মোৰ বন্ধু মহামান্য ৰাষ্ট্ৰপতি ঝি ঝিনপিং আৰু ৰাষ্ট্ৰপতি পুটিন,
আমি তিনিওখন দেশে যোৱা বছৰ আৰ্জেণ্টিনাত এখন সন্মিলন পৰ্যায়ৰ বৈঠকত মিলিত হৈছিলো৷ বিশ্বৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উপযোগী মতবিনিময়ৰ পাছত আমি ভৱিষ্যতলৈ পুনৰ মিলিত হোৱাৰ প্ৰতিশ্ৰুতি দিছিলো৷ আজি এই আৰআইচি বেচৰকাৰী সন্মিলনত আপোনালোকক আদৰণি জনাবলৈ পাই মই অত্যন্ত সুখী৷
বিশ্বৰ আগশাৰীৰ অৰ্থনীতিৰ দেশ হিচাপে বিশ্বৰ অৰ্থনীতি, ৰাজনীতি আৰু নিৰাপত্তাজনিত দিশৰ ওপৰত আমাৰ মাজত হোৱা মত–বিনিময় গুৰুত্বপূৰ্ণ৷ আমাৰ ত্ৰিপাক্ষিক বৈঠক হ’ল গোলকীয় বিষয়ৰ আলোচনা আৰু সহযোগিতাৰ এক উপযোগী মাধ্যম৷
চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত আমাৰ বৈদেশিক মন্ত্ৰীৰ মাজত বিভিন্ন বিষয়ত মত–বিনিময় হৈছে৷ এই আলোচনাত অন্তৰ্ভুক্ত হৈছিল সন্ত্ৰাস–বিৰোধী অভিযান, আন্তঃৰাষ্ট্ৰীয় সমস্যা, সংশোধিত বহুপক্ষীয়তাবাদ, জলবায়ু পৰিৱৰ্তন আৰু আৰআইচিৰ অধীনত সহযোগিতা আদি বিষয়৷
এতিয়া মই মহামান্য ৰাষ্ট্ৰপতি ঝি ঝিনপিঙক আৰম্ভণি ভাষণ আগবঢ়াবলৈ অনুৰোধ জনালো৷
(ৰাষ্ট্ৰপতি ঝি ঝিনপিঙৰ আৰম্ভণি ভাষণৰ পাছত)
ধন্যবাদ ৰাষ্ট্ৰপতি ঝি,
এতিয়া মই ৰাষ্ট্ৰপতি পুটিনক আৰম্ভণি ভাষণ আগবঢ়াবলৈ অনুৰোধ জনালো৷
ধন্যবাদ ৰাষ্ট্ৰপতি পুটিন৷
***
AKT/SH/SKS/MS