কেন্দ্ৰীয় কেবিনেটে আজি ‘সহযোগিতা ভিত্তিক গৰ্ভধাৰণ প্ৰযুক্তি নিয়ন্ত্ৰণ বিধেয়ক, ২০২০’ শীৰ্ষক এক ঐতিহাসিক বিধেয়ক উথ্থাপনৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। সংসদত ‘ভেৰোণীয়া মাতৃত্ব নিয়ন্ত্ৰণ বিধেয়ক, ২০২০’ উথ্থাপন কৰাৰ লগতে ‘চিকিত্সাৰ জৰিয়তে গৰ্ভাৱস্থা সমাপ্তি সংশোধন বিধেয়ক, ২০২০’লৈ অনুমোদনটনোৱাৰ পিছত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। দেশৰ মহিলাসকলৰ কল্যাণ সাধনৰ ক্ষেত্ৰত এই বিধেয়ক দৃষ্টান্তমূলক পদক্ষেপ হিচাপেই চিহ্নিত হ’ব।
সংসদত বিধেয়কখনে অনুমোদন লাভ কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে আইনখনৰ বলবত্কৰণৰ তাৰিখ ঘোষণা কৰিব। পৰৱৰ্তী পৰ্যায়ত আইনখন প্ৰবৰ্তনৰ বাবে এখন ৰাষ্ট্ৰীয় পৰিষদ গঠনৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই পৰিষদে চিকিত্সা প্ৰতিষ্ঠানসমূহত কৰ্মৰত ব্যক্তিসকলে পালন কৰিবলগীয়া আচৰণ বিধি যুগুতোৱাৰ লগতে চিকিত্সা প্ৰতিষ্ঠানসমূহত থাকিবলগীয়া যন্ত্ৰ-পাতি তথা আন্তঃগাঁথনিৰ মান, পৰীক্ষাগাৰ আৰু ৰোগ-বিশ্লেষণৰ বাবে প্ৰয়োজন হোৱা সা-সৰঞ্জাম আৰু প্ৰতিষ্ঠানসমূহত বিশেষজ্ঞ চিকত্সক তথা কৰ্মীৰ মকৰল আদিৰ দৰে প্ৰসংগসমূহৰ বাবে বিধি নিয়ম প্ৰস্তুত কৰিব।
কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰাৰ পৰৱৰ্তী তিনি মাহৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ৰাজ্যিক পৰ্যায়ৰ পৰিষদ আৰু ৰাজ্যিক প্ৰাধিকাৰীৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। ৰাষ্ট্ৰীয় পৰিষদে যুগুতোৱা বিধি-ব্যৱস্থাসমূহৰ ৰূপায়ণৰ দায়িত্ব বহণ কৰিব এই ৰাজ্যিক পৰিষদসমূহে।
ৰাষ্ট্ৰীয় পৰিষদখনক তথ্য-পাতিৰে সহযোগিতা আগবঢ়াব পৰাকৈ এক কেন্দ্ৰীয় তথ্য-ভাণ্ডাৰ গঢ়ি তোলাৰ বাবে এক ৰাষ্ট্ৰীয় পঞ্জী আৰু পঞ্জীয়ণ প্ৰাধিকাৰী গঠনৰো পোষকতা কৰা হৈছে বিধেয়কখনত। লিংগ নিৰ্ধাৰণ অপচেষ্টা, মানৱ-ভ্ৰুণৰ বেহা, এনে বেহাৰ পোহাৰ মেলাৰ দৰে অবৈধ কৰ্ম-কাণ্ডৰে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰো প্ৰস্তাৱ আগবঢ়োৱা হৈছে বিধেয়কখনত।
লাভসমূহ
প্ৰস্তাৱিত আইনখনে দেশত ‘সহযোগিতা ভিত্তিক গৰ্ভধাৰণ প্ৰযুক্তি সেৱা’ৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাটো হব আইনখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপযোগিতা। ইয়াৰ পৰণতিত নিসন্তান দম্পত্তিয়ে চিকিত্সাৰ ক্ষেত্ৰত নৈতিক অনুশীলনৰ অধিক নিশ্চয়তা তথা বিশ্বাস আদায় কৰিবলৈ সক্ষম হব।
পটভূমি
‘সহযোগিতা ভিত্তিক গৰ্ভধাৰণ প্ৰযুক্তিনিয়ন্ত্ৰণ বিধেয়ক’খন কেন্দ্ৰীয় চৰকাৰে মহিলাৰ গৰ্ভধাৰণ অধিকাৰৰ ৰক্ষণা-বেক্ষণৰ লগতে সুৰক্ষা দানৰ বাবে অনুমোদন জনোৱা শেহতীয়া বিধেয়কলানিৰ অতি শেহতীয়া পদক্ষেপ। ইয়ে দেশত সহযোগিতা ভিত্তিক গৰ্ভধাৰণ প্ৰযুক্তি ব্যৱস্থাটোৰ নৈতিক অনুশীলন নিশ্চিত কৰিব।
