Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘গান্ধী@১৫০’ শীৰ্ষক ৰাষ্ট্ৰীয় স্মাৰক সমিতিৰ দ্বিতীয় বৈঠক সম্বোধন কৰিলেপ্ৰধানমন্ত্ৰীয়ে


মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্ম জয়ন্তী উপলক্ষে গঠন কৰা ৰাষ্ট্ৰীয় স্মাৰক সমিতিৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিতদ্বিতীয়খন বৈঠকত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভাষণ প্ৰদান কৰে। মাননীয় ৰাষ্ট্ৰপতি মহোদয়ে সভাপতিত্ব কৰা বৈঠকখনত মাননীয় উপ ৰাষ্ট্ৰপতি মহোদয়কে ধৰি ৰাষ্ট্ৰীয় সমিতিখনৰ অন্যান্য সদস্যসকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকল, বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল, বিশিষ্ট গান্ধীবাদী নেতাসকল উপস্থিত থাকে। উল্লেখ্য যে, সমতিখনৰ একমাত্ৰ বিদেশী সদস্য পৰ্টুগালৰ মহামহিম প্ৰধানমন্ত্ৰী এণ্টনিও কোষ্টাও এই বৈঠক উপস্থিত থাকে।

বৈঠকত প্ৰদান কৰা ভাষণত ৰাষ্ট্ৰপতি মহোদয়ে জাতিৰ পিতাৰ ১৫০সংখ্যক জন্ম জয়ন্তীৰ বিভিন্ন কাৰ্যক্ৰম যেনে,টস্বচ্ছ ভাৰত অভিযানট, পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে ৰূপায়িত কাৰ্যক্ৰম যেনে ‘এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক’ৰ প্ৰচলন বন্ধ কৰাৰ দৰে উদ্যোগক প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন সমিতিখনে এক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে সংশ্লিষ্ট সকলোকে অভিনন্দন জ্ঞাপন কৰে।

বৈঠকত প্ৰধানমন্ত্ৰীয়ে গান্ধীজীৰ স্মৃতিচাৰণ কৰি সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰি উলিওৱা স্মাৰক গ্ৰন্থখনৰ লগতে ‘এন এন্থল’জী অন গান্ধীজী’ শীৰ্ষক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰি উলিওৱা আন এখন গ্ৰন্থ আনুষ্ঠানিক ভাবে উন্মোচন কৰে। সোৱঁৰণি গ্ৰন্থখনত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ১২৬গৰাকী বিশিষ্ট ব্যক্তিয়ে গান্ধী-দৰ্শন সন্দৰ্ভত তেওঁলোকৰ অভিজ্ঞতাৰ সুন্দৰ বাখ্যা দাঙি ধৰিছে। অনুষ্ঠানত গান্ধীজীৰ জীৱনাল্লেখ্য সম্বলিত চুটি ছবি এখনো প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মহাত্মাৰ স্মৃতিচাৰণ কাৰ্যক্ৰম সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সমিতিৰ প্ৰথম বৈঠকত বিভিন্নজন শুভানুধ্যায়ীয়ে আগবঢ়োৱা দিহা-পৰামৰ্শই বিশেষ সহায় কৰাৰ লগতে গান্ধীজীৰ জন-অংশীদাৰিত্বৰ দৰ্শন সম্পৰ্কীয় এক কাৰ্যক্ৰমো সাৰ্থক ৰূপত কৰি তুলিব পৰা গৈছে বুলি মন্তব্য কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে, আজিৰ পৃথিৱীয়ে গান্ধীজীৰ বিষয়ে অধিক জনাৰ বাবে উত্সুক হৈ থকাৰ লগতে তেওঁৰ দৰ্শন গ্ৰহণ কৰাৰ বাবে সাজু হৈ আছে। এনে প্ৰেক্ষাপটতত গান্ধীজীৰ প্ৰাসংগিকতা আৰু দৰ্শন সম্পৰ্কে জগতবাসীক সোঁৱৰাই ৰখাৰ দায়িত্ব ভাৰতে গা-পাতি ল’বই লাগিবও তেওঁ মন্তব্য কৰে।ইফালে ভাৰতৰ লগতে পৰ্টুগালতো বৰ্ষ জোৰা গান্ধীজীৰ স্মৰণ কাৰ্যক্ৰমত সক্ৰিয় ভাবে জড়িত হোৱা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰ্টুগালৰ প্ৰধানমন্ত্ৰীক বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে, ‘গান্ধী@১৫০’ কেৱল এক এবছৰীয়া কাৰ্যক্ৰমেই নহয়। বৰং দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে গান্ধীজীৰ চিন্তা আৰু দৰ্শনক জীৱনৰ প্ৰতিটো মুহূৰ্তৰ পাথেয় কৰি লোৱাৰ প্ৰয়োজনীয়তা আছে। তেওঁ কয়, চৰকাৰী ভাবে উদযাপন কৰি অহা অনুষ্ঠানসমূহতকৈ ‘গান্ধী@১৫০’ৰ বিশেষ পাৰ্থক্য আছে। ই ইতিমধ্যে জনতাৰ কাৰ্যক্ৰমৰ ৰূপ পৰিগ্ৰহ কৰাৰ লগতে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক গৌৰৱৰ সমল হিচাপে পৰিগণিত হৈছে।

