Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘মন কী বাত ২.০’ৰ নৱম খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান


‘মন কী বাত ২.০’ৰ নৱম খণ্ডত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ এক ঘটনাৰ বিষয়ে উল্লেখ কৰে যিয়ে বহু ভাৰতীয়কে অনুপ্ৰেৰিত কৰি তুলিব পাৰে৷ তেওঁ কয় যে বিহাৰৰ পুৰ্ণিয়াবাসীয়ে সমগ্ৰ দেশতে প্ৰেৰণাদায়ক কাম কৰিছে৷ বহু দশকজুৰি বান অধ্যূষিত এই অঞ্চলটোৰ বাসিন্দাসকলৰ বাবে কৃষি কাৰ্য তথা উপাৰ্জনৰ আন উৎসৰ বিষয়ে চিন্তা কৰাটো কঠিন হৈ পৰিছিল৷ পুৰ্ণিয়াৰ মহিলাসকলে পূৰ্বতে ৰেচম কীটৰ পৰা লেটা উলিয়াই ব্যৱসায়ীসকলক অতি কম দামত বিক্ৰী কৰিছিল আৰু ব্যৱসায়ীসকলে ইয়াৰ পৰা সুতা উলিয়াই প্ৰচুৰ মুনাফা লাভ কৰিছিল৷ কিন্তু পুৰ্ণিয়াৰ মহিলাসকলে এটা ভিন্ন পথ গ্ৰহণ কৰি চৰকাৰৰ সাহায্যত নিজে সেই লেটাৰ পৰা সুতা উলিয়াই শাৰী উৎপাদনৰ সৈতে জড়িত হ’ল আৰু ইয়াৰ দ্বাৰা প্ৰচুৰভাৱে লাভান্বিতও হ’ল, তেওঁ এইদৰে কয়৷

প্ৰধানমন্ত্ৰীয়ে বাৰ বছৰ বয়সতে এণ্ডিজ পৰ্বতমালাৰ ৭০০০ মিটাৰ উচ্চতাৰ একনকাগুৱা শৃংগ জয় কৰা কাম্যা কাৰ্তিকেয়নৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয়, ‘‘তেওঁ এতিয়া ‘‘মিছন সাহস’’ শীৰ্ষক এক নতুন অভিযানৰ সৈতে জড়িত হৈছে, ইয়াৰ অধীনত তেওঁ সকলো মহাদেশৰ উচ্চতম শৃংগসমূহ জয় কৰাৰ বাবে প্ৰয়াস কৰিব৷’’ প্ৰধানমন্ত্ৰীয়ে কাম্যাৰ অদমনীয় সাহস তথা সকলোকে ফিট হৈ থকাৰ প্ৰেৰণা যোগোৱাৰ বাবে প্ৰশংসা কৰে আৰু ‘মিছন সাহস’ৰ সফলতা কামনা কৰে৷ ভাৰতৰ ভৌগোলিক আকাৰে কিদৰে আমাৰ দেশৰ অভিযানকাৰীসকলৰ বাবে অনেক অৱকাশৰ সৃষ্টি কৰিছে, সেই বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে নিজৰ বাচনি অনুসাৰে স্থান নিৰ্ধাৰণ কৰি জীৱনটোত অভিযানক সংবদ্ধ কৰি ল’বলৈ আহ্বান জনায়৷

ইয়াৰ পিছত তেওঁ কেৰেলাৰ কল্লাম নিবাসী ১০৫ বৰ্ষীয় ভাগিৰথী আম্মাৰ কথা উল্লেখ কৰে যিয়ে অতিশয় কম বয়সকে মাতৃ আৰু স্বামীক হেৰুৱাবলগীয়া হয়৷ তেওঁ ১০৫ বছৰ বয়সত বিদ্যালয়লৈ যোৱা আৰম্ভ কৰি চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত ৭৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাগিৰথী আম্মাৰ দৰে লোকসকলেই হ’ল দেশৰ প্ৰধান শক্তি আৰু আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ অন্তহীন স্ৰোত৷

তেওঁ মোৰাদাবাদৰ হামিৰপুৰ গাঁৱৰ জন্মৰ পৰাই দিব্যাংগ চলমানৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে চলমানে জীৱনৰ কঠিনতা পৰিহাৰ কৰি আশা নেহেৰুৱাই নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ এইদৰে তেওঁ অন্য দিব্যাংগ লোককো সহায় কৰিছিল৷ চলমানে নিজৰ গাঁৱতেই চেণ্ডেল নিৰ্মাণ আৰু ডিটাৰজেণ্ট প্ৰস্তুত কৰা কাম আৰম্ভ কৰিছিল আৰু তেওঁৰ সৈতে যোগদান কৰিছিল আন ৩০ গৰাকী দিব্যাংগ লোকে৷

সেই একেই ইচ্ছাশক্তিৰ আন এটা উদাহৰণ প্ৰস্তুত কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ কচ্ছ এলেকাৰ আজৰক গাঁৱৰ বাসিন্দাসকলৰ বিষয়ে উল্লেখ কৰে৷ ২০০১ চনৰ প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছত অধিকাংশ গাঁওবাসীয়ে গাঁও এৰি গৈছিল৷ কিন্তু ইছমাইল খট্ৰী নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ ঠাইতেই থকাৰ সিদ্ধান্ত গ্ৰহণ কৰি ‘আজৰক প্ৰিণ্ট’ৰ পৰা পৰম্পৰাগত কলা বিকশিত কৰাৰ দায়িত্ব গ্ৰহণ কৰিলে৷ চাওতে চাওতে আনসকল লোকেও তেওঁক এই কামত সহায় কৰিবলৈ ধৰিলে আৰু সমগ্ৰ গাঁওখনেই তেওঁলোকৰ নিজৰ পৰম্পৰাগত কলা বিকশিত কৰাৰ কামত ব্ৰতী হ’ল৷

প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ উদযাপিত মহা শিৱৰাত্ৰিৰ বাবে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ কয়, ‘‘মহা শিৱৰাত্ৰিৰ এই পাৱন পৰ্বত আপোনাক ভোলে বাবাৰ দ্বাৰা আশীৰ্বাদপুষ্ট হওক…ভগৱান শিৱই যাতে আপোনালোকৰ মনোইচ্ছা পূৰণ কৰে…আপোনালোক শক্তিশালী, স্বাস্থ্যৱান হওক…আৰু দেশৰ বাবে কৰ্তব্যত নিয়োজিত হওক৷’’

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আগন্তুক দিনত হোলীৰ উৎসৱৰ ঠিক পিছতে গুড়ী-পৰৱাও পালন কৰা হ’ব৷ নৱৰাত্ৰিৰ পৰ্বও ইয়াৰ সৈতে জড়িত৷ ৰাম-নৱমীৰ পৰ্বও আহিব৷ পৰ্ব আৰু উৎসৱ, আমাৰ দেশৰ সামাজিক জীৱনৰ এক অভিন্ন অংগ৷ প্ৰতিটো উৎসৱৰ অন্তৰালত কোনোবাটো সামাজিক বাৰ্তা লুকাই থাকে যিয়ে কেৱল সমাজকেই নহয়, সমগ্ৰ দেশকেই একতাৰ ডোলেৰে বান্ধি ৰাখে৷’’

***

VRRK/AK/MANN