Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৭জুলাইত কাৰ্গিল বিজয় দিৱসৰ স্মাৰক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ 


প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং মহোদয়, ৰাজ্য প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীপদ নায়ক মহোদয়, তিনিও সেনাৰ মূৰব্বী, আন জেষ্ঠ বিষয়াসকল, কাৰ্গিলৰ পৰাক্ৰমী সেনানী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ, ইয়াত উপস্থিত আন গণ্যমান্য ব্যক্তিসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল৷

কাৰ্গিল বিজয় দিৱসৰ এই ক্ষণত আজি সমগ্ৰ দেশবাসী শৌৰ্য গৌৰৱেৰে দেশৰ বীৰ সেনা জোৱানসকলক স্মৰণ কৰিছে৷ আজিৰ এই সুযোগত ময়ো আমাৰ সেই বীৰ সন্তানসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো, যিয়ে কাৰ্গিলৰ শিখৰৰ পৰা ত্ৰিৰংগা আঁতৰোৱাৰ ষড়যন্ত্ৰক বিফল কৰিছিল৷ নিজৰ তেজ বোৱাই সৰ্বস্ব ত্যাগ কৰা শ্বহীদসকলক আৰু তেওঁলোকক জন্ম দিয়া বীৰ মাতৃসকলকো মই প্ৰণাম জনাইছো৷ কাৰ্গিলৰ লগতে জম্মু আৰু কাশ্মীৰৰ সকলো নাগৰিকক অভিনন্দন জ্ঞাপন কৰিছো, যিয়ে দেশৰ প্ৰতি নিজৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিছে৷

সতীৰ্থসকল, ২০ বছৰ পূৰ্বে কাৰ্গিলৰ শিখৰত লিপিবদ্ধ কৰা বিজয়গাথাই আমাৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব৷ ইয়াৰদ্বাৰা উৎসাহিত হৈ বিগত দুই-তিনি সপ্তাহ ধৰি দেশৰ ভিন্ন প্ৰান্তত কাৰ্গিল বিজয় দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে৷

কিছু সময় পূৰ্বে ইয়াতো আমাৰ সাহসী সু-সন্তানসকলৰ বীৰত্বক স্মৰণ কৰা হৈছে৷ আজিৰ এই আয়োজনত অনুশাসন, কঠোৰ পৰিশ্ৰম, বীৰত্ব, ত্যাগ আৰু বলিদানৰ পৰম্পৰা, সংকল্প আৰু সংবেদনাৰে ভৰা মুহূৰ্তও আছিল৷ কেতিয়াবা বীৰত্ব আৰু পৰাক্ৰমৰ দৃশ্য দেখি দৰ্শকৰ মাজত হাত চাপৰি গুঞ্জৰিত হৈছে আৰু একে সময়তে দেশৰ বাবে প্ৰাণ বলিদান দিয়া সন্তানৰ স্মৃতিত কোনোবা মাতৃৰ চকুৰে অশ্ৰু নিগৰিছে৷

ভাই-ভনীসকল, কাৰ্গিলত ভাৰতৰ বিজয় আমাৰ বীৰ সন্তানসকলৰ অদম্য সাহসৰ জয় আছিল, ভাৰতৰ সংকল্পৰ জয় আছিল, ভাৰতৰ সামৰ্থ আৰু সংযমৰ জয় আছিল, ভাৰতৰ মৰ্যাদা আৰু অনুশাসনৰ জয় আছিল৷ কাৰ্গিলত ভাৰতৰ জয় আছিল প্ৰতিগৰাকী দেশবাসীৰ আশা-আকাংক্ষা আৰু কৰ্তব্যপৰায়ণতাৰ জয় আছিল৷