‘স্থানীয় সামগ্ৰী ক্ৰয় কৰা’ৰ বাবে লালকিল্লাৰ পৰা জনোৱা আহ্বান দোহাৰিলে প্ৰধানমন্ত্ৰীয়ে। গান্ধীজীৰ দৰ্শনৰ এই বুনিয়াদী মন্ত্ৰই স্বাভাৱিকতেই দেশৰ উন্নয়ন আৰু প্ৰগতিক শক্তি প্ৰদান কৰিব। তেওঁ আমাৰ স্বাধীনতাৰ ৭৫সংখ্যক জয়ন্তী উদযাপনৰ বৰ্ষ, অৰ্থাত ২০২২ চন পৰ্যন্ত আনকি আজীৱন এই মন্ত্ৰ দেশৰ প্ৰতিগৰাকী নাগৰিককে আওৰাই থাকিবলৈ আহ্বান জনায়। প্ৰসংগক্ৰমে তেওঁ ৰাজ্যসভাৰ সদ্য সমাপ্ত ২৫০সংখ্যক অধিৱেশনত সাংসদসকলক নিজৰ ভাষাত বক্তব্য ৰাখিবলৈ উতসাহ যোগোৱাৰ কথা উল্লেখ কৰি কয় যে, মাহাত্মাৰ বাণী আমি পৃথিৱী জুৰি প্ৰচাৰিত কৰাৰ মুহূৰ্ততে আমাৰ দেশৰ সৰ্বসাধাৰণ ৰাইজৰ মাজতো বিয়পোৱাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিব লাগিব। প্ৰতিগৰাকী নাগৰিকে ৰাষ্ট্ৰৰ লগতে পৰস্পৰৰ প্ৰতি বিশ্বাসযোগ্যতাৰে কৰ্তব্য পালন কৰিলে, স্বতঃস্ফূৰ্ত ভাবেই ইজনে সিজনৰ মৌলিক অধিকাৰ সুৰক্ষিত ৰাখিব পাৰে বুলি মহাত্মা গান্ধীৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীয়েবাখ্যা দাঙি ধৰে। তেওঁ প্ৰতিগৰাকী নাগৰিকে বিশ্বাসযোগ্যতা আৰু আন্তৰিকতাৰে নিজৰ নিজৰ কৰ্তব্য পালন কৰিলেই ভাৰতৰ সপোনবোৰ দিঠক হব বুলিও মন্তব্য কৰে।

***

VRRK/VJ/SKS/KB