়ান(Asean)-ভাৰত মতবিনিময় সম্বন্ধ,মেকং-গঙ্গা সহযোগ(MGC) আৰু বিমষ্টেক(BIMSTEC) ৰ ৰূপৰেখাত মেকং দেশসমূহৰ লগত কাম কৰি আছো। ৰূপৰেখাৰ বিষয়ৰ সমাপতিত হোৱা সত্ত্বেও,সহযোগত সাধনা,প্ৰক্ৰিয়া আৰু তীব্ৰতা ভিন্ন হয়।

 

মেকং উপ-মণ্ডলত বহুপক্ষীয় আঞ্চলিক গোটসমূহৰ সমম্বয়পূৰ্ণ সহাবস্থানৰ বাবে পৰ্যাপ্ত সুযোগ আছে আৰু এই অঞ্চলৰ প্ৰগতি আৰু সমৃদ্ধি আৰু ইয়াৰ বাহিৰৰ সহযোগীৰ কাৰণে ঐক্যৰ সন্ধান আছে।

বিমষ্টেক(BIMSTEC) ব্যাপক অধিনিয়মপূৰ্ব নীতিত কিদৰে অন্তৰ্ভূক্ত হয়?

 

বে অৱ বেংগল ইনিশ্যিয়েটিভ ফৰ মাল্টি-ছেক্টৰ টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেশ্যন(BIMSTEC) ওপৰত ভাৰতে বহু গুৰুত্ব দিছে। ই দক্ষিণ এছিয়াৰ ৫ সদস্য(বাংলাদেশ,ভূটান,ভাৰত,নেপাল আৰু শ্ৰী লংকা) আৰু দক্ষিণ পূৱ এছিয়াৰ ২ সদস্য(ম্যানমাৰ আৰু থাইলেণ্ড)ৰ মাজত এক অনন্য সম্বন্ধৰ নিৰ্মান কৰিছে।

আঞ্চলিক সহযোগীতাৰ ক্ষেত্ৰত কাঠমাণ্ডুত অনুষ্ঠিত হোৱা চতুৰ্থ বিমষ্টেক(BIMSTEC) সন্মিলনে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলালে,আৰু বিমষ্টেক(BIMSTEC) ৰ সংস্থা তন্ত্ৰৰ শক্তিশালী কৰিবৰ বাবে,যেনে বিমষ্টেক(BIMSTEC) ৰ দলিলৰ নকশা প্ৰস্তুত কৰা আৰু বিমষ্টেক(BIMSTEC) বিকাশ নিধিৰ বাবে সম্ভাৱনাৰ বিচাৰ কৰা। ভাৰতে সন্মিলনৰ ফলাফলক সফল ৰূপ দিবৰ বাবে সক্ৰিয়ভাবে ভাগ ললে। বিমষ্টেক(BIMSTEC) সহযোগীতাক আগবঢ়াই নিবৰ বাবে আৰু সুৰক্ষা,দুৰ্য্যোগ ব্যৱস্থাপনা,অৰ্থনীতি,বাণিজ্য,কৃষি,স্বাস্থ্য আৰু ডিজিটেল যোগাযোগ আদিৰ দৰে বিশাল ক্ষেত্ৰত,লগতে সাংস্কৃতিক আৰু যুৱ সম্বন্ধক আগবঢ়াই নিবলৈ ভাৰতে কৰিব বিচৰা কিছু বিষয়ৰ ঘোষণা কৰা হয়। ভাৰতে বিশ্বাস কৰে যে বিমষ্টেক(BIMSTEC) আমাৰ এক্ট ইষ্ট পলিচিৰ গুৰুত্বপূৰ্ণ অংশ।

 

পাঠক সকলে জানে যে,আমাৰ চৰকাৰৰ দ্বিতীয়বাৰৰ শপতগ্ৰহণত বিমষ্টেক(BIMSTEC) ৰ নেতাসকল উপস্থিত আছিল। আমাক এই মহান সন্মানে আমাৰ দেশ আৰু তেওঁলোকৰ নেতাসকলৰ দ্বাৰা গঠন হোৱা ঘনিষ্ঠ সম্বন্ধক স্বৰণ কৰাই।