‘সহযোগিতা ভিত্তিক গৰ্ভধাৰণ প্ৰযুক্তি’চমুকৈ ‘এআৰটি’ শেহতীয়া কেইটামান বছৰত বিকশিত হোৱা ব্যৱস্থা। ভাৰতত এনে ‘এআৰটি’ কেন্দ্ৰৰ সংখ্যা দ্ৰুতগতিৰে পোৱাৰ লগতে বছৰি এনে প্ৰযুক্তিৰে সন্তান জন্মৰ পৰিসংখ্যাও বঢ়িবলৈ লৈছে।‘ইনভাৰ্টো ফাৰ্টিলাইজেশ্যন’(আইভিএফ)কে ধৰি ‘সহযোগিতা ভিত্তিক গৰ্ভধাৰণ প্ৰযুক্তি’য়ে নিঃসন্তান দম্পত্তিৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও কেতবোৰ ন্যায়িক, নৈতিক আৰু সামাজিক সমস্যাৰ অৱতাৰণাও কৰিবলৈ লৈছে। প্ৰযুক্তিৰ সহযোগিতাৰে সন্তান জন্ম দি নিঃসন্তান দম্পত্তিৰ সংসাৰলৈ আনন্দৰ বতৰা কঢ়িয়াই অনাৰ ক্ষেত্ৰত গোলকীয় প্ৰেক্ষাপটত ভাৰতে ইতিমধ্যেই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে ই ভাৰতত ‘মেডিকেল টুৰিজম’ৰো বিপুল সম্ভাৱনীয়তা কঢ়িয়াই আনিছে। ভাৰতৰ চিকিত্সা প্ৰতিষ্ঠানসমূহে শুক্ৰাণুৰ দান, ‘আইএউআই’, ‘আইভিএফ’, ‘আইচিএছআই’, ‘পিজিডি’ তথা ‘ভেৰোণীয়া মাতৃত্ব’ৰ দৰে প্ৰায় সকলোবোৰ ‘এআৰটি’ ব্যৱস্থাই আগবঢ়ায়। আৱশ্যে ইমানবোৰ ব্যৱস্থা উপলব্ধ হ’লেও এইবোৰৰ মান নিৰূপণ কিম্বা ইয়াৰ তদৰকীৰ পৰ্যাপ্ত দিহা এই পৰ্যন্ত ভাৰতত হোৱা নাছিল বুলিয়ে উল্লেখ কৰিব লাগিব।
ভেৰোণীয়া মাতৃত্ব নিয়ন্ত্ৰণ বিধেয়ক, ২০২০
‘ভেৰোণীয়া মাতৃত্ব নিয়ন্ত্ৰণ বিধেয়ক, ২০২০’য়ে ভাৰতত ভেৰোণীয়া মাতৃত্বৰ বিধি-ব্যৱস্থা প্ৰবৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে। আইনখন প্ৰবৰ্তনৰ বাবে এখন ৰাষ্ট্ৰীয় পৰিষদ গঠনৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই পৰিষদে চিকিত্সা প্ৰতিষ্ঠানসমূহত কৰ্মৰত ব্যক্তিসকলে পালন কৰিবলগীয়া আচৰণ বিধি যুগুতোৱাৰ লগতে চিকিত্সা প্ৰতিষ্ঠানসমূহত থাকিবলগীয়া যন্ত্ৰ-পাতি তথা আন্তঃগাঁথনিৰ মান, পৰীক্ষাগাৰ আৰু ৰোগ-বিশ্লেষণৰ বাবে প্ৰয়োজন হোৱা সা-সৰঞ্জাম আৰু প্ৰতিষ্ঠানসমূহত বিশেষজ্ঞ চিকত্সক তথা কৰ্মীৰ মকৰল আদিৰ দৰে প্ৰসংগসমূহৰ বিধি নিয়ম প্ৰস্তুত কৰিব।
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ৰাজ্যিক পৰ্যায়ৰ পৰিষদ আৰু ৰাজ্যিক প্ৰাধিকাৰীৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় পৰিষদে যুগুতোৱা বিধি-ব্যৱস্থাসমূহৰ ৰূপায়ণৰ দায়িত্ব বহণ কৰিব। বিধেয়কখন ইতিমধ্যে বিশেষজ্ঞ সমিতিয়ে পৰীক্ষা কৰি যোৱা ৫ফেব্ৰুৱাৰী,২০২০ তাৰিখে ৰাজ্যসভাত উথ্থাপন কৰিছে। সকলো ধৰণৰ অনৈতিক আৰু বাণিজ্যভিত্তিক ভেৰোণীয়া মাতৃত্ব বাৰণ কৰি কেতবোৰ বাধ্যবাধকতা মানি চলাৰ ভিত্তিত ভাৰতীয় দম্পত্তি, ভাৰতীয় মূলৰ দম্পত্তি আৰু ভাৰতীয় মহিলা(বিধৱা অথবা বিবাহ-বিচ্ছেদ হোৱা)ৰ ক্ষেত্ৰতহে নৈতিক ভেৰোণীয়া মাতৃত্বক অনুমোদন জনোৱা হৈছে।
চিকিত্সাৰ জৰিয়তে গৰ্ভাৱস্থা সমাপ্তি সংশোধনী বিধেয়ক, ২০২০
‘চিকিত্সাৰ জৰিয়তে গৰ্ভাৱস্থা সমাপ্তি সংশোধনী আইন, ১৯৭১’ৰ ৩৪নং দফাৰ আধীনত কোনো পঞ্জীয়ণ ভুক্ত বিশেষজ্ঞ চিকিত্সকৰ তত্বাৱধানত বিশেষ পৰিস্থিতিত গৰ্ভৱস্থাৰ সমাপ্তিৰ ন্যায্যতা প্ৰদান কৰা হৈছিল। নিৰাপদ, বহণযোগ্য ব্যয় সাপেক্ষ, গৰ্ভপাতৰ গুৰুত্বকে এই আইনখনে স্বীকৃতি প্ৰদান কৰিছে। ভ্ৰুণৰ বিসংগতি, গৰ্ভধাৰণৰ বিসংগতি, যৌন আতিশয্য আদিৰ পৰিণতিত গৰ্ভপাতৰ গোঁহাৰি জনাই দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ লগতে উচ্চতম ন্যায়ালয়তো কৰা বহুবোৰ লেখ আবেদন কৰা হৈছিল।
VRRK/SC/KB