সতীৰ্থসকল, যুদ্ধত চৰকাৰে নহয় সমগ্ৰ দেশে যুঁজে৷ চৰকাৰ আহে আৰু যায়, কিন্তু দেশৰ বাবে যিয়ে জীয়াই থাকিবলৈ অথবা মৰিবলৈ চিন্তা নকৰে, তেওঁ অজৰ-অমৰ হয়৷ আমাৰ বীৰ সৈনিকসকলে আজিৰ লগতে অনাগত প্ৰজন্মৰ বাবেও নিজৰ জীৱন বলিদান দিয়ে৷ আমাৰ আহিবলীয়া দিনবোৰ যাতে সুৰক্ষিত হয়, তাৰ বাবে তেওঁলোকে নিজৰ বৰ্তমান উৎসৰ্গা কৰি দিয়ে৷ সৈনিকে জীৱন আৰু মৃত্যুৰ মাজত পাৰ্থক্য অনুভৱ নকৰে, তেওঁলোকৰ বাবে কৰ্তব্যই শেষ কথা৷

ভাই-ভনীসকল, ২০১৪ত মই শপত গ্ৰহণ কৰাৰ কিছু দিন পাছতে কাৰ্গিল যোৱাৰ সুযোগ পাইছিলো৷ অৱশ্যে ২০ বছৰ পূৰ্বে যুদ্ধ চলি থকা সময়তো মই কাৰ্গিল গৈছিলো৷ শত্ৰুৱে সেই চূড়াত বহিয়ে নিজৰ খেল খেলি আছিল৷ মৃত্যু সন্মুখত থকা সত্ত্বেও আমাৰ জোৱানসকলে ত্ৰিৰংগা লৈ সবাতোকৈ আগত ঘাটি পাব বিচাৰিছিল৷ এজন সাধাৰণ নাগৰিক হিচাপে মই অভিযানত ব্যস্ত আমাৰ সৈনিকসকলৰ সাহস আৰু বীৰত্বক সেই ভূমিত গৈ প্ৰণাম জনাইছিলো৷ কাৰ্গিল বিজয়ৰ স্থান মোৰ বাবে পূণ্য তীৰ্থভূমি যেন অনুভৱ হৈছিল৷

সতীৰ্থসকল, যুদ্ধভূমিৰ পৰিৱেশ ক’বই নালাগে, সমগ্ৰ দেশৰ নাগৰিক আমাৰ সৈনিকসকলৰ সৈতে ঐক্যবদ্ধভাৱে থিয় হৈছিল৷ দেশৰ যুৱ প্ৰজন্মই শাৰী পাতি ৰক্তদান কৰিছিল৷ এই সময়তে অটল বিহাৰী বাজপেয়ীজীয়ে দেশবাসীক এটা আশ্বাস দিছিল৷ তেওঁ কৈছিল যে যিয়ে দেশৰ বাবে প্ৰাণ ত্যাগ কৰিব, তেওঁক আমি জীৱনভৰ প্ৰতিপালন কৰিব নোৱাৰিলে, সেয়া হ’ব মাতৃভূমিৰ প্ৰতি নিজৰ কৰ্তব্য পালনত অৱহেলা৷

মই সন্তুষ্ট যে অটলজীৰ সেই বিশ্বাসক আপোনালোকৰ আশীৰ্বাদত আমি অধিক মজবুত কৰাৰ নিৰন্তৰ চেষ্টা চলাই আছো৷ বিগত পাঁচ বছৰত সৈনিক আৰু সৈনিকৰ পৰিয়ালৰ কল্যাণৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ স্বাধীনতাৰ পাছত দশক ধৰি অপেক্ষা কৰি থকা ‘এক পদ, এক পেঞ্চন’ নীতি কাৰ্যৰূপায়নৰ কাম আমাৰ চৰকাৰে সম্পূৰ্ণ কৰিছে৷

এইবাৰ চৰকাৰ গঠনৰ পাছত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত শ্বহীদৰ সন্তানৰ জলপানি বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে৷ তদুপৰি, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকেও আজি আমাৰ সাহসী সেনাসকলৰ বীৰগাথাৰে দেশবাসীক অনুপ্ৰেৰিত কৰি আছে৷ বহু বছৰ ধৰি যুদ্ধ স্মাৰক নিৰ্মাণৰ দাবী উত্থাপন হৈ আছিল আৰু এই দাবী পূৰণ কৰাৰ সৌভাগ্য আপোনালোকে আমাৰ ওপৰত অৰ্পণ কৰিছে৷

