প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী লোককে কঠোৰ শাস্তি বিহা হ’ব। তেওঁ কয় যে এই ঘটনাৰ সৈতে জড়িত লোকৰ লগতে এই ঘটনাক উচতনি দিয়া লোকসকলে এয়া ডাঙৰ ভুল কৰিলে আৰু ইয়াৰ বাবে তেওঁলোকে ভুগিব লাগিব। এইক্ষেত্ৰত তদন্ত অব্যাহত ৰাখিবৰ বাবে লগতে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰাপত্তা বাহিনীক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে, ইফালে পাকিস্তানকো কঠোৰ সকীয়নী দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পাকিস্তানে ভাবিব নালাগে যে এই ঘটনাই ভাৰতক দুৰ্বল কৰি পেলাব।
উল্লেখ্য যে নতুন দিল্লী ৰে’লৱে ষ্টেশ্যনৰ পৰা নতুন দিল্লী আৰু বাৰাণসীৰ মাজত চলিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণত উল্লেখ কৰে এই কথা।
তলত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজীৰ প্ৰাথমিক খচৰাৰ সাৰাংশ আগবঢ়োৱা হৈছে –
“এনে এক দুঃসহ সময়ত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ জোৱানসকললৈ মোৰ শ্ৰদধ নিবেদন কৰিছো। দেশৰ বাবেই প্ৰাণাহুতি দিলে তেওঁলোকে। তেওঁলোকৰ শোকসন্তপ্ত পৰিয়াললৈও মোৰ সমবেদনা যাচিছোঁ।
মই জানো, তাত যি হৈছিল সেই বিষয়ে শুনিলে, সেয়া দেখিলে ক্ষোভত অন্তৰাত্মা জ্বলি উঠে, খংত তেজ গৰম হৈ উঠে। এনে এক জটিল সময়ত তেনে অনুভৱ তেনেই স্বাভাৱিক।
আমি আমাৰ নিৰাপত্তা কৰ্মীসকলক পূৰণ স্বাধীনতা দিছো এই ক্ষেত্ৰত তদন্ত চলাবলৈ। আমাৰ সুৰক্ষা বাহিনীৰ সাহস আৰু শৌৰ্যৰ ওপৰত পূৰ্ণ বিশ্বাস আছে। মই বিশ্বাসী যে দেশপ্ৰেমৰ ভাৱনাৰে প্ৰতিগৰাকী লোকেই আমাৰ এজেন্সিবোৰক এই ঘটনাৰ সৈতে জড়িত কালপ্ৰীতবোৰক ধৰা পেলোৱাৰ ক্ষেত্ৰত সঠিক তথ্য প্ৰদান কৰিব।
মই সেই সন্ত্ৰাসবাদী সংগঠনৰ লগতে সন্ত্ৰাসবাদক উদগনি যোগোৱা প্ৰতিটো অপশক্তিকে কওঁ যে তেওঁলোকে এয়া ডাঙৰ ভুল কৰিছে। ইয়াৰ বাবে তেওঁলোকে খুব বেয়াকৈ ভুগিব লাগিব।
মই দেশবাসীক নিশ্চিতি দিওঁ যে এই আক্ৰমণৰ ঘটনাৰ আঁৰত থকা সকলক কঠোৰ শাস্তি বিহা হ’ব।
আমাক এই মুহুৰ্তত সমালোচনা কৰি থকা সকলৰ মনোবৃত্তি মই বুজিছো। সমালোচনা কৰাৰ বাবে তেওঁলোকৰ পূৰ্ণ অধিকাৰ আছে। তথাপি, মই মোৰ সকলো বন্ধু-বান্ধৱকে কওঁ যে এইখিনি সময় বৰ স্পৰ্শকাতৰ সময়, বৰ আবেগিক সময়, এইখিনি সময় আমি সমগ্ৰ দেশবাসীয়ে একেলগে থিয় হওঁ আহক, সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে মাত মাতো আহক। আমি সমস্বৰে মাত মাতিব লাগিব আৰু এয়া হ’ব লাগিব ৰাজনীতিৰ উৰ্ধ্বত। এই বাৰ্তা সমগ্ৰ বিশ্বজুৰি প্ৰসাৰিত হ’ব লাগিব, সকলোৱে জানিব লাগিব যে আমি এক দেশ এক কন্ঠ আৰু আমাৰ যুদ্ধ সন্ত্ৰাসবাদৰ বিৰুদ্ধে, আৰু আমি এই যুদ্ধত জয়ী হ’মেই।
সমগ্ৰ বিশ্বই এঘৰীয়া কৰা আমাৰ প্ৰতিবেশী দেশখনে এতিয়াও স্বপ্নত বিভোৰ হৈ আছে, তেওঁলোকে যদিহে এই ঘটনাৰ ফলত ভাৰত বিধ্বস্ত হৈ পৰা বুলি ভাবিছে, তেন্তে তেওঁলোকে চৰম ভুল কৰিছে। চৰম অৰ্থনৈতিক সংকটৰ গৰাহত পৰি থকা আমাৰ এই প্ৰতিবেশী দেশখনে এয়া দিবাস্বপ্ন পৰিহাৰ কৰা উচিত।
তেওঁলোকে জনা উচিত যে এনেধৰণৰ ঘৃণনীয় কাৰ্যৰ উদ্দেশ্য কেতিয়াও সফল নহয়।
সময়ে আক এবাৰ প্ৰমাণ কৰিলে যে এনেধৰণৰ পন্থা গ্ৰহণ কৰাসকলে সদায়েই নিজকে শেষ কৰি দিয়ে। ইফালে আমি গ্ৰহণ কৰিছো প্ৰগতি, বিকাশ আৰু উন্নয়নৰ পথ।
