বিশাল সংখ্যাত আহি ইয়াত উপস্থিত হোৱা মোৰ প্ৰিয় ভাই-ভনীসকল,
ভাৰতে যেতিয়াই সূৰ্যোদয় চাবলৈ বিচাৰে, যেতিয়াই সূৰ্যোদয় চোৱাৰ প্ৰয়োজন হয়, তেতিয়াই সমগ্ৰ দেশেই অৰুণাচলৰ পিনে মু-কৰিব লাগে। আমাৰ দেশৰ ১.২৫কোটি নাগৰিকে অৰুণাচললৈ মু-নকৰাকৈ সূৰ্যোদয় প্ৰত্যক্ষ কৰিব নোৱাৰে। আৰু এইখনেই অৰুণাচল য’ত আন্ধাৰৰ অন্ত হয় আৰু পোহৰে পাতনি মেলে। এইখন অৰুণাচলত আগন্তুক দিনদিয়েকত বিকাশৰ জ্যোতি এনেদৰে বিকিৰিত হ’ব যে ই সমগ্ৰ দেশকে আলোকিত কৰি তুলিব।
অৰুণচললৈ বহুবাৰ অহাৰ সৌভাগ্য মোৰ হৈছে। মই সাংগঠনিক কাম-কাজ কৰি থকাৰে পৰা ইয়ালৈ আহিছো। গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পিচত আৰু এতিয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিচত এই দ্বিতীয়বাৰৰ বাবে মই ইয়ালৈ অহাৰ, আপোনালোকৰ আগত উপস্থিত হোৱাৰ সুযোগ লাভ কৰিছো।
অৰুণাচল এনে এখন ৰাজ্য, আপুনি যদি দেশৰ অন্য প্ৰান্তত এসপ্তাহ থাকি আহি ইয়ালৈ এদিনৰ বাবে আহে, তেন্তে আপুনি ইয়াত এদিনত যিমানবাৰ ‘জয় হিন্দ’ ধ্বনি উচ্চাৰণ কৰা শুনিব সেই সংখ্যা দেশৰ অন্য প্ৰান্তত শুনা ‘জয় হিন্দ’ ধ্বনিৰ সংখ্যাতকৈ অধিক হ’ব। এয়া সম্ভৱতঃ ইয়াৰ সাংস্কৃতিক বাতাবৰণৰ বাবেই সম্ভৱ হৈছে। কাৰণ ইয়াত কাৰোবাক সম্ভাষণ জনোৱা, কাৰোবাক অভিবাদন জনোৱা কথাটোও আৰম্ভ হয় ‘জয় হিন্দ’ ধ্বনিৰে। দেশত এই পৰম্পৰা আপুনি অৰুণাচলতহে প্ৰত্যক্ষ কৰিব পাৰিব। দেশাত্মবোধ শিৰাই-শিৰাই প্ৰবাহিত হৈ থাকিলেহে এয়া সম্ভৱ হয়, আৰু অৰুণাচলবাসীয়ে এই দেশাত্মবোধকে শিৰাই-শিৰাই প্ৰবাহিত কৰিছে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে।
যদি উত্তৰ-পূৰ্বাঞ্চলত এনে কোনো ৰাজ্য আছে য’ত সৰহখিনি নাগৰিকে হিন্দী ক’ব আৰু বুজিব পাৰে, তেন্তে সেইখন ৰাজ্য হ’ল অৰুণাচল। আৰু মই ভাবি আচৰিত হও, আজি–কালি মই প্ৰায়েই ইয়ালৈ আহো, কিন্তু আগৰ প্ৰধানমন্ত্ৰীসকলে ইয়ালৈ অহাৰ বাবে আহৰিকে উলিয়াব পৰা নাছিল। মই কিন্তু আপোনালোকৰ মাজলৈ নহাকৈ থাকিব নোৱাৰো। মই উত্তৰ-পূৰ্বাঞ্চলৰ য’লৈকে গৈছো তাতেই এটা কথা মন কৰিছো যে ইয়াৰ যুৱ-প্ৰজন্মই হাতে হাতে প্লেকাৰ্ড দেখুৱাই এটা কথাৰ দাবী কৰি আহিছে, সেয়া হৈছে তেওঁলোকে হিন্দী শিকিব বিচাৰিছে, তেওঁলোকক হিন্দী শিকাব লাগে। এয়া আক্ষৰিক অৰ্থতে এক বিশাল বিপ্লৱ।দেশৰ নাগৰিকৰ সৈতে তেওঁলোকৰ নিজৰ ভাষাত কথা-বতৰা হোৱাৰ আকাংক্ষাই স্বাভাৱিকতেই যুৱ-প্ৰজন্মক স্বতঃপ্ৰেৰিতভাৱে প্ৰবুদ্ধ কৰি তুলিব।