ভাই-ভনীসকল, পাকিস্তানে আৰম্ভণিৰে পৰা কাশ্মীৰক লৈ ষড়যন্ত্ৰ কৰি আছে৷ ১৯৪৮, ১৯৬৫, ১৯৭১ত তেওঁলোকে ইয়াকে কৰিছে৷ কিন্তু ১৯৯৯ত তেওঁলোকৰ ষড়যন্ত্ৰ পুনৰ এবাৰ সফল হ’বলৈ দিয়া নহ’ল৷ সেই সময়ৰ প্ৰধানমন্ত্ৰী অটলজীয়ে কৈছিল—আমাৰ চুবুৰীয়াই ভাবিছিল যে কাৰ্গিলক লৈ ভাৰতে প্ৰতিৰোধ কৰিব, বিৰোধিতা ব্যক্ত কৰিব আৰু উত্তেজনাত বিশ্ব শংকিত হৈ পৰিব৷ হস্তক্ষেপ কৰিবলৈ কিছুমান ব্যক্তি উঠিপৰি লাগিব আৰু এক নতুন সীমাৰেখা নিৰ্ধাৰণ কৰাত তেওঁলোক সফল ব৷ কিন্তু আমি যে প্ৰত্যুত্তৰ দিম, শক্তিশালী প্ৰত্যুত্তৰ দিম, সেয়া তেওঁলোকে অনুমান কৰিব পৰা নাছিল৷

সতীৰ্থসকল, এইদৰে শক্তিশালী প্ৰত্যুত্তৰ দিয়াৰ এই ৰাজনৈতিক পৰিৱৰ্তন শত্ৰুৰ বাবে অত্যন্ত প্ৰভাৱশালী হৈ পৰে৷ ইয়াৰ পূৰ্বে অটলজীৰ চৰকাৰে চুবুৰীয়াৰ সৈতে শান্তি আলোচনাৰ যি পদক্ষেপ হাতত লৈছিল, তাৰ বাবেই সমগ্ৰ বিশ্বৰ দৃষ্টিভংগী সলনি হ’বলৈ ধৰিছিল৷ তেনেকুৱা দেশেও আমাৰ কথা বুজিব ধৰিছিল, যিবোৰে প্ৰথমে আমাৰ চুবুৰীয়াৰ কৰ্মকাণ্ডত চকু মুদি আছিল৷

ভাই আৰু ভনীসকল, ভাৰতৰ ইতিহাসে কয় যে ভাৰত কেতিয়াও আক্ৰমণকাৰী দেশ নহয়৷ মানৱতাৰ কল্যাণৰ বাবে শান্তিপূৰ্ণ আচৰণ—এয়াই আমাৰ সংস্কাৰ৷ আমাৰ দেশ এই নীতিৰেই চলি আছে৷ ভাৰতত সেনাবাহিনীৰ ছবি দেশৰ ৰক্ষক হিচাপে দেখা যায় আৰু সমগ্ৰ বিশ্বত ইয়াক মানৱতা আৰু শান্তিৰ ৰক্ষক হিচাপে জনা যায়৷

যেতিয়া মই ইজৰাইল যাও তেতিয়া তাৰ নেতাই মোক ভাৰতীয় সেনাৰ ছবি দেখুৱাই আৰু কয় যে ভাৰতৰ সাহসী চিপাহীয়ে হাইফাক মুক্ত কৰিছিল৷ যেতিয়া মই ফ্ৰান্স যাও তেতিয়া দেশখনৰ স্মাৰকত বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ বলিদানৰ বীৰগাথা দেখিবলৈ পাও৷

