Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ নতুন দিল্লীত প্ৰধানমন্ত্ৰীয়ে ইস্ক’নৰ গীতা আৰাধনা মহোৎসৱত অংশগ্ৰহণ কৰিব


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৬ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে নতুন দিল্লীত ইস্ক’নে আয়োজিত কৰা গীতা আৰাধনা মহোৎসৱত উপস্থিত থাকিব৷

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ইস্ক’নৰ ভক্তসমাজে প্ৰস্তুত কৰা ভাগৱত গীতা মুকলি কৰিব৷ এই ভাগৱত গীতাখন ২.৮ দীঘল আৰু ওজন ৮০০ কিলোগ্ৰাম৷ ইয়াত মূল ভাগৱতৰ শ্লোকসমূহ থকাৰ লগতে মন্তব্যসমূহো আছে৷ প্ৰধানমন্ত্ৰীয়ে এই ভাগৱত গীতাৰ পৃষ্ঠা এখন লুটিয়াই গ্ৰন্থখন মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে উপস্থিত জনতাক সম্বোধি ভাষণো প্ৰদান কৰিব৷

***

AKT/KP/SBP/MANN