Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ বাৰাণসীৰ বিএইচইউ পৰিদৰ্শন; মদন মোহন মালব্যৰ মূৰ্তি উন্মোচন আৰু বিভিন্ন প্ৰকল্পৰ মুকলি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ বিএইচইউ পৰিদৰ্শন কৰে৷ তাতে তেওঁ পণ্ডিত মদন মোহন মালব্যৰ মূৰ্তি উন্মোচন কৰাৰ লগতে বাৰাণসী ঘাটৰ দেৱাল চিত্ৰও মুকলি কৰে৷ তেওঁ পণ্ডিত মদন মোহন মালব্যৰ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷

এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক, মুখ্যমন্ত্ৰী শ্ৰী যোদী আদিত্যনাথ তথা অন্যান্য প্ৰতিনিধিসকলো উপস্থিত আছিল৷

প্ৰধানমন্ত্ৰীয়ে পণ্ডিত মদন মোহন মালব্য কৰ্কট চিকিৎসালয় আৰু লাহৰতাৰাৰ ভাবা কৰ্কট চিকিৎসালয়ো মুকলি কৰে৷ এই চিকিৎসালয় কেইখনে উত্তৰ প্ৰদেশ আৰু নিকটৱৰ্তী ৰাজ্য মধ্যপ্ৰদেশ, ছট্টিশগড়, ঝাৰখণ্ড আৰু বিহাৰৰ ৰোগীসকলকো উপকৃত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ বুলি নিৰ্ভুল প্ৰযুক্তিৰ সৈতে প্ৰথমখন নতুন ভাবাট্ৰ’ন উচৰ্গা কৰে৷

তেওঁ ডে’-কেয়াৰ ইউনিট আৰু অ’পিডি পৰিদৰ্শন কৰি ৰোগীসকলৰ সৈতে মত বিনিময় কৰে৷

প্ৰধানমন্ত্ৰীয়ে পিএমজেএৱাই-আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে৷

******

AKT/KP/MANN