আজি মই তিনিটা কাৰ্যসূচীত উপস্থিত থকাৰ সুযোগ পাইছো। কেন্দ্ৰীয় বাজেটত উথ্থাপন কৰা প্ৰস্তাৱৰ আধাৰত ভাৰত চৰকাৰে ‘ড’নাৰ মন্ত্ৰালয়’ৰ জৰিয়তে সম্পাদন কৰা এয়া হৈছে অৰুণাচলবাসীলৈ ভাৰত চৰকাৰৰ আন্তৰিক উপহাৰ। ইতিমধ্যে সচিবালয় ভৱনৰ কাম-কাজ আৰম্ভ হৈছেই। বহু সময়ত আমি বাতৰিকাকতত পঢ়িবলৈ পাও যে দলংখন নিৰ্মাণ কৰা হ’ল যদিও ৰাজনৈতিক নেতাৰ ব্যস্ততাৰ বাবে দলংখনৰ শুভাৰম্ভ মাহৰ পিচত মাহ ধৰি কৰিব পৰা নাই। অথবা কোনোবা এটা পথ নিৰ্মাণৰ পিচতো ৰাজনৈতিক নেতাৰ ব্যস্ততাৰ বাবে উদ্বোধন নকাৰৈয়ে পথটো পৰি থাকিব লগা হৈছে। পিছে চৰকাৰ গঠনৰ পিচৰে পৰা আমি এক সংস্কৃতি গঢ়ি তুলিব খুজিছো। সেই সংস্কৃতি হৈছে, দেশৰ জনতাই কোনোবা ৰাজনৈতিক নেতালৈ অপেক্ষা কৰি থকাৰ প্ৰয়োজন নাই, আপোনালোকে প্ৰধানমন্ত্ৰীলৈও ৰৈ থাকিব নেলাগে। যদি ৰাইজৰ সেৱাৰ বাবে সম্পাদিত কোনো এটা প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিছে তেন্তে ৰাইজে সময়ৰ অপচয় নকৰাকৈ সেই প্ৰকল্পৰ সেৱা গ্ৰহণ কৰা উচিত। আৰু আমি ৰাজনৈতিক নেতাই যেতিয়া সময় পাও তেতিয়া প্ৰকল্পসমূহ উত্সৰ্গা কৰাৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিলেই হ’ল। মুঠতে কামত যতি পৰিব নালাগে। ইটানগৰত নিৰ্মাণ কৰা সচিবালয়ত ইতিমধ্যে কাম আৰম্ভ কৰি দিয়াৰ বাবে মই প্ৰেমাজীক নমস্কাৰ জনাইছো আৰু আজি ৰাজহুৱা উত্সৰ্গাৰ আনুষ্ঠানিকতা সম্পন্ন কৰা হৈছে। এই এটা সৰু উদাহৰণৰ পৰাই কেনেকৈ ধনৰ অপচয় ৰোধ কৰাব পাৰি, কেনেকৈ টকা-পইচাৰ সদ্ব্যৱহাৰ কৰিব পাৰি সেই কথা আমি শিকিব পাৰো।
যেতিয়া চৰকাৰী কাৰ্যালয়সমূহ অ’ত-ত’ত থাকে, অথবা পুৰণা ঘৰ-দুৱাৰত বহি কাম কৰিবলগীয়া হয় তেতিয়া বিষয়া-কৰ্মচাৰীসকলেও সোনকালে ঘৰলৈ ওভতাৰ কথা ভাবি থাকে। যদি পৰিৱেশ ভাল হয়, যদি কাৰ্যালয়ৰ বাতাবৰণ ভাল হয়, তেতিয়া কামৰ ওপৰত পৰা প্ৰভাৱো নিতান্তই ইতিবাচক হয়।সচিবালয়ৰ কাম-কাজৰ বাবে ৰাইজে যদি অ’ৰ পৰা ত’লৈ বাট-কুৰি বাই ঘূৰি ফুৰিব লগা হয় তেন্তে কেনে দুৰ্দশাৰ সন্মুখীন হ’বলগীয়া হয় সেয়া ভুক্তভোগীয়েহে বুজিব পাৰে। তাৰ বিপৰীতে, একেটা চৌহদতে কাম-কাজবোৰ কৰি সামৰিব পাৰিলে সাধাৰণ জনতাই কিমান সকাহ পায় ভাবি চাওকচোন।
দ্বিতীয়তে, সমস্যা বুকুত বান্ধি চৰকাৰে কাম কৰিব নোৱাৰে। ৰাইজে স্বতঃস্ফূৰ্ত ভাবে একেটা দিশেৰে আগবাঢ়ি আহিলেহে চৰকাৰেও নিয়াৰিকৈ কাম-কাজ সম্পন্ন কৰিব পাৰে। তাৰ বিপৰীত হ’লেই খেলি-মেলি আৰম্ভ হয়। সেই কথা ইয়াতো খাটে, চাওকচোন, একেটা চৌহদতে সকলো কাৰ্যালয় থাকিলে কাম-কাজবোৰ নিয়াৰিকৈ কৰিবলৈ কিমান যে সুবিধা হয়! ই সাধাৰণ জনতাক সকাহ দিয়াৰ উপৰি বিভাগীয় কাম-কাজৰ গতি ত্বৰান্বিত কৰে, সময় আৰু ধনৰ অপচয় ৰোধ কৰাৰ লগতে অধিক তত্পৰতাৰে সেৱা আগবঢ়োৱাৰ সুযোগ দান কৰে। সেয়ে আজি অৰুণাচলৰ সাধাৰণ জনতাৰ আশা-আকাংক্ষাক পূৰ্ণতা প্ৰদান কৰি ইটানগৰৰ নতুন সচিবালয়ৰ শ্ৰীমান ‘দৰ্জী খান্দু কনভেন্শ্যন চেণ্টাৰ’টো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিবলৈ পায় মই গৌৰৱ বোধ কৰিছো।