প্রধানমন্ত্রী নৰেন্দ্র মোদীৰঅধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত ভাৰতত দ্রুত বিদ্যুৎচালিত যান-বাহন চলোৱাআৰুইয়াৰ উৎপাদন আৰম্ভ কৰাৰ লক্ষ্যৰে দ্বিতীয় পর্যায়ৰ‘ফেম ইন্ডিয়া’ প্রকল্পলৈ অনুমোদন প্ৰদান কৰা হৈছে। ২০১৯ চনৰ ১ এপ্রিলৰ পৰা তিনি বছৰৰবাবে এই প্রকল্পৰ বাবে ১০ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে। উল্লেখ্য যে ২০১৫ চনৰ ১ এপ্রিল তাৰিখে ৮৯৫ কোটি টকা আবণ্টনেৰে এই প্রকল্পৰ প্রথম পর্যায়ৰ কামআৰম্ভ কৰা হৈছিল।
আমাৰ দেশত বিদ্যুৎচালিত যানবাহনৰ ব্যৱহাৰৰ প্ৰতিজনসাধাৰণক অভ্যস্ত কৰি তোলা আৰু এনে বাহনৰ উৎপাদনক উৎসাহিত কৰিবলৈ এই ধৰণৰ যানবাহন ক্ৰয় কৰাৰ বাবে তাৎক্ষণিক ৰেহাই প্ৰদান কৰা আৰু সমগ্ৰ দেশতে বিদ্যুৎচালিত যানবাহনৰবেটাৰীছার্জিংৰবাবে প্রয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলাই হৈছে এই প্রকল্পৰমুখ্য উদ্দেশ্য। আনফালে, এই প্রকল্পটোআৰম্ভ হ’লে আমাৰ দেশত পৰিৱেশ প্ৰদূষণৰ সমস্যা যিদৰে হ্ৰাস পাব, ঠিক তেনেদৰেইন্ধনৰ নিৰাপত্তাও উল্লেখযোগ্যভাৱে বৃদ্ধি পাব।
ৰাজ্য আৰু নগৰ পৰিবহণ নিগমসমূহৰ মাধ্যমেৰে ইলেক্ট্রিক বা বিদ্যুৎচালিত বাহন প্রদান, জনসাধাৰণৰ ব্যৱহাৰৰবাবে অথবা বাণিজ্যিক ভিত্তিত ব্যৱহাৰেৰবাবে যানবাহন সৰবৰাহৰ ব্যৱস্থা আৰু পৰৱর্তী পর্যায়ত বেচৰকাৰী মালিকানাধীন বিদ্যুৎচালিত যানবাহন উৎপাদন আৰু সৰবৰাহৰ ব্যৱস্থাৰ কথা এই প্রকল্পত পৰিকল্পনা কৰা হৈছে। সমগ্ৰ দেশৰে বিভিন্ন চহৰসমূহতপ্ৰথমাৱস্থাত ২,৭০০টা ছার্জিং ষ্টেশ্যন স্থাপন কৰাআৰু ভৱিষ্যতে ৯ বর্গ কিলোমিটাৰ দূৰত্বৰমাজতছার্জিং ষ্টেশ্যন নিৰ্মাণ কৰাৰ বিষয়েও এই প্রকল্পত উল্লেখ কপৰা আছে। ঘাইপথসমূহত ২৫ কিলোমিটাৰৰমূৰে মূৰেপথৰ দুয়োকাষেছার্জিং ষ্টেশ্যন গঢ়ি তোলাৰ কথাও এই প্রকল্পত উল্লেখ কৰা হৈছে।
*****
AKT/SH/RD