বিশ্বযুদ্ধৰ সময়ত সমগ্ৰ মানৱতাৰ বাবে এক লাখৰো অধিক ভাৰতীয় জোৱানৰ ত্যাগ আৰু বীৰত্বক কেতিয়াও পাহৰিব নোৱাৰি আৰু বিশ্বইও পাহৰিব নোৱাৰে যে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত সৰ্বাধিক বলিদান দিয়াসকলৰ ভিতৰত ভাৰতীয় সৈনিকৰ সংখ্যা আছিল সৰ্বাধিক৷ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেনাৰ বলিদান আৰু সেৱাৰ মনোভাৱ, সংবেদনশীল ভূমিকা আৰু জনসাধাৰণৰ মাজত প্ৰৱেশ কৰিব পৰা ক্ষমতাৰ বাবে বছৰৰ পাছত বছৰ ধৰি ভাৰতীয় সেনাই প্ৰতিগৰাকী ভাৰতীয়ৰ অন্তৰত স্থান পাই আহিছে৷

সতীৰ্থসকল, আমাৰ সুসন্তান, পৰাক্ৰমী সেনা পৰম্পৰাগত যুদ্ধত পাৰ্গত হয়৷ কিন্তু আজি সমগ্ৰ বিশ্বত যুদ্ধত পৰিৱেশ সলনি হৈছে৷ আজি বিশ্বই আৰু মানৱ সমাজে ছাঁয়া যুদ্ধৰ বলি হৈছে, য’ত সন্ত্ৰাসবাদ সমগ্ৰ মানৱ সমাজৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে৷ মুকলি যুদ্ধত পৰাস্ত কিছুমান দেশে ছাঁয়া যুদ্ধৰ সহায়ত নিজৰ ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰি আছে, সন্ত্ৰাসবাদক উদগণি যোগাই আছে৷

আজি সময়ৰ আহ্বান যে মানৱতাৰ ওপৰত বিশ্বাস তখা সকলো শক্তিয়ে সশস্ত্ৰ বাহিনীৰ সৈতে ঐক্যবদ্ধভাৱে থিয় হওক, তেতিয়াহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী যুঁজ দিয়াতো সম্ভৱ হ’ব৷

ভাই-ভনীসকল, আজিৰ যুঁজ মহাকাশলৈ সম্প্ৰসাৰিত হৈছে আৰু চাইবাৰ বিশ্বক লৈও এতিয়া যুদ্ধ হয়৷ এইবাবে সেনাক আধুনিক কৰি তোলাৰ আৱশ্যকতা আছে৷ আধুনিকতা আমাৰ সেনাৰ পৰিচয় হোৱা উচিত৷ জল, স্থল আৰু নৌক্ষেত্ৰত আমাৰ সেনাই সফলতাৰ উচ্চ শিখৰ স্পৰ্শ কৰিব পৰাকৈ তেওঁলোকক সামৰ্থবান আৰু আধুনিক কৰি তুলিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত আছে৷

ৰাষ্ট্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত কাৰোবাৰ হেচা অথবা প্ৰভাৱত যিদৰে কাম কৰিব নোৱাৰি, সেইদৰে কোনো অভাৱো থাকিব নালাগে৷ গভীৰ সমুদ্ৰৰ পৰা বিশাল মহাকাশলৈ ভাৰতৰ কল্যাণৰ বাবে য’লৈকে সুৰক্ষাৰ আৱশ্যকতা হ’ব, ভাৰতে নিজৰ সামৰ্থৰ পূৰ্ণ ব্যৱহাৰ কৰিব৷ এই চিন্তাৰে দেশত সেনাৰ আধুনিকীকৰণৰ কাম ক্ষিপ্ৰগতিৰে চলি আছে৷

আধুনিক ৰাইফলৰ পৰা আৰম্ভ কৰি টেংক, তোপ আৰু যুজাৰু বিমানলৈ, আমি ভাৰতত তীব্ৰগতিৰে নিৰ্মাণ কৰি আছো৷ প্ৰতিৰক্ষা ক্ষেত্ৰত মেক ইন ইণ্ডিয়াৰ বাবে ব্যক্তিগত খণ্ডৰ অধিক অংশীদাৰিত্ব আৰু বিদেশী বিনিয়োগ বৃদ্ধিৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছো৷ প্ৰয়োজন অনুসৰি আধুনিক অস্ত্ৰ-শস্ত্ৰও আমদানি কৰি থকা হৈছে৷

