Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

থাইলেণ্ডত আদিত্য বিৰলা গ্ৰুপৰ স্বৰ্ণজয়ন্তী সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ মুখ্য দিশসমূহ


আমি সকলোৱেই স্বৰ্ণভূমি থাইলেণ্ডত আদিত্য বিৰলা গ্ৰুপৰ স্বৰ্ণজয়ন্তী পালন কৰিবলৈ একত্ৰিত হৈছো।

ইয়াত ইয়াত সেই থাইলেণ্ডত উপস্থিত হৈছো, যাৰ সৈতে ভাৰত আছে এক শক্তিশালী সাংস্কৃতিক সম্পৰ্ক। তাৰ লগতে এই দেশত এক অগ্ৰণী ঔদ্যোগিক ধাৰাৰ ৫০ বছৰ পূৰ্ণ হোৱাৰো এক অনবদ্য মুহুৰ্ত এয়া।

মই আপোনালোকৰ সমূখত আজিৰ ভাৰতত হৈ থকা কিছু যোগাত্মক পৰিবৰ্তনৰ এক ছবি দাঙি ধৰিবলৈ বিচাৰিছো। মই পূৰ্ণ বিশ্বাসেৰে কওঁ যে ভাৰতত উপস্থিতিৰ বাবে এয়া অত্যুত্তম সময়।

ভাৰতে বিগত পাচ বছৰত বিভিন্ন ক্ষেত্ৰত সফলতাৰ বিভিন্ন ঘটনা দেখিছে। ইয়াৰ কাৰণ কেৱল চৰকাৰ নহয়। ভাৰতে এতিয়া সঠিক পথেৰে আগবাঢ়ি আৰু আমোলাতান্ত্ৰিকতাৰ কাম কৰা বাদ দিছে।

আপোনালোকে এই কথা জানিবলৈ পাই আশ্চৰ্যচকিত হৈ পৰিব যে দৰিদ্ৰ লোকৰ বাবে ব্যয় কৰা ধন পূৰ্বে প্ৰকৃত হিতাধিকাৰী দৰিদ্ৰলোকে লাভ কৰা নাছিল। আমাৰ চৰকাৰে এই অপসংস্কৃতি শেষ কৰিলে আৰু ইয়াৰ প্ৰত্যক্ষ লাভালাভ এতিয়া প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিবলৈ লৈছে। আৰু ইয়াৰ ফলতেই দুৰ্নীতিৰ উপৰিও অপৰ্যাপ্ততাৰ অন্ত পৰিল।

কৰ প্ৰণালীত সংশোধন

আজিৰ ভাৰতত কঠোৰ পৰিশ্ৰম কৰা কৰদাঁতাসকলৰ অৱদান সৰ্বত্ৰে প্ৰসংশিত হবলৈ লৈছে। এইটো এনে এক ক্ষেত্ৰ, যিটো ক্ষেত্ৰত আমি যথেষ্ট কাম কৰিছো। মই অতিকৈ আনন্দিত যে সমগ্ৰ বিশ্বৰে ভিতৰত সৰ্বাধিক জনানুকূল কৰ প্ৰণালীৰ দেশসমূহৰ ভিতৰত অন্যতম দেশ হিচাপে অভিহিত হৈছে ভাৰত। আমি এই ব্যৱস্থাত আৰু অধিক সংশোধনী অনাৰ বাবে দৃঢ়প্ৰতিজ্ঞ।

ভাৰত, বিনিয়োগৰ বাবে এক আকৰ্ষণীয় স্থান

মই এতিয়া যিবোৰ কথা কৈছো, তাৰ দ্বাৰা এইটোৱেই প্ৰমাণিত হয় যে বিনিয়োগৰ স্থানৰ ক্ষেত্ৰত ভাৰত হৈছে বিশ্বৰ আাটাইতকৈ সুগম স্থানবোৰৰ ভিতৰত অন্যতম। যোৱা বছৰত ভাৰতত ২৮৬ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ সম্ভৱ হৈছিল। এয়া হৈছে বিগত ২০ বছৰত ভাৰতে লাভ কৰা সৰ্বমুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰায় অৰ্ধেক।

৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থব্যৱস্থাৰ সপোন

ভাৰতে সম্প্ৰতি ৫ ট্ৰিলিয়নৰ অৰ্থনীতিৰ দেশ হিচাপে উন্নত হোৱাৰ আন এক স্বপ্ন দেখিছে। ২০১৪ চনত মোৰ চৰকাৰ গঠন হ’ল, সেই সময়ত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন আছিল প্ৰায় ২ মিলিয়ন ডলাৰ। আৰু তাৰ পূৰ্বৰ ৬৫ বছৰত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন আছিল মাত্ৰ ২ ট্ৰিলিয়ন। কিন্তু কেৱল ৫ বছৰত আমি এই পৰিমাণ প্ৰায় ৩ ট্ৰিলিয়নলৈ বৃদ্ধি কৰিবলৈ সক্ষম হলো।

মই এটা বিশেষ কথাত গৰ্বিত অনুভৱ কৰো, সেয়া হৈছে প্ৰতিভা আৰু দক্ষতাসম্পন্ন মানৱ সম্পদ। ইয়াত কোনো আশ্চৰ্যকৰ বিষয় নাই যে ভাৰত বিশ্বৰ আটইতকৈ ডাঙৰ ষ্টাৰ্ট-আপ প্ৰণালীত সন্নিৱিষ্ট হৈছে।

যেতিয়া ভাৰত সমৃদ্ধ হয়, তেতিয়াই সমগ্ৰ বিশ্বও সমৃদ্ধ হয়। ভাৰতৰ বিকাশৰ বাবে আমাৰ স্বপ্ন এনেধৰণৰ যে এই অনন্য ধৰা আৰিু অধিক উন্নত হওঁক, সমৃদ্ধ হওঁক।

এক্ট ইষ্ট পলিচী

নিজৰ এক্ট-ইষ্ট পলিচীৰ ভাৱনাৰে, আমি এই ক্ষেত্ৰখনত সম্পৰ্ক বৃদ্ধি কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছো। থাইলেণ্ডৰ পশ্চিম সমূদ্ৰতীৰৰ বন্দৰ আৰু ভাৰতৰ পূৱ সমূদ্ৰতীৰৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক অব্যাহত ৰখাৰ ফলত আমাৰ মাজত অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি পাব।

বিনিয়োগ আৰু ব্যৱসায়ৰ সুচলতাৰ বাবে ভাৰত আহিছে। ভাৰত আহিছে ন ন দিশৰ সন্ধান কৰিবলৈ আৰু নতুন ষ্টাৰ্ট-আপ উদ্যোগ আৰম্ভ কৰিবলৈ। ভালেমান শ্ৰেষ্ঠতম পৰ্যটন স্থানৰ অনুভৱ লাভ কৰিবলৈ আৰু জনসাধাৰণৰ আতিথ্য লাভ কৰিবলৈ ভাৰত আহিছে। ভাৰতেও সেইদৰে ভাৰতেও অধীৰ আগ্ৰহেৰে বাট চাইছে।

******

VRRK/SH/RD/RD