Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হিউষ্টনত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে শ্ৰী সিদ্ধি বিনায়কৰ মন্দিৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টেক্সাছৰ হিউষ্টনত শ্ৰী সিদ্ধি বিনায়ক মন্দিৰআৰু গুজৰাটী সমাজ অব্ হিউষ্টন ইভেণ্ট চেণ্টাৰমুকলি কৰে৷ টেক্সাছত টেক্সাছ ভাৰতীয় মঞ্চই অনুষ্ঠিত কৰা হাউডি মোদীশীৰ্ষক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সমাজৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে হিউষ্টনত অনন্ত গান্ধী সংগ্ৰহালয়ৰ ফলকো মুকলি কৰে৷

মুকলিৰ পিছত উপস্থিত ব্যক্তিসকলক প্ৰধানমন্ত্ৰীয়ে হাউডি মোডীঅনুষ্ঠানটোৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয়, ‘‘আপোনালোকে ভাৰতআমেৰিকাৰ মিত্ৰতাৰ উজ্বল ভৱিষ্যতৰ মঞ্চ প্ৰস্তুত কৰিছে৷ মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো৷’’

অনন্ত গান্ধী সংগ্ৰহালয়ৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংগ্ৰহালয়টো হিউষ্টনৰ এক সাংস্কৃতিক স্থান হিচাপে বিবেচিত হব৷ ‘‘মই এই প্ৰয়াসৰ সৈতে পূৰ্বৰে পৰা জড়িত হৈ আছো৷ ই নিশ্চিতভাৱে মহাত্মা গান্ধীৰ চিন্তাধাৰা যুৱচামৰ মাজত জনপ্ৰিয় কৰি তুলিব,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সমাজক প্ৰতি বছৰে অতি কমেও পাঁচটা পৰিয়ালক ভাৰতলৈ পৰ্যটক হিচাপে যোৱাৰ বাবে আগ্ৰহান্বিত কৰিবলৈ আহ্বান জনায়৷ তেওঁ ভাৰতীয় বংশোদ্ভৱ আমেৰিকান পৰিয়ালসকলক যলৈ যায় ততে নিজৰ মাতৃভাষাৰ সৈতে সংযোজিত হৈ থাকিবলৈ আহ্বান জনায়৷

****

VRRK/AK/MANN