Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীবিভাজন পদ্ধতি সন্দৰ্ভত তিনিখনকৈ চুক্তিৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত আজি কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে ভাৰত চৰকাৰৰ তিনিটা বিশেষ প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন প্ৰদান কৰে কেবিনেটে। এই বিশেষ তিনিটা প্ৰস্তাৱ ক্ৰমে ক) চিহ্ন পঞ্জীয়ণৰ উদ্দেশ্যৰ বাবে পণ্য আৰু সেৱাৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীবিভাজন সন্দৰ্ভত ‘দ্য নাইচ’ চুক্তি সংযোজন, খ) চিহ্নৰ আলংকৰিক কাৰকসমূহৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীবিভাজন প্ৰতিষ্ঠা কৰিবৰ বাবে ‘দ্য ভিয়েনা’ চুক্তি সংযোজন, আৰু গ) ঔদ্যোগিক ডিজাইনসমূহৰ বাবে ‘দ্য লোকাৰ্ণো’ চুক্তি সংযোজন।

এই নাইচ, ভিয়েনা আৰু লোকাৰ্ণো চুক্তিৰ সংযোজনে ভাৰতত থকা বৌদ্ধিক সম্পত্তি কাৰ্যালয়ক যথেষ্ট সহায় কৰিব, বিশেষকৈ সমগ্ৰ বিশ্বতে চলি থকা শ্ৰেণীবিভাজন পদ্ধতিৰ সৈতে সামঞ্জস্য ৰাখি ট্ৰেডমাৰ্ক আৰু ডিজাইন এপ্লিকেশ্যনৰ বাবে শ্ৰেণীবিভাজন পদ্ধতিসমূহ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এই সংযোজনে অতি ফলপ্ৰসূ ভুমিকা পালন কৰিব।

এই চুক্তি সংযোজনে আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীবিভাজন পদ্ধতিত ভাৰতীয় ডিজাইন, আলংকৰিক কাৰক আৰু পণ্যসামগ্ৰীসমূহক অন্তৰ্ভুক্ত কৰাৰ বাবে এক সুবিধা প্ৰদান কৰিব।

এই চুক্তি সংযোজনে ভাৰতত বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাকবচৰ ক্ষেত্ৰত বিদেশী বিনিয়োগকাৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি ধাৰণা কৰা হৈছে।

ইফালে এই চুক্তিকেইখনে ইয়াৰ পৰিসৰৰ ভিতৰত শ্ৰেণীবিভাজনৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা সম্বন্ধে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত বিশেষাধিকাৰ প্ৰদান কৰিব।

*****

AKT/SH/RD