তেওঁলোকৰ এনে ঘৃণনীয় কাৰ্যৰ সমুচিত উত্তৰ দিব দেশৰ ১৩০ কোটি ভাৰতীয়ই। বহু শক্তিশালী দেশেও ইতিমধ্যেই এই সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে আৰু সদায়েই ভাৰতৰ বিপদৰ সময়ত কাষত থকাৰ প্ৰতিশ্ৰুতি দি আহিছে, তেওঁলোকে এইক্ষেত্ৰতো ভাৰতৰ প্ৰতি সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। এই আটাইবোৰ দেশৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু তেওঁলোকক আহ্বান জনাইছো যে ভাৰতেই নহয়, সমগ্ৰ বিশ্বৰ পৰাই সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে তেওঁলোকে যেন একত্ৰিত হৈ আগবাঢ়ি আহে। সন্ত্ৰাসবাদৰ এনে ভয়াবহতা তেতিয়াহে নিৰ্মূল হ’ব বা নিয়ন্ত্ৰিত হ’ব, যেতিয়া বিশ্বৰ সকলোবোৰ দেশেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰি আগবাঢ়ি আহে।
বন্ধুসকল, পুলৱামাৰ আক্ৰমণৰ পিছত আমি শোকস্তব্ধ হৈ পৰিছো, লগতে ক্ৰোধান্বিত হৈ পৰিছো। তথাপি আপোনালোকক আশ্বস্ত কৰি কওঁ যে এনেধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ হাতেৰে দমন কৰিব। কোনোপধ্যেই ভাৰতে পিছহুহকি নাহে এনে পৰিস্থিতিত। আমাৰ সাহসী বীৰ জোৱানসকলে দেশৰ বাবে প্ৰাণ আহুতি দিছে। এই শ্বহীদসকলে কেৱল দুটা স্বপ্ন লৈয়েই জীয়াই থাকে, এটা হৈছে দেশৰ সুৰক্ষা, আৰু আনটো হৈছে দেশৰ সমৃদ্ধি। মই শতকোটি প্ৰণিপাত জনাইছো তেওঁলোকলৈ, মোৰ অশ্ৰুঅঞ্জলি যাচিছোঁ। তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছো যে তেওঁলোকৰ স্বপ্নৰ ভাৰতখন গঢ়ি তোলাৰ ক্ষেত্ৰতযেন আমি কেতিয়াও অকণো আপোচ কৰিবৰ প্ৰয়োজন নহয়। আমাৰ দেশৰ শ্বহীদসকললৈ সন্মান জনাবলৈ দেশক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি কঠোৰ পৰিশ্ৰম কৰি যাম।
বন্দে ভাৰত এক্সপ্ৰেছৰ ধাৰণা, ডিজাইন আৰু কাৰ্যকৰীকৰণৰ বাবে নিদে নিশাই কাম কৰা দেশৰ প্ৰতিগৰাকী অভিযন্তা, কৰ্মীকে মোৰ অভিনন্দন জনাইছো। চেন্নাইৰ কাৰখানাত নিৰ্মাণ কৰা এই ৰে’লখনে আজি নতুন দিল্লী আৰু বাৰাণসীৰ মাজত ইয়াৰ প্ৰথমটো যাত্ৰা সম্পন্ন কৰিব। এয়াই হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ শক্তি আৰু ইয়াৰেই ফল বন্দে ভাৰত।
***
AKT/SK/RD
मैं पुलवामा के आतंकी हमले में शहीद जवानों को श्रद्धांजलि अर्पित करता हूं।
— PMO India (@PMOIndia) February 15, 2019
उन्होंने देश की सेवा करते हुए अपने प्राण न्योछावर किए हैं। दुःख की इस घड़ी में मेरी संवेदनाएं, उनके परिवारों के साथ हैं: PM
इस हमले की वजह से देश में जितना आक्रोश है, लोगों का खून खौल रहा है, ये मैं समझ रहा हूं।
— PMO India (@PMOIndia) February 15, 2019
इस समय जो देश की अपेक्षाएं हैं, कुछ कर गुजरने की भावनाएं हैं, वो स्वाभाविक है।
हमारे सुरक्षा बलों को पूर्ण स्वतंत्रता दी हुई है।
हमें अपने सैनिकों के शौर्य पर पूरा भरोसा है: PM
मुझे पूरा भरोसा है कि देशभक्ति के रंग में रंगे लोग सही जानकारियां भी हमारी एजेंसियों तक पहुंचाएंगे, ताकि आतंक को कुचलने में हमारी लड़ाई और तेज हो सके: PM
— PMO India (@PMOIndia) February 15, 2019
मैं आतंकी संगठनों को और उनके सरपरस्तों को कहना चाहता हूं कि वो बहुत बड़ी गलती कर गए हैं।
— PMO India (@PMOIndia) February 15, 2019
मैं देश को भरोसा देता हूं कि हमले के पीछे जो ताकते हैं, इस हमले के जो भी गुनहगार हैं, उन्हें उनके किए की सज़ा अवश्य मिलेगी: PM
जो हमारी आलोचना कर रहे हैं, उनकी भावनाओं को भी मैं समझ रहा हूं। उनका पूरा अधिकार है।
— PMO India (@PMOIndia) February 15, 2019
लेकिन मेरा सभी साथियों से अनुरोध है कि