মই বিশেষভাবে উল্লেক্ষ কৰিব বিচাৰিম যে থাইলেণ্ডে বিমষ্টেক(BIMSTEC) ৰ মাজত সহযোগীতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 

আৰ চি ই পি(RCEP) বেপাৰ চুক্তিত চামিল হবৰ বাবে ভাৰত অনিচ্ছুক। আপুনি ভাবে নিকি যে এইবছৰ আৰ চি ই পি(RCEP) বাৰ্তা সম্পন্ন হব পাৰে,আৰু সেই লক্ষ্যক প্ৰাপ্ত কৰিবলৈ কি কৰিব লাগিব?

 

ভাৰত আজি ব্যৱসায়ৰ বাবে বিশ্বৰ সকলোতকৈ মুক্ত স্থানসমূহৰ মাজত অন্যতম। যোৱা ৫ বছৰত বিশ্ববেঙ্কৰ “ইজ অৱ ডুইং বিজনেচ” ইনডেক্সত ১৪২ পৰা ৬৩ লৈ আমি কৰা উন্নতিত ইয়াৰ প্ৰতিফলন হয়। আমি অৰ্থব্যৱস্থাক একত্ৰিত কৰি আৰু দৰিদ্ৰৰ উত্থানৰ কাৰণে বিশ্ব বাণিজ্যৰ শক্তিত বিশ্বাস কৰো।

 

চলি থকা আৰ চি ই পি(RCEP) আলোচনাত এক ব্যাপক আৰু সন্তুলিত ফলাফলৰ বাবে ভাৰত প্ৰতিবদ্ধ। ইয়াৰ সফল সমাপ্তি সকলৰে হিতৰ বাবে।সেয়েহে,ভাৰতে পণ্য,সেৱা আৰু বিনিয়োগৰ লগতে প্ৰত্যেক স্তম্ভৰ ভিতৰতো সন্তুলন বিচাৰে।

 

আমি পণ্যৰ ওপৰত নিজৰ অংশীদাৰসকলৰ উচ্চাকাংক্ষাৰ বিষয়ে জানো। আমিও এক সফল পৰিনাম বিচাৰো। আমি বিশ্বাস কৰো যে ইয়াৰ বাবে,অস্থিতিশীল বাণিজ্যৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভঙ্গিক ব্যক্ত কৰাটো গুৰত্বপূৰ্ণ। এইটো বিচাৰ কৰাতোও জৰুৰী যে বিশাল ভাৰতীয় বজাৰ মুক্ত কৰাৰ কিছু ক্ষেত্ৰৰ মুকলিত মিল থাকিব লাগে যাতে আমাৰ ব্যৱসায়ীসকলো লাভান্বিত হব পাৰে।

 

আমি স্পষ্টকৈ উচিত প্ৰস্তাৱ আগবঢ়াইছো আৰু নিষ্ঠা সহকাৰে আলোচনাত অংশগ্ৰহণ কৰিছো। আমি তেওঁলোকৰ সংবেদনাত্মক দিশটো সম্বোধন কৰিবলৈ প্ৰস্তুত হোৱাৰ স্বত্তেও,যিদৰে আমি তেওঁলোকৰ সংবেদনশীলতাক সম্বোধন কৰিবলৈ প্ৰস্তুত,সেইদৰে আমি অংশীদাৰ সমূহৰ সেৱা মহত্বাকাঙ্ক্ষা স্তৰটোকো চাব বিচাৰো।

 

সামগ্ৰিকভাবে,আমি স্পষ্ট যে পাৰস্পৰিকভাবে লাভদায়ক আৰ ই চি পি(RCEP),ত সকলো পক্ষ্যই উচিত লাভ আহৰণ কৰে,ভাৰতৰ হিতৰ বাবে আৰু সকলো অংশীদাৰে আলোচনাত অংশগ্ৰহণ কৰে

 

*****

 

VRRK/KP