প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সৰ্বদলীয় নেতাৰ বৈঠকত অংশগ্ৰহণ কৰে৷ এই বৈঠকত সকলো প্ৰধান দলৰ নেতাসমূহ উপস্থিত আছিল আৰু আগন্তুক সংসদৰ শীতকালীন অধিৱেশনৰ বাবে প্ৰত্যেকে নিজৰ মতামত প্ৰদান কৰে৷
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত উক্ত অধিৱেশনখন বিশেষ অধিৱেশন বুলি অভিহিত কৰে কিয়নো এই অধিৱেশনখন ৰাজ্যসভাৰ ২৫০তম অধিৱেশন হিচাপে বিবেচিত হ’ব৷ তেওঁ এই উপলক্ষে বিশেষ কাৰ্যসূচী আয়োজিত কৰা বাবে সন্তোষ প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি কয় যে উচ্চ সদনৰ ২৫০তম অধিৱেশনে ভাৰতীয় সংসদ আৰু ভাৰতীয় সংবিধানৰ অতুলনীয় শক্তিক জাগ্ৰত কৰি ৰখাৰ বিশেষ অৱকাশ প্ৰদান কৰিব যি ভাৰতৰ দৰে বৈচিত্ৰতাৰে ভৰা দেশত শাসন কৰা সংস্থাসমূহৰ এত অতি মহত্বপূৰ্ণ ৰূপৰেখা প্ৰদান কৰে৷ এই অধিৱেশন এনে পৃষ্ঠভূমিৰ ওপৰত অনুষ্ঠিত হৈছে যেতিয়া ভাৰতে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তী পালন কৰিছে আৰু ইয়াৰ দ্বাৰা অধিৱেশন অতুলনীয় হৈ উদ্ভাসিত হৈছে৷
প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসমূহৰ দ্বাৰা উত্থাপিত কৰা কিছুমান বিশেষ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি কয় যে চৰকাৰে সকলো দলৰ সৈতে মিলিত হৈ সৃজনীমূলক উপায়েৰে কাৰ্য সম্পাদন কৰিব যাতে দীৰ্ঘদিনীয়া বিধেয়কসমূহৰ উচিত সমাধান লাভ হয় আৰু পৰিবেশ তথা প্ৰদুষণ, অৰ্থব্যৱস্থা, কৃষি ক্ষেত্ৰ আৰু কৃষক, মহিলাসকলৰ অধিকাৰ, যুৱ আৰু সমাজৰ সকলোতকৈ দুৰ্বল শ্ৰেণীৰ সৈতে জড়িত বিশেষ বিষয়সমূহৰ নীতিগত পৰিকাঠামো প্ৰস্তুত কৰিব পাৰি৷
প্ৰধানমন্ত্ৰীয়ে সংসদৰ যোৱা অধিৱেশন শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাৰ বাবে দুয়োখন সদনৰ প্ৰিজাইডিং বিষয়াসকলক অভিনন্দন প্ৰদান কৰে আৰু কয় যে ইয়াৰ জৰিয়তে চৰকাৰৰ কামকাজসমূহ জনসাধাৰণৰ মাজত ধনাত্মকধৰণে প্ৰভাৱ বিস্তাৰিত কৰাত সহায়ক হ’ব৷
***
VRRK/AK/MANN
Attended the All-Party Meeting earlier today. This time, we mark the 250th session of the Rajya Sabha. In both Houses, we shall have constructive debates on ways to empower citizens and further India’s development. https://t.co/kztPGUbfxP pic.twitter.com/XZignYwbsP
— Narendra Modi (@narendramodi) November 17, 2019
Had an extensive meeting with the @BJP4India Parliamentary Party. Our Party will utilise the upcoming Parliamentary session to further our views on various developmental issues and contribute to transforming people’s lives. pic.twitter.com/q1Tou9U3ar
— Narendra Modi (@narendramodi) November 17, 2019
Had a very good NDA meeting. Our alliance represents India’s diversity and the aspirations of 130 crore Indians. Together, we will leave no stone unturned in ushering a qualitative change in the lives of our farmers, youngsters, Nari Shakti and the poorest of the poor. pic.twitter.com/Mm8Rc5kkaO
— Narendra Modi (@narendramodi) November 17, 2019