প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে পৰম্পৰাগত ঔষধ আৰু হোমিঅ’পেথী ক্ষেত্ৰত ভাৰত আৰু গিনিৰ মাজত সহযোগিতাক লৈ বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ যোৱা ০২ আগষ্ট,২০১৯ত ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ ৩দিনীয়া গিনি ভ্ৰমণৰ সময়ত বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হৈছিল৷
গুৰুত্বপূৰ্ণ প্ৰভাৱঃ
বুজাবুজিৰ চুক্তিখনে দুয়োখন ৰাষ্ট্ৰৰ মাজত পৰম্পৰাগত ঔষধ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিব৷ দুয়োখন ৰাষ্ট্ৰৰ অংশীদাৰী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু গিনিৰ বাবে ই অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হ’ব৷
ৰণকৌশল আৰু লক্ষ্য ৰূপায়নঃ
স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ ক’পী লাভ কৰাৰ পাছত দুয়ো পক্ষই কাৰ্যপ্ৰণালী আৰম্ভ কৰিব৷ বুজাবুজিৰ চুক্তিৰ চৰ্ত অনুসৰি দুয়োখন দেশৰ মাজত পদক্ষেপসমূহ গ্ৰহণ কৰা হ’ব৷বুজাবুজিৰ চুক্তিখন কাৰ্যক্ষম হৈ থকা পৰ্যন্ত কাৰ্যপ্ৰণালীসমূহ অব্যাহত থাকিব৷
জড়িত ব্যয়ঃ
এই বুজাবুজিৰ চুক্তিত কোনো অতিৰিক্ত বিত্তীয় লেনেদেন জড়িত নহয়৷ গৱেষণা, প্ৰশিক্ষণ পাঠ্যক্ৰম, সন্মিলন, বৈঠক আৰু বিশেষজ্ঞ নিযুক্তিৰ বাবে প্ৰয়োজন হোৱা বিত্তীয় সম্পত্তি আয়ুস মন্ত্ৰালয়ৰ বৰ্তমানৰ অনুমোদিত বাজেট আৰু প্ৰকল্প আঁচনিৰ পৰাই উপলব্ধ হ’ব৷
*******
VRRK/PK/SH/MS