এয়া কেৱল এটা ভৱনৰে উত্সৰ্গা নহয়। এক অৰ্থত ই অৰুণাচলৰ ৰাইজৰ সপোন বাস্তৱায়নৰবাবে প্ৰয়োজন হোৱা শক্তিৰ জীৱন্ত কেন্দ্ৰহৈ উঠিব বুলিও ক’ব পাৰি। ইয়াত সভাকক্ষৰ ব্যৱস্থা থাকিব,সাংস্কৃতিক কাৰ্যক্ৰম অনুষ্ঠিত কৰিব পৰাকৈ অন্যান্য সা-সুবিধা থাকিব আৰু যদি অৰুণাচলৰ পৰ্যটনৰ বিকাশৰ বাবে কাম কৰাৰ কথা ভবা যায়, তেন্তে ভাৰত চৰকাৰৰ বিভিন্ন কোম্পানীয়ে ইয়াত বোৰ্ডৰ সভা অনুষ্ঠিত কৰাৰ কথাও ভাবিব পাৰে বুলি মই ক’ব বিচাৰিম।মই ব্যক্তিগতখণ্ডৰবন্ধুসকলক আহ্বান জনাব খুজিছো, আপোনালোকে দিল্লী বা মুম্বাইত বহু সভা অনুষ্ঠিত কৰি আহিছে, অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ধুনীয়া ৰাজ্য অৰুণাচললৈকো আহকচোন। দেশৰ প্ৰথমে সূৰ্যোদয় হোৱা দেশখনলৈ আপোনালোকৰ সঘন আগমনে এই অঞ্চলৰ পৰ্যটনক্ষেত্ৰৰ বিকাশ সাধন কৰিব।
আমি চৰকাৰী পৰ্যায়ত ইতিমধ্যে এক ধৰণৰ সম্পৰীক্ষা আৰম্ভ কৰিছো। যোৱা ৭০বছৰে চৰকাৰী কাম-কাজ দিল্লীৰ পৰাই চলোৱা হৈছিল, সেয়ে ৰাইজে ইমানদিনে দিল্লীৰ মুখলৈ চাই ৰ’ব লগা হৈছিল। পিছে, আমি চৰকাৰ গঠন কৰাৰে পৰা এই পৰম্পৰাৰ পৰিৱৰ্তন সাধন কৰি চৰকাৰক দেশৰ চুকে-কোণে নি কাম কৰোৱাৰ ব্যৱস্থা কৰিছো। সেয়ে এতিয়া দেশৰ প্ৰতিটো প্ৰান্তই অনুভৱ কৰা উচিত যে এতিয়া কেৱল দিল্লীয়েই নহয় বৰং তেওঁলোকেও দৰাচলতে চৰকাৰ চলাইছে।
কৃষি সম্পৰ্কীয় এখন শীৰ্ষ সন্মলিন অনুষ্ঠিত কৰা হৈছিল ছিকিমত। তালৈ দেশৰ সকলো ৰাজ্যৰে মন্ত্ৰীসকলক আমন্ত্ৰণ জনোৱা হৈছিল। ছিকিমতনো কেনেকৈ খেতি-বাতিবোৰ কৰা হৈছে পোন-পতীয়াকৈ সেয়া প্ৰত্যক্ষ কৰাৰ বাবে আমি সকলোকে আহ্বান জনাইছিলো। একে আৰ্হিৰে উচ্চ পৰ্যায়ৰ সভা-সমিতি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যতো অনুষ্ঠিত কৰাৰ এক পৰম্পৰা গঢ়ি উঠা উচিত। সম্ভৱতঃ মোৰাৰজী ভাই দেশায়েই শেষজন প্ৰধানমন্ত্ৰী আছিল, যিয়ে ‘উত্তৰ পূৱ পৰিষদ’ৰ সভাত অংশগ্ৰহণ কৰিছিল। তাৰ পিচত আৰু কোনেও সময় উলিয়াব পৰা নাছিল। হয়তো প্ৰধানমন্ত্ৰীসকল অতিকে ব্যস্ত মানুহ! মই কিন্তু উপস্থিত হওহি আপোনালোকৰ বাবে। মই আপোনালোকৰ বাবেই আহো।
আৰু সেয়ে মই উত্তৰ-পূৱ পৰিষদৰ সন্মিলনত উপস্থিত হৈ বিস্তৃত আলোচনাত মিলিত হৈছিলোহি। কেৱল সেয়াই নহয়, মই ইতিমধ্যে সকলো মন্ত্ৰালয়কে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত সভা অনুষ্ঠিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো। যোৱা তিনিটা বছৰত এনেকুৱা এটা সপ্তাহ নাই, যি সপ্তাহত উত্তৰ পূবৰ কোনোবা নহয় কোনোবা ৰাজ্যত কোনোবা নহয় কোনোবা মন্ত্ৰালয়ৰ সভা অনুষ্ঠিত নোহোৱাকৈ ৰৈছিল।
