প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত এনডিএ চৰকাৰে ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ মূলমন্ত্ৰ ধাৰণ কৰিছে৷ জনসাধাৰণক প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহৰ এটা প্ৰতিশ্ৰুতি পূৰণ কৰি প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে মুছলিম মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) বিধেয়ক, ২০১৯ৰ অনুমোদন প্ৰদান কৰিছে৷ এই বিধেয়কে মুছলিম মহিলা (বিবাহ অধিকাৰৰ সুৰক্ষা)ক দ্বিতীয় অধ্যাদেশ, ২০১৯ (২০১৯ৰ অধ্যাদেশ ৪)ৰ স্থান গ্ৰহণ কৰিব৷
প্ৰভাৱঃ
এই বিধেয়কে মুছলিম মহিলাসকলক লিংগ সমতা প্ৰদান কৰিব আৰু ন্যায় সুনিশ্চিত কৰিব৷ এই বিধেয়কে বিবাহিত মুছলিম মহিলাসকলৰ অধিকাৰ ৰক্ষা কৰাত সহায় কৰিব আৰু তেওঁলোকৰ স্বামীৰ দ্বাৰা বিচ্ছেদ হোৱাৰ পৰা ৰক্ষা পৰিব৷ এই বিধেয়ক সংসদৰ পৰৱৰ্তী অধিৱেশনত উত্থাপিত হ’ব৷
প্ৰণয়নঃ
এই বিধেয়কত তিনি তালাকক ৰদ তথা বেআইনী হিচাপে ঘোষণা কৰা হৈছে৷
ইয়াত তিনি বছৰৰ কাৰাবাস আৰু জৰিমণাৰ সৈতে দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হৈছে৷
ইয়াত বিবাহিত মুছলিম মহিলাসকল আৰু তেওঁলোকৰ আশ্ৰিত সন্তানক ভাট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে৷
যি বিবাহিত মুছলিম মহিলাক তালাক প্ৰদান কৰা হৈছে, তেওঁৰ জ্ঞাতনুসাৰে মেজিষ্ট্ৰেটৰ আদেশমৰ্মে ইয়াক কঠোৰ অপৰাধ হিচাপে গণ্য কৰা হৈছে৷
বিধায়কত মেজিষ্ট্ৰেটৰ দ্বাৰা আৰোপীক জামিনত মুক্তি দিয়াৰ পূৰ্বে সেই বিবাহিত মুছলিম মহিলাৰ কথা শুনাৰ ব্যৱস্থা প্ৰদান কৰা হৈছে৷
মুছলিম মহিলা (বিবাহৰ অধিকাৰৰ সুৰক্ষা) বিধেয়ক, ২০১৯ মুছলিম মহিলা (বিবাহ অধিকাৰৰ সুৰক্ষা) দ্বিতীয় অধ্যাদেশ ২০১৯ (২০১৯ৰ অধ্যাদেশ ৪)ৰ সমপৰ্যায়ৰ৷
*****
AKT/AK/MANN