প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠকত স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়টো ২০১৪–২৫ চনলৈ অনুমোদন জনোৱা হৈছে। এই দ্বিতীয় পৰ্যায়টোৰ যোগেদি এই অভিযানে মুকলিত মলত্যাগ মুক্ত – প্লাছ অৰ্থাৎ ODF Plus ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ইয়াত সন্নিৱিষ্ট হৈ থাকিব মুকলিত মলত্যাগ মুক্তৰ দীৰ্ঘম্যাদীতা বা স্থায়ীত্ব আৰু গোটা আৰু জুলীয়া আৱৰ্জনা ব্যৱস্থাপনা। এই অভিযানে লগতে এই কথা নিশ্চিত কৰিবৰ বাবেও কাম কৰিব যে শৌচালয় ব্যৱহাৰ কৰাৰ পৰা কোনো লোক যেন বাদ নপৰে অৰ্থাৎ প্ৰতিগৰাকী লোকেই যেন শৌচালয় ব্যৱহাৰ কৰে।
স্বচ্ছ ভাৰত অভিযান – গ্ৰামীণৰ দ্বিতীয় পৰ্যায়টো ২০২১–২২ বৰ্ষৰ পৰা ২০১৪–২৫ বৰ্ষলৈ কাৰ্যকৰীকৰণ কৰা হ’ব আৰু এই সময়ছোৱাত এই অভিযানৰ বাবে ব্যয় কৰা হ’ব মুঠ ১,৪০,৮৮১ কোটি টকা। বিত্তায়নৰ বিভিন্ন পৰ্যায়ৰ মাজত চলিব এই অভিযান। ইয়াৰে ৫২,৪৯৭ কোটি টকা আবণ্টন দিয়া হ’ব খোৱাাপানী আৰু অনাময় বিভাগৰ বাজেটৰ পৰা, আৰু বাকী ধনখিনি পঞ্চদশ বিত্ত আয়োগৰ বিভিন্ন শিতানৰ পৰা, এনৰেগা (MGNREGS) আৰু বিভিন্ন ৰাজহ সৃষ্টি ব্যৱস্থাৰ যোগেদি আহৰণ কৰা হ’ব, বিশেষকৈ গোটা আৰু জুলীয়া আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে।
এই আঁচনিৰ অধীনত ব্যক্তিগত ঘৰুৱা শৌচালয় নিৰ্মাণক উদগনি যোগাবৰ বাবে পূৰ্বৰে পৰা থকা মানদণ্ড অনুসৰি নতুন পৰিয়াল তথা ঘৰলৈ ১২০০০ কৈ ধন প্ৰদান কৰাৰ ব্যৱস্থা থাকিব। মানদণ্ড যুক্তিসংগত কৰি তোলা হৈছে আৰু পৰিয়ালৰ সংখ্যা অনুসৰি জনমুৰি আয়লৈ সেয়া পৰিৱৰ্তন কৰা হৈছে। ইয়াৰ উপৰিও গাওঁ পঞ্চায়তসমূহক গ্ৰামীণ স্তৰত ৰাজহুৱা স্বচ্ছতা পৰিসৰ নিৰ্মাণৰ বাবে বিত্তীয় সাহায্য পূৰ্বৰ ২ লাখৰ পৰিৱৰ্তে ৩ লাখলৈ বৃদ্ধি কৰা হৈছে।
এই কাৰ্যসূচীৰ পৰিচালনা দিক-নিৰ্দেশনা অনুসৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা পৰিচালনা কৰা হ’ব, যিটো অতিশীঘ্ৰেই ৰাজ্যসমূহৰ বাবে জাৰি কৰা হ’ব। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সকলো কাৰকৰ বাবেই পুঁজি বিতৰণৰ ভেটি পূৰ্বোত্তৰৰ বাজ্য তথা হিমালয় প্ৰান্তীয় ৰাজ্যসমূহ আৰু জম্মু-কাশ্মীৰৰ মাজত ৯০:১০, হিচাপত আৰু অন্যান্য ৰাজ্যসমূহৰ ক্ষেত্ৰত ৬০:৪০ হিচাপত আগবঢ়োৱা হ’ব, ইফালে অন্যান্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত এই অনুপাত হ’ব ১০০:০।