কেৱেল সেয়াই নহয়, ইমান দিনে ‘ড’নাৰ মন্ত্ৰালয়’-য়ে দিল্লীৰ পৰা ভালকৈয়ে কাম-কাজ কৰি আছিল যদিও এতিয়া আমি তেওঁলোকক কৈছো যে এয়াখুউব ভাল কথা; এতিয়া আপোনালোকে আৰু এটা কৰিব লাগিব। আৰু, এতিয়া ডনাৰ মন্ত্ৰালয়ে সম্পূৰ্ণ সচিবালয়ক লগত লৈ প্ৰতি মাহে উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণ কৰি আছে। নীতি নিৰ্দ্ধাৰণ কৰাৰ পৰা প্ৰকল্প সম্পৰ্কত আলাপ-আলোচনা কৰা, কাম-কাজৰ তদাৰকী কৰালৈ সকলো কৰাৰ ফলত এতিয়া পৰিষদৰ কাম-কাজসমূহ অধিক স্বচ্ছ আৰু দায়বদ্ধতাৰে সম্পাদিত হোৱাটো দেখিবলৈ পোৱা গৈছে। এনে প্ৰেক্ষাপটত এনে ধৰণৰ ‘কনভেন্সন চেণ্টাৰ’ এটাৰ চাহিদা আৰু প্ৰয়োজনীয়তা যে অপৰিসীম হ’ব সেয়া বহলাই নক’লেও হ’ব নিশ্চয়।
আজি মই ইয়াত এখন চিকিত্সা মহাবিদ্যালয় আৰু এখন হাস্পটালৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছো। আমাৰ দেশত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বহুখিনি কৰিবলৈ এতিয়াও বাকী আছে বুলি আমি অনুভৱ কৰো। মানৱ সম্পদৰ উন্নয়ন, আন্তঃগাঁথনি নিৰ্মাণ আৰু অতি আধুনিক প্ৰযুক্তিগত সংসাধনৰে সমৃদ্ধ কৰি দেশৰ স্বাস্থ্যসেৱাখণ্ডক গঢ়ি তোলাৰ বাবে আমি কাম কৰি আছো। ইয়াৰ তিনিটা সংসদীয় সমষ্টিক সামৰি অন্ততঃ এখন বৃহত্ পৰিসৰৰ হাস্পটাল আৰু এখন চিকিত্সা মহাবিদ্যালয় নিৰ্মাণৰ কাম যিমান পাৰি সোনকালে সম্পূৰ্ণ কৰি তোলাৰ বাবে আমি সপোন দেখিছিলো। যদি ভাৰতৰ প্ৰান্তে প্ৰান্তে চিকিত্সা মহাবিদ্যালয়স্থাপন কৰা হয় আৰু সেই মহাবিদ্যালয়সমূহত স্থানীয় যুৱক-যুৱতীসকলে পঢ়াৰ সুবিধা লাভ কৰে, তেন্তে তেওঁলোকে তেওঁলোকৰ অঞ্চলসমূহত সততে হোৱা অসুখ-বিসুখৰ কথা ভালকৈ জানিব আৰু সেই বিষয়ে অধ্যয়নৰ গুৰুত্ব স্বাভাৱিকতেই উপলব্ধি কৰিব পাৰিব। তেওঁলোকে যদি দিল্লীত পঢ়িব লগাহয়, তেন্তে তেওঁ অন্য বিষয়ত পঢ়িব লাগিব। তাকে নকৰি তেওঁলোকে যদি অৰুণাচলত প্ৰাদুৰ্ভাৱ ঘটা ৪-৫টা অসুখৰ বিষয়ে খৰচী মৰি পঢ়ি আহি অৰুণাচলত চিকিত্সা কৰিবলৈ বিচাৰে, তেন্তে স্বাভাৱিক ভাবেই তেওঁলোকে আগবঢ়োৱা চিকিত্সাৰ এক গুণগত পাৰ্থক্য পৰিলক্ষিত হ’ব। আৰু সেয়ে আমি চিকিত্সা বিজ্ঞানৰশিক্ষা প্ৰত্যন্ত এলেকাসমূহলৈকে সম্প্ৰসাৰিত কৰিব খুজিছো। দ্বিতীয়তে, ছাত্ৰসকলে যি ঠাইত পঢ়া-শুনা কৰে সাধাৰণতে সেই ঠাইতে থাকি কাম কৰিবলৈ ভাল পায়। এনে হোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় ৰোগীসকলক চিকিত্সাসেৱা আগবঢ়াবলৈ বিচাৰিব আৰু ফলত তেওঁলোকে জীৱিকা অৰ্জনৰ পথ লাভ কৰাৰ বিপৰীতে স্থানীয় ৰাইজেও উন্নত চিকিত্সাসেৱাৰ সুযোগ লাভ কৰিব। সেয়ে আজি ইয়াত চিকিত্সা মহাবিদ্যালয় আৰু চিকিত্সালয়ৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই মই আনন্দিত হৈছো। ইয়ে অৰুণাচলবাসীক বাৰুকৈয়ে উপকৃত কৰিব।
