Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিএছএনএল আৰু এমটিএনএলক একত্ৰীকৰণেৰে দুয়োটা প্ৰতিষ্ঠানক পুনৰুজ্জীৱিতকৰণৰ পৰিকল্পনাত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন


কেন্দ্রীয় কেবিনেটে আজি ৪-জি স্পেকট্রাম আবণ্টন, চৰকাৰী বণ্ডৰ জৰিয়তে পুঁজি সংগ্ৰহ, কর্মচাৰীৰ ব্যয় হ্রাস, বিভিন্ন সম্পত্তি বিক্রী আৰু নীতিগতভাবে বিএছএনএল আৰু এমটিএনএলৰ একত্ৰীকৰণৰ জৰিয়তে এই প্ৰতিষ্ঠান দুটাৰ পুনৰুজ্জীৱিতকৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷

নিম্নোলিখিত সিদ্ধান্ত কেইটাত কেবিনেটে অনুমোদন জনাইছেঃ-

১. বিএছএনএল আৰু এমটিএনএল–এই দুয়োটা ৰাষ্ট্রীয়কৃত প্ৰতিষ্ঠানক ব্ৰ’ডবেণ্ডকে ধৰি অন্যান্য ডেটা সেৱাৰ ক্ষেত্রত ৪-জি স্পেকট্রাম আবণ্টনৰ বাবে চৰকাৰে ২০,১৪০ কোটি টকা অতিৰিক্ত যোগান ধৰা হ’ব৷ এই স্পেকট্রাম ক্ৰয়ৰ সময়ত ৩,৬৭৪ কোটি টকা জিএছটিৰ বাবদ যি ধন ব্যয় হ’ব, সেয়া চৰকাৰে বাজেটীয় আবণ্টনৰ জৰিয়তে বহন কৰিব৷ এই স্পেকট্রাম আবণ্টনৰ জৰিয়তে বিএছএনএল আৰু এমটিএনএলে বজাৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে গ্রামাঞ্চলকে ধৰি বিস্তীর্ণ এলেকাত গ্রাহকৰ উচ্চ গতিসম্পন্ন ডেটা সেৱা প্ৰদান কৰিবলৈ সক্ষম হ’ব৷

২. ঋণ পৰিশোধৰ বাবে তথা কাপেক্স, অ’পেক্সকে ধৰি অন্যান্য আন্তঃগাঁথনি সৃষ্টিৰে বজাৰৰ পৰা ভাৰত চৰকাৰে বণ্ডৰ মাধ্যমেৰে দীর্ঘম্যাদী ১৫ হাজাৰ কোটি টকা সংগ্ৰহ কৰিব৷

৩. বিএছএনএল আৰু এমটিএনএলত কৰ্মৰত যিসকল কর্মীৰ বয়স ৫০ বা ততোধিক তেওঁলোকৰ বাবে স্বেচ্ছামূলক অৱসৰ আঁচনি প্ৰৱৰ্তন কৰা হ’ব৷ চৰকাৰে ইয়াৰ বাবে অতিৰিক্ত ১৭,১৬৯ কোটি টকা আবণ্টন কৰিছে৷ ভাৰত চৰকাৰে পেন্সন, গ্ৰেছুইটি তথা অন্যান্য যাৱতীয় ব্যয় বহন কৰিব৷ আঁচনিখনৰ সবিশেষ বিএছএনএল আৰু এমটিএনএলে চূড়ান্ত কৰিব৷

৪. বিএছএনএল আৰু এমটিএনএলৰ ঋণ পৰিশোধ আৰু সেৱাৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে সম্পত্তি বিক্রী কৰিব পাৰিব৷

৫. তদুপৰি, এই দুয়োটা প্ৰতিষ্ঠানৰ একত্ৰীকৰণৰ ক্ষেত্ৰত কেবিনেটে নীতিগতভাবে সন্মতি জনাইছে৷

বিএছএনএল আৰু এমটিএনএলৰ পুনৰুজ্জীৱিতকৰণৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ফলত গ্রামীণ এলেকাসহ সমগ্ৰ দেশত এই প্ৰতিষ্ঠান দুটাই গ্রাহকৰ বাবে বিশ্বাসযোগ্য আৰু উন্নত সেৱা প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷

*****

VRRRK/SC/SH/DB