প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ভাৰত চৰকাৰৰ অধীনস্থ ইলেক্ট্ৰ’নিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনৰ ভাস্কৰাচাৰ্য মহাকাশ অনুপ্ৰয়োগ আৰু ভু-তথ্য সংস্থা, (বিআইএছএজি) গুজৰাটক ভাস্কৰাচাৰ্য ৰাষ্ট্ৰীয় মহাকাশ অনুপ্ৰয়োগ আৰু ভু-সূচনা সংস্থা (বিআইএছএজি(এন))ৰ হিচাপে উত্তৰণ কৰাৰ বাবে যাৱতীয় স্বীকৃতি প্ৰদান কৰিছে।
লাভালাভবোৰ
পটভূমি
সম্প্ৰতি BISAG ত গুজৰাট চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ এক ৰাজ্যিক এজেন্সি আছে, যিটো আছে গুজৰাটৰ গান্ধীনগৰত। ইয়াত আহমেদাবাদৰ ছেৰিটি কমিশ্যনাৰৰ সৈতে এক ছ’চাইটি আৰু ট্ৰাষ্ট হিচাপে এইখন পঞ্জীভুক্ত হৈ আছে। ইয়াৰ প্ৰশাসনিক নিকায়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ ৰে গুজৰাট চৰকাৰৰ মুখ্য সচিবে। ইয়াৰ ঘোষণাপত্ৰ এই দৰ্শনৰ ওপৰত আধাৰিত যে সমগ্ৰ বিকাশৰ বৰ্তমানৰ যোজনাৰ বাবে পাৰদৰ্শী, নিপুণ আৰু কম ব্যয়সাপেক্ষ নিৰ্ণয় প্ৰণালীৰ প্ৰয়োজনীয়তা আছে। ইয়াত ভালেমান অনুশাসনমূলক তথ্যও সন্মিলিত হৈ আছে, যিয়ে কেৱল জনসাধাৰণৰ অংশগ্ৰহণকেই উৎসাহিত নকৰে, বৰঞ্চ সমমান বিকাশো সুনিশ্চিত কৰে। মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ (বিশেষকৈ মহাকাশভিত্তিক দূৰ সংযোগ ব্যৱস্থা), উপগ্ৰহ সঞ্চাৰ আৰু ভুমি তথ্যই আৰ্থ-সামাজিক বিকাশৰ দিশেৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
যিহেতু ই এক নতুন সংগঠন নহয়, আৰু ই হৈছে বৰ্তমান নিকায়ৰেই এক উত্থানপ্ৰাপ্ত সংস্থা, গতিকে ইয়াক এতিয়া ৰাজ্য চৰকাৰৰ পৰিৱৰ্তে কেন্দ্ৰ চৰকাৰৰ অধীনৰ স্বায়ত্ত্ব শাসিত বিজ্ঞান সংস্থা হিচাপে গণ্য কৰা হ’ব। প্ৰস্তাৱৰ ওপৰত আলোচনা কৰিবলৈ ইলেক্ট্ৰ’নিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ দ্বাৰা নিম্নোল্লিখিত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে –
******
VRRK/SC