প্ৰতিখন গাঁৱতে উপযুক্ত স্বাস্থ্যসেৱা আগবঢ়াব বিচাৰিলে প্ৰত্যন্ত এলেকাসমূহতো স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উপলব্ধ হ’ব লাগিব। বহু সময়তঅসুখত আক্ৰান্ত বহুতেই অসুখক উপেক্ষা কৰিব বিচাৰে। বহুতে আকৌ ভাৱে অসুখ হৈছে দুদিন পিচতে ভাল হৈ যাব। পিছে দিন বাগৰাৰ লগে লগে অসুখে জটিল ৰূপ ধাৰণ কৰে, আৰু বহু সময়ত এনে পৰ্যায় পায়গৈ যে তেতিয়ালৈ আৰু কিবা কৰাৰ সময় নাথাকেগৈ। এনেবোৰ কথাৰ বাবেই আমি দেশৰ ২২,০০০ গ্ৰাম্যগোটত স্বাস্থ্য কল্যাণ কেন্দ্ৰ স্থাপন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছো। মোৰ হয়তো সংখ্যোটো সঠিক হোৱা নাই, সম্ভৱতঃ এই সংখ্যা ১-৫ বা ২লাখমান হ’ব পাৰে। এইবোৰ কল্যাণকেন্দ্ৰ সম্পূৰ্ণ হৈ উঠিলে ওচৰ পাজৰৰ ২-৩খন গাঁৱৰ ৰাইজে এই কেন্দ্ৰসমূহৰ পৰা সেৱা লাভ কৰিব পাৰিব। এই কল্যাণকেন্দ্ৰসমূহত বিধি অনুযায়ী থাকিবলগীয়া ঔষধ-পাতিৰ লগতে, প্ৰয়োজনীয় কৰ্মচাৰীৰ উপস্থিতি নিশ্চিত কৰা হ’ব। এই বছৰৰ বাজেটত আমি এই আঁচনিৰ কথা সবিস্তাৰে উল্লেখ কৰিছো। ভাৰতৰ প্ৰতিটো পঞ্চায়ততে এনে কল্যাণ কেন্দ্ৰ স্থাপন কৰাৰ বাবে আমি প্ৰয়াস কৰিছো।
মই উল্লেখ কৰা ২২০০০ৰ পৰিসংখ্যাতো আচলতে ‘কৃষকৰ বজাৰ’ বা ‘হাট’ৰহে আছিল। আমি দেশৰ প্ৰতিটো প্ৰান্তকে সামৰি প্ৰায় ২২০০০খন ‘আধুনিক হাট’ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। এইবোৰ হাটত ওচৰ-পাজৰৰ ১০-১২খন গাঁৱৰ খেতিয়ক ৰাইজে তেওঁলকে উত্পাদন কৰা বয়-বস্তু বেচা-কিনা কৰিব পাৰিব। এনেদৰেই আমি গাঁৱৰ ৰাইজলৈ সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে ‘স্বাস্থ্য কল্যাণ কেন্দ্ৰ’ আৰু ‘গ্ৰাম্য হাট’ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছো।
অৱশ্যে, আমি আন এখন বিশাল পৰিসৰৰ আঁচনিৰ জৰিয়তে তাতোকৈয়ো আগলৈ যাব বিচাৰিছো। তাকে কৰিবলৈ আমি বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছো। সেইখিনি কৰোতে আমি থপিয়াই থপিয়াই কামবোৰ নকৰি সামগ্ৰিকভাবে সকলোৰে কল্যাণ সাধন হোৱাকৈ কামবোৰ কৰিব খুজিছো। উদাহৰণ স্বৰূপে মানৱ সম্পদৰ উন্নয়নৰ লগতে বুনিয়াদী সা-সুবিধাৰো পৰিসৰ বঢ়োৱাৰ বাবে আমি হাস্পটাল আৰু চিকিত্সা মহাবিদ্যালয় একেলগে স্থাপনত গুৰুত্ব আৰোপ কৰিছো। তৃতীয়তে, দৰিদ্ৰই হওক বা মধ্যবিত্তীয় পৰিয়ালসমূহেই হওক আজিৰ দিনত চিকিত্সাৰ ব্যয় পৰিশোধ কৰিবলৈ দহবাৰ চিন্তা কৰিবলগীয়া হয়। বহু সময়ত এনে পৰিয়ালসমূহে চিকিত্সাৰ ব্যয়ৰ নামত তেওঁলোকৰ সপোনবোৰৰ সৈতে আপোচ কৰিবলগীয়াও হয়।