অ’ডিএফ প্লাছৰ SLWM কাৰকৰ তদাৰকী চাৰিটা মুখ্য ক্ষেত্ৰৰ আউটপুট-আউটকাম সংকেতবোৰৰ আধাৰত কৰা হ’ব, সেয়া হ’ব : প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা, জৈৱিকভাৱে নিষ্কাষণ কৰিব পৰা গোটা আৱৰ্জনা (য’ত পশুৰ পৰা সৃষ্টি হোৱা আৱৰ্জনা ব্যৱস্থাপনাও চামিল হৈ থাকিব), ধূসৰ জল ব্যৱস্থাপনা আৰু মলযুক্ত বোকা ব্যৱস্থাপনা।
স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ দ্বিতীয় পৰ্যায়টোৱে নিয়োগ সৃষ্টি আৰু গ্ৰামীণ অৰ্থব্যৱস্থাক ঘৰুৱা শৌচালয় নিৰ্মাণ আৰু ৰাজহুৱা শৌচালয় নিৰ্মাণৰ মাধ্যমেৰে উৎসাহিত কৰাত ব্ৰতী থাকিব। তাৰ লগতে SLWM ৰ বাবে বুনিয়াদী ভেটিৰ দৰে গাঁত, শোষক গাঁত, আৱৰ্জনা জমা কৰিবৰ বাবে খাল, শোধন ব্যৱস্থা আদিও থাকিব।
২ অক্টোবৰ ২০১৪ তাৰিখে স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ প্ৰাৰম্ভতে দেশত গ্ৰামীণ স্বচ্ছতা কাভাৰেজ দেখা গৈছিল ৩৮.৭ শতাশ। এই অভিযান আৰম্ভ হোৱাৰ পিছত ইয়াৰ অধীনত ১০ কোটিতকৈও অধিক ব্যক্তিগত শৌচালয় নিৰ্মাণ কৰা হ’ল, আৰু ইয়াৰ ফলশ্ৰুতিতেই দেশৰ আটাইকেইখন ৰাজ্যৰে গ্ৰামাঞ্চলবোৰ ২০১৯ চনৰ ২ অক্টোবৰ তাৰিখলৈ মুকলিত মলত্যাগমুক্ত হৈ পৰিল, অৰ্থাৎ মাত্ৰ পাচটা বছৰৰ ভিতৰতে সমগ্ৰ দেশৰ ৰাজ্যবোৰৰ গ্ৰামাঞ্চল অ’ডিএফ হিচাপে ঘোষণা কৰিব পৰা হৈ পৰিল। তৎসত্ত্বেও খোৱাপানী আৰু স্বচ্ছতা বিভাগে দেশৰ আটাইবোৰ ৰাজ্যকে পৰামৰ্শ দিয়ে যে এই কথাৰ পুনঃনিশ্চিতি কৰক যে, কোনো গ্ৰামীণ পৰিয়াল বা ঘৰ এনেকুৱা নাথাকক, যিয়ে শৌচালয়ৰ ব্যৱহাৰ কৰিবলৈ পোৱা নাই। আৰু এই নিশ্চয়তাকৰণৰ সময়ত যদিহে এনে কোনো পৰিয়াল পোৱা যায়, তেন্তে তেওঁলোকৰ ঘৰত শৌচালয় নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় প্ৰদান কৰিব লাগে, যাতে এই কাৰ্যসূচীৰ পৰা কোনো বাদ নপৰে।
স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেবিনেটৰ এই অনুমোদনৰ যোগেদি গ্ৰামীণ ভাৰতে গোটা আৰু জুলীয়া আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰত্যাহ্বান ফলপ্ৰসূ ৰূপেৰে গ্ৰহণ কৰিবলৈ আৰু ইয়াৰ যোগেদি দেশত গ্ৰামীণ জনজীৱনৰ স্বাস্থ্যৰ দিশত যথেষ্ট উন্নয়ন সাধনৰ ক্ষেত্ৰত সহায় হ’ব।
*****
VRRK/SC/RD