Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চৰকাৰে আন্তঃগাঁথনিমূলক উন্নয়নত অগ্ৰাধিকাৰ দিয়া বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে

চৰকাৰে আন্তঃগাঁথনিমূলক উন্নয়নত অগ্ৰাধিকাৰ দিয়া বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে

চৰকাৰে আন্তঃগাঁথনিমূলক উন্নয়নত অগ্ৰাধিকাৰ দিয়া বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে

চৰকাৰে আন্তঃগাঁথনিমূলক উন্নয়নত অগ্ৰাধিকাৰ দিয়া বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোল্লাম ৬৬নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বৈত পথযুক্ত ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ কোল্লাম বাইপাছটো দেশবাসীৰ উদ্দেশ্যে উৎচর্গা কৰে। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত কেৰালাৰ ৰাজ্যপাল ন্যায়াধীশ শ্রী পি, সদাশিৱম, কেৰালাৰ মুখ্যমন্ত্রী শ্রী পিনাৰাই বিজয়ন, কেন্দ্রীয় পর্যটন প্ৰতিমন্ত্রী শ্রী কে জে আলফোন্স আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

কোল্লামৰ আশাৰাম ময়দানত এক বিশাল ৰাজহুৱা সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে চৰকাৰে আন্তঃগাথনিমূলক উন্নয়নত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। এই ক্ষেত্ৰত কোল্লাম বাইপাছ এক অন্যতম উদাহৰণ৷
প্ৰধানমন্ত্ৰীয়ে ভাষণপ্ৰসংগত লগতে কয় যে ২০১৫ চনৰ জানুৱাৰীত প্ৰকল্পটো চূড়ান্ত অনুমোদন লাভ কৰে। প্ৰধানমন্ত্রীয়ে কয় যে তেওঁৰ চৰকাৰে সহজ জীৱনযাপনৰ বাবে ‘সবকা সাথ, সবকা বিকাশ’ত বিশ্বাসী। প্ৰকল্পটো সম্পূর্ণ কৰাৰ ক্ষেত্ৰত কেৰালা চৰকাৰৰ বৰঙণি আৰু সহযোগিতাৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। উল্লেখ্য যে কোল্লাম বাইপাছৰ নিৰ্মাণৰ বাবে আলাপুঝাৰ পৰা তিৰুৱনন্তপুৰম যোৱাৰ সময় বহু পৰিমাণে কমি যাব৷ তদুপৰি, কোল্লাম চহৰৰ যানজঁটো বহু পৰিমাণে হ্ৰাস পাব৷

কেৰালাৰ বিভিন্ন প্ৰকল্প সম্পর্কে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০১৪চনৰ মে’ৰ পৰাই কেৰালাত ৰাষ্ট্ৰীয় ঘাইপথৰ প্রায় ৫০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। তেওঁ লগতে কয় যে ভাৰতমালাত অধীনত মুম্বাই-কণ্যাকুমাৰী কৰিড’ৰ নির্মাণৰ বাবে এটি বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে৷

প্ৰধানমন্ত্রীয়ে কয় যে সকলো প্ৰকল্পৰ কাম সময়মতে শেষ কৰাৰ প্ৰতি চৰকাৰ প্ৰতিশ্রুতিবদ্ধ। তেওঁ কয় যে ১২ লাখ কোটি টকা মূল্যৰ ২৫০টাতকৈও অধিক প্ৰকল্পৰ পর্যালোচনাৰ কাম ইতিমধ্যে সম্পন্ন হৈছে৷

পথ সংযোগৰ কামৰ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে পূর্বৰ চৰকাৰৰ তুলনায় এই চৰকাৰৰ আমোলত ৰাষ্ট্ৰীয় ঘাইপথ বা গ্রামীণ পথ নির্মাণৰ গতি দুগুন বৃদ্ধি পাইছে। ৯০ শতাংশতকৈও অধিক গ্রামীণ গৃহ এতিয়া এই ধৰণৰ সংযোগৰ আওতালৈ আহিছে। পূর্বৰ চৰকাৰে মাত্ৰ ৫৬ শতাংশ গৃহক সংযোগ কৰিছিল পথসমূহে। এনে পৰিপ্রেক্ষিতত প্ৰধানমন্ত্ৰী মোদীয়ে আশা কৰে যে তেওঁৰ চৰকাৰে শীঘ্ৰে ১০০ শতাংশ পথ সংযোগৰ লক্ষ্য পূৰণ কৰিব পাৰিব৷

প্ৰধানমন্ত্রীয়ে প্ৰসংগক্ৰমে আঞ্চলিক বিমান সংযোগ আৰু ৰে’ল সম্প্ৰসাৰণৰ ফলত কর্মসম্পাদনৰ সুযোগ সৃষ্টি হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে যেতিয়া আমি পথ আৰু সেঁতু নির্মাণ কৰো, তেতিয়া আমি কেৱল চহৰ আৰু গাঁৱকেই সংযোগ কৰা নাই, আমি আশা-আকাংক্ষাৰ লগতে সাফল্য, সা-সুবিধা আৰু সুখানুভূতিকো সংযোগ কৰিছো৷
আয়ুষ্মান ভাৰত আঁচনিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ অধীনত ৮ লাখ ৰোগী উপকৃত হৈছে। এই প্ৰকল্পত এতিয়ালৈকে চৰকাৰে ১১০০ কোটিতকৈও অধিক টকা মঞ্জুৰি দিছে। কেৰালা চৰকাৰক তেওঁ এই প্ৰকল্প ৰূপায়ণৰ কাম ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেৰালাৰ অর্থনৈতিক উন্নয়নত পর্যটনৰ ডাঙৰ ভূমিকা থকাৰ লগতে ই ৰাজ্যখনৰ অর্থনৈতিক বিকাশৰো মূলধন। কেৰালাৰ পর্যটন সম্ভাৱনীয়তাক স্বীকৃতি দিয়াৰ বাবে তেওঁৰ চৰকাৰে ‘স্বদেশ দর্শন’ আৰু ‘প্ৰসাদ’ আঁচনিৰ অধীনত ৰাজ্যখনৰ সাতটি প্ৰকল্পত অনুমোদন জনাইছে৷ ইয়াৰ বাবে ৫৫০ কোটি টকা প্ৰদান কৰা হ’ব৷
পর্যটন খণ্ডৰ গুৰুত্ব সম্পর্কে প্ৰধানমন্ত্রীয়ে কয়, ‘পর্যটন খণ্ডত ২০১৬ত ১৪ শতাংশ বৃদ্ধি লক্ষ্য কৰা গৈছে। ২০১৮ৰ বিশ্ব ভ্ৰমণ আৰু পৰ্যটন পৰিষদৰ প্ৰতিবেদনত ‘পাৱাৰ ৰেংকিঙ’ৰ ক্ষেত্রত ভাৰতে তৃতীয় স্থানলৈ উন্নীত হৈছে। ভাৰতত ২০১৩ চনত প্রায় ৭০ লাখ বিদেশী পর্যটক আহিছিল। ২০১৭ত সেয়া বৃদ্ধি পাই ১ কোটি হৈছে। তেওঁ লগতে কয় যে ই-ভিছা আৰম্ভ হোৱাৰ বাবে ভাৰতীয় পর্যটন খণ্ড বিপুল পৰিৱর্তন আহিছে। এতিয়ালৈকে ১৬৬খন দেশৰ নাগৰিকৰ বাবে ভাৰতে ই-ভিছাৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে৷

***

AKT/KP/SBP/DB