এনেবোৰ কথা অনুধাৱন কৰিয়ে আমাৰ চৰকাৰে দৰিদ্ৰসকলৰ লগতে মধ্যবিত্ত পৰিয়ালসকলৰ বাবেও কেতবোৰ আঁচনি যুগুতাই উলিয়াইছে। এই আঁচনিসমূহৰ সুবাদত ৰোগাক্ৰান্ত হৃদযন্ত্ৰত সংস্থাপন কৰিব লগা ১.৫লাখ, ২লাখ টকীয়া কৃত্ৰিম যন্ত্ৰ-পাতিৰ দৰে সা-সৰঞ্জামো এতিয়া ৰোগীসকলে ১৫, ২০ কিম্বা ২৫হাজাৰতে ক্ৰয় কৰিব পৰা হৈছে।
সেইদৰে সুলভ মূল্যত ঔষধ-পাতি উপলব্ধ কৰাৰ বাবে দেশৰ প্ৰায় ৩০০০চিকিত্সালয়ত ৰাজহুৱা ঔষধালয় স্থাপন কৰা হৈছে। এইবোৰ ঔষধালয়ত সঘনাই প্ৰয়োজন হৈ থকা প্ৰায় ৮০০বিধ ঔষধ উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। ‘প্ৰধানমন্ত্ৰী জন ঔষধী পৰিযোজনা’ৰ অধীনত স্থাপিত এইসমূহ ঔষধালয়ত ইমান দিনে ১৫০-২০০ টকাত উপলব্ধ হোৱা ঔষধবোৰো মানৰ হীন-দেঢ়ি নোহোৱাকৈ ১৫-২০টকাতে উপলব্ধ হয়।
ইফালে দেশৰ ১০কোটি দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াৰ লক্ষ্যৰে আমাৰ চৰকাৰে ‘আয়ুষ্মান ভাৰত’ শীৰ্ষক ‘স্বাস্থ্য বীমা আঁচনিখন’ৰ শুভাৰম্ভ কৰিছে। এই আঁচনিখনৰ জৰিয়তে প্ৰতিটো হিতাধিকাৰী পৰিয়ালক বছৰি ৫লাখ টকা পৰিমানৰ বিনামূলীয়া চিকিত্সা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। আঁচনিখনৰ সফল ৰূপায়নে দেশৰ প্ৰায় ৫০কোটি নাগৰিকক স্বাস্থ্য সুৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে দেশৰ অৰ্থনৈতিক ভেটিকো শক্তি প্ৰদান কৰিব। এই সেৱা উপলব্ধ কৰাব পৰাকৈ দেশৰ প্ৰতিখন ৰাজ্যতে ৫০-১০০খন নতুন চিকিত্সালয় স্থাপনৰ দিশেও আমি কাম কৰি আছো।
প্ৰিয় ভাই-ভনীসকল, কোৱল ইমানেই নহয়, মই আপোনালোকৰ বাবে চতুৰ্থ উপহাৰ এটাও আনিছো। সেয়া হৈছে, ‘অৰুণাচল এক্সপ্ৰেছ’। এৰা, ইমান দিনে নাহৰলগুণৰ পৰা নতুন দিল্লীলৈ সপ্তাহত দুদিনকৈ চলা ৰেলগাড়ীখনক এতিয়াৰে পৰা ‘অৰুণাচল এক্সপ্ৰেছ’ বুলি নামাকৰণ কৰা হৈছে।আচলতে আমি অৰুণাচলৰ লগতে সামগ্ৰিকভাবে উত্তৰ-পূৰ্বাঞ্চলকে স্থল–পথ, ৰেল–পথ, নদী আৰু বায়ু–পথৰে সংযুক্ত কৰিব বিচাৰিছো। ইয়াৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰে কেৱল অৰুণাচলতে ১৮০০০কোটি টকা পৰিমানৰ প্ৰকল্প ৰূপায়ণ কৰি আছে। ইয়াৰ উপৰি ২০২৭চনৰ ভিতৰত অৰুণাচলক এখন সমৃদ্ধ ৰাজ্য হিচাপে গঢ়ি তোলৰ বাবে সপোন দেখা মুখ্যুমন্ত্ৰী প্ৰেমা খান্দুজীয়ে এলানি পৰিকল্পনা যুগুতাই ৰূপায়ণৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে মই খান্দুজীৰ শলাগ লৈছো। এইবোৰৰ লগতে দেশত ইতিমধ্যে আৰম্ভ হোৱা দুৰ্নীতি বিৰোধী অভিযানটো এক অভিযানৰ ৰূপত অৰুণাচলতো আগবঢ়াই নিবলৈ মই তেওঁক আহ্বান জনাইছো। এই অভিযানৰ জৰিয়তে দেশত এই পৰ্যন্ত ৫৭০০০কোটি টকা পৰিমানৰ হৰলুকি ৰোধ কৰিব পৰা গৈছে।