অনাগত সময়ত আমাৰ সেনাই বিশ্বৰ অত্যাধুনিক সা-সৰঞ্জাম লাভ কৰিব৷ কিন্তু সতীৰ্থসকল, সেনাক শক্তিশালী কৰিবলৈ আদুনিকতাৰ সৈতে আৰু এটা গুৰুত্বপূৰ্ণ দিশ আছে৷ সেয়া হ’ল একতা৷ আমাৰ তিনিওটা সেনা বাহিনীৰ পোচাকৰ ৰং পৃথক হ’লেও সকলোৰে লক্ষ্য কিন্তু এটাই, সকলোৰে মন এটাই৷ আমাৰ সেনাৰ তিনিওটা বাহিনীক আধুনিক সামৰ্থবান কৰি তোলা এতিয়া সময়ৰ আহ্বান৷

সতীৰ্থসকল, সেনাৰ সৱলীকৰণৰ সমান্তৰালকৈ আমি সীমাৰ সৈতে সংলগ্ন গাঁওসমূহকো ৰাষ্ট্ৰৰ সুৰক্ষা আৰু বিকাশৰ অংশীদাৰ কৰি আছো৷ চুবুৰীয়া ৰাষ্ট্ৰৰ সীমাত লাগি থকা আমাৰ সীমান্ত অথবা সমুদ্ৰৰ উপকূলৰ নিকটত থকা গাঁওক আমি আন্তঃগাথনিৰে মজবুত কৰি আছো৷ আমি ভালদৰে উপলব্ধি কৰো যে সীমাৱৰ্তী গাঁওসমূহ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ জটিল পৰিস্থিতিৰ বাবে সীমাৱৰ্তী অঞ্চলত বাস কৰা ব্যক্তিসকল পলাবলৈ বাধ্য হয়৷

এই পৰিস্থিতিক সলনি কৰিবলৈ যোৱা পাঁচ বছৰত সীমান্ত অঞ্চল উন্নয়ন আঁচনিক সৱল কৰা হৈছে৷ দেশৰ ১৭খন ৰাজ্যক ৪৫০০ কোটিৰো অধিক টকাৰ সাহায্য এই কামৰ বাবেই আগবঢ়োৱা হৈছে৷

জম্মু আৰু কাশ্মীৰত আন্তঃৰাষ্ট্ৰীয় সীমাৰ সৈতে লাগি থকা লোকসকলক সংৰক্ষণৰ ব্যৱস্থা আগবঢ়োৱাও এক গুৰুত্বপূ্ৰ্ণ সিদ্ধান্ত৷ মোৰ পূৰ্ণ বিশ্বাস আছে যে দেশৰ প্ৰতিগৰাকী নাগৰিক আৰু আমাৰ বীৰ সন্তানসকলৰ প্ৰয়াসৰ বাবে দেশ সদায় সুৰক্ষিত হৈ থাকিব৷ যেতিয়া দেশ সুৰক্ষিত হ’ব, তেতিয়াহে বিকাশৰ নতুন উচ্চতা স্পৰ্শ কৰিব পৰা যাব৷

আহক আমি সকলোৱে মিলি সংকল্প লও যে আমাৰ বীৰ সেনাসকলৰ ত্যাগ আমি অথলে যাবলৈ নিদিও৷ আমি তেওঁলোকৰ পৰা প্ৰেৰণা লম আৰু তেওঁলোকৰ সপোনৰ ভাৰত গঢ়াত নিজৰ জীৱন উৎসৰ্গা কৰিম৷

আজি এই কাৰ্গিল বিজয় দিৱসৰ দিনা আমি বীৰসকলৰ পৰা প্ৰেৰণা লৈ দেশৰ হৈ নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰাৰ সংকল্প লও আহক৷ এই মনোভাৱেৰে সেই বীৰ সন্তানসকলক মই প্ৰণাম জনাইছো৷ সকলোৱে কওক—ভাৰত মাতা কী—জয়৷

ভাৰত মাতা কী—জয়৷

ভাৰত মাতা কী—জয়৷

বহুত বহুত ধন্যবাদ৷

***

वी.आर.आर.के./ एस.एच./ एन.एस/MS