সুপ্ৰভাত হিউষ্টন,
সুপ্ৰভাত টেক্সাছ,
সুপ্ৰভাত আমেৰিকা,
ভাৰত তথা সমগ্ৰ বিশ্বৰ মোৰ ভাৰতীয় বন্ধুসকললৈ শুভেচ্ছা যাচিছো৷
বন্ধুসকল,
আজি ৰাতিপুৱা আমাৰ মাজত এজন বিশেষ ব্যক্তি উপস্থিত হৈছেহি৷ প্ৰকৃততে তেওঁৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই৷ তেওঁৰ নাম এই গ্ৰহৰ প্ৰত্যেকৰেই পৰিচিত৷ বিশ্বৰ ৰাজনীতিত তেওঁৰ নাম সততে উচ্চাৰণ হয়৷ তেওঁৰ প্ৰতিটো শব্দ কোটি কোটি লোকে অনুসৰণ কৰে৷ এই মহান দেশৰ সৰ্বোচ্চ পদ অধিকাৰ কৰাৰ পূৰ্বেও তেওঁ ইয়াত জনপ্ৰিয় আছিল৷ চি ই অ’ৰ পৰা কমাণ্ডাৰ–ইন–চীফলৈ, ব’ৰ্ডৰুমৰ পৰা অ’ভেল অ’ফিচলৈ, ষ্টুডিঅ’ৰ পৰা বিশ্ব দৰবাৰলৈ, ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ তথা নিৰাপত্তালৈ, তেওঁ সকলোতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে৷
আজি তেওঁ আমাৰ সৈতে উপস্থিত হৈছেহি৷ এয়া মোৰ বাবে সন্মানৰ বিষয় আৰু তেওঁক এই বিশাল ষ্টেডিয়াম, বিশাল জনসংখ্যাৰ মাজত স্বাগতম জনাবলৈ বিশেষ অধিকাৰ লাভ কৰিছো৷ আৰু মই ক’ব পাৰো যে যেতিয়াই তেওঁক মই সাক্ষাৎ কৰো, প্ৰতিবাৰে সেই একেই বন্ধুত্বসূলভ স্বভাৱ, আন্তৰিকতা, কৰ্ম তৎপৰতা আচৰণ প্ৰত্যক্ষ কৰো৷ তেওঁ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি–শ্ৰীযুত ড’নাল্ড ট্ৰাম্প৷ এয়া অসাধাৰণ, এয়া নজিৰবিহীন৷
বন্ধুসকল,
আপোনালোকক অলপ আগেয়ে কোৱাৰ দৰে আমি কেইবাবাৰো পৰস্পৰে পৰস্পৰক সাক্ষাৎ কৰিছো আৰু তেওঁ প্ৰতিবাৰেই বন্ধুত্বসূলভ আচৰণ আৰু আন্তৰিকতা প্ৰদৰ্শন কৰিছে৷ মই তেওঁক আন বহুতো কাৰণত অনুসৰণ কৰো৷ তেওঁৰ নেতৃত্বসূলভ স্বভাৱ, আমেৰিকাৰ প্ৰতি আৱেগ, প্ৰতিজন আমেৰিকানৰ প্ৰতি থকা চিন্তা, আমেৰিকাৰ ভৱিষ্যত সম্পৰ্কে উদ্বিগন আৰু আমেৰিকাক পুনৰ শক্তিশালী অৱস্থানত অধিষ্ঠিত কৰোৱাৰ বাবে থকা তেওঁৰ তীব্ৰ বাসনা৷ আৰু তেওঁ ইতিমধ্যেই আমেৰিকাৰ অৰ্থনীতি সৱল কৰি তুলিছে৷ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিশ্বৰ বাবে যথেষ্ট সফলতা লাভ কৰিছে৷
বন্ধুসকল,
আমি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ভাৰতত বিশেষভাৱে সংযুক্ত৷ প্ৰাৰ্থী ট্ৰাম্পৰ বাবে এই শব্দলানি– ‘অবকি বাৰ ট্ৰাম্প চৰকাৰ’ হোৱাইট হাউচত লক্ষাধিক সুখী চেহেৰা আৰু প্ৰশংসাৰ মাজত গুঞ্জৰিত হৈ উঠিছে৷ যেতিয়া তেওঁক মই প্ৰথম বাৰৰ বাবে লগ পাইছিলো, তেওঁ মোক কৈছিল, ‘‘হোৱাইট হাউচত ভাৰত প্ৰকৃত বন্ধু আছে৷’’ আপোনাৰ উপস্থিতিয়েই সেই কথাৰ সাক্ষ্য বহন কৰিছে৷ বিগত বৰ্ষসমূহত আমাৰ দুয়োখন ৰাষ্ট্ৰই মিত্ৰতাৰ ঊৰ্ধত স্থান লাভ কৰিছে৷ আজিৰ এই পুৱাৰ সময়খিনিত ৰাষ্ট্ৰপতি মহোদয় আপুনি, বিশ্বৰ দুখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ মহান মিত্ৰতাৰ হৃদয়ৰ ধ্বনি শুনিবলৈ পাৰিব৷ আপুনি আমাৰ দুয়োখন মহান দেশৰ জনতাৰ মাজৰ শক্তিশালী বান্ধোনৰ গভীৰতা অনুভূত কৰিবলৈ পাৰিব৷ হিউষ্টনৰ পৰা হায়দৰাবাদলৈ, বষ্টনৰ পৰা বেংগালুৰুলৈ, চিকাগোৰ পৰা ছিমলালৈ, লছ এঞ্জেলছৰ পৰা লুধিয়ানালৈ, নিউ জাৰ্ছীৰ পৰা নতুন দিল্লীলৈ, সকলোতে জনতাৰ মাজৰ সম্পৰ্ক প্ৰৱাহিত হ’বলৈ ধৰিছে৷
ভাৰতত আজি দেওবাৰৰ নিশা হোৱা স্বত্বেও, লক্ষাধিক লোকে আজি দূৰদৰ্শনৰ সন্মুখত বহি আছে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে আজি এই ৰচিত হোৱা ইতিহাস প্ৰত্যক্ষ কৰি আছে৷
মাননীয় ৰাষ্ট্ৰপতি, আপুনি মোৰ আপোনাৰ পৰিয়ালৰ সৈতে ২০১৭ চনত সাক্ষাৎ কৰাইছিল আৰু আজি মই আপোনাক মোৰ পৰিয়ালৰ সৈতে, কোটি কোটি ভাৰতীয়ক আৰু বিশ্বত প্ৰতিনিধিত্ব কৰা ভাৰতীয় ঐতিহ্যৰ সৈতে সাক্ষাৎ কৰাইছো৷
ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল, আপোনালোকৰ সন্মুখত মই মোৰ বন্ধু, ভাৰতৰ বন্ধু, মহান আমেৰিকান ৰাষ্ট্ৰপতি শ্ৰীযুত ড’নাল্ড ট্ৰাম্পক প্ৰতিবেদন কৰিছো৷
***
VRRK/SH/AK/MANN
Live from Houston! #HowdyModi https://t.co/C0vY1rsLJh
— Narendra Modi (@narendramodi) September 22, 2019