প্ৰিয় ভাই-ভনীসকল, আপোনালোকে মোক যেনেদৰে আদৰণি জনাইছে, আপোনালোকে মোক যেনেদৰে সন্মানিত কৰিছে, মোৰ নিজকে এজন অৰুণাচলী যেনেই লাগি গৈছে। প্ৰথমে সূৰ্যৰ কিৰণ পৰা ৰাজ্যখনৰ পৰা দেশৰ অৰ্থনৈতিক প্ৰগতিৰ জ্যোতিও বিকিৰিত কৰিব পাৰিলে মই নিজকে সৌভাগ্যবান বুলি ভাবিব পাৰিম, আৰু মোৰ এই সপোন সফল হ’বই বুলি মই আশাবাদী। এই আশাৰেই সকলোকে পুনৰবাৰ অভিনন্দন জনাই সামৰিলো। বহুত বহুত ধন্যবাদ।
সমগ্ৰ ভাৰতে শুনাকৈ সমস্বৰে ধ্বনি দিও আহক—
জয় হিন্দ- জয় হিন্দ
জয় হিন্দ- জয় হিন্দ
জয় হিন্দ- জয় হিন্দ
জয় হিন্দ- জয় হিন্দ
বহুত বহুত ধন্যবাদ।
***
AKT/SH/RSB/KT/AK/KB
I am delighted to visit Arunachal Pradesh and be among the wonderful people of this state: PM @narendramodi in Itanagar https://t.co/Qggky7TpwV
— PMO India (@PMOIndia) February 15, 2018
My visit to Arunachal Pradesh is related to three key projects in the state. The secretariat is already functional and this was a good step taken by the state government: PM @narendramodi https://t.co/Qggky7TpwV
— PMO India (@PMOIndia) February 15, 2018
Most of the key departments are based in the new secretariat. This makes it easier for people coming from distant villages because they do not need to move from one place to another. Everything is in one place only. Coordination and convenience are enhanced: PM @narendramodi
— PMO India (@PMOIndia) February 15, 2018
Delighted to inaugurate a convention centre in Itanagar. This is more than a building, it is a vibrant centre that will further the aspirations of Arunachal Pradesh. There will be conferences and cultural activities that will draw government officials and private companies: PM
— PMO India (@PMOIndia) February 15, 2018
I am personally going to tell people- go to Arunachal Pradesh and hold your important meetings at the convention centre: PM @narendramodi https://t.co/Qggky7TpwV
— PMO India (@PMOIndia) February 15, 2018
Why should meetings only be held in the national capital. We must go to all states and that is why I came to Shillong for a Northeastern Council meeting and an important meeting related to agriculture was held in Sikkim: PM @narendramodi https://t.co/Qggky7TpwV
— PMO India (@PMOIndia) February 15, 2018
I can tell you with great pride that ministers and officials from the Centre are visiting the Northeast very regularly: PM @narendramodi in Itanagar https://t.co/Qggky7TpwV
— PMO India (@PMOIndia) February 15, 2018
There is so much work to do in the health sector. One aspect is human resource development, other is infra and there is also the need to use modern technology in the sector: PM @narendramodi in Itanagar https://t.co/Qggky7TpwV
— PMO India (@PMOIndia) February 15, 2018
We are working towards building medical colleges in all parts of the nation. This is because, when one studies in a particular area, one becomes better acquainted with the local health challenges: PM @narendramodi in Itanagar https://t.co/Qggky7TpwV
— PMO India (@PMOIndia) February 15, 2018
We are working towards building medical colleges in all parts of the nation. This is because, when one studies in a particular area, one becomes better acquainted with the local health challenges: PM @narendramodi in Itanagar https://t.co/Qggky7TpwV
— PMO India (@PMOIndia) February 15, 2018
The health sector needs special attention. Healthcare has to be of good quality and it must be affordable: PM @narendramodi
— PMO India (@PMOIndia) February 15, 2018
Stents were exorbitantly priced. We brought the prices down so that the poor and middle class families benefit: PM @narendramodi in Itanagar
— PMO India (@PMOIndia) February 15, 2018
Ayushman Bharat scheme will take the lead in providing quality and affordable healthcare: PM @narendramodi in Itanagar
— PMO India (@PMOIndia) February 15, 2018
I want to compliment CM @PemaKhanduBJP for the wonderful work he is doing. He has prepared a top quality roadmap on how Arunachal Pradesh should be in 2027. And, he did not only ask officials for inputs but also asked people from all walks of life: PM @narendramodi
— PMO India (@PMOIndia) February 15, 2018
The Naharlagun- New Delhi express will run twice a week and will be called Arunachal Pradesh express: PM @narendramodi
— PMO India (@PMOIndia) February 15, 2018