Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু ফিনলেণ্ডৰ মাজত পর্যটন খণ্ডত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন


 প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰত আৰু ফিনলেণ্ডৰ মাজত পর্যটন খণ্ডত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে৷

লাভালাভঃ

এই বুজাবুজি চুক্তি মুল উদ্দেশ্যসমূহ হৈছেঃ-

  • দুয়োখন দেশৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হ’লে পর্যটন খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি হ’ব, সহযোগিতামূলক অংশীদাৰিত্বৰ ভেঁটি আৰু অধিক সুদৃঢ় হ’ব
  • পর্যটন খণ্ডৰ সৈতে জড়িত তথ্য, জ্ঞান আৰু বিশেষজ্ঞ আদান-প্ৰদান সম্ভৱ হ’ব
  • পর্যটন নীতি প্ৰণয়ন, ৰূপায়ণ আৰু ইয়াৰ মান উন্নয়নৰ খণ্ডত সঠিক মান নির্ণয়ত অভিজ্ঞতাৰ বিনিময় কৰিব পাৰিব
  • যৌথ বা পৰীক্ষামূলকভাবে গ্ৰহণ কৰা পর্যটন প্ৰকল্পসমূহত অংশীদাৰিত্ব গঢ়ি তোলাৰ লগতে অভিজ্ঞতা মজুতকৰণত বৈঠক বা কর্মশালাৰ আয়োজন তথা এখন দেশে আনখনলৈ ভ্ৰমণৰ সুযোগ পাব
  • দুয়োখন দেশৰ বিশেষজ্ঞৰ এক কর্মশালাৰ আয়োজন কৰি পর্যটন খণ্ডৰ সেই পন্থা-পদ্ধতিসমূহক লৈ পাৰস্পৰিক মতবিনিময় কৰা হ’ব
  • আনকি, বহুপাক্ষিক উন্নয়নমূলক আঁচনিৰ পৰিপ্রেক্ষিতত অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰতো এই বুজাবুজি চুক্তিয়ে উৎসাহ যোগাব
  • দ্বিপাক্ষিক এই বুজাবুজি চুক্তি স্বাক্ষৰৰ ফলত ভাৰতলৈ আহিবলগীয়া ফিনলেণ্ডৰ পর্যটকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷

 

***

VRRK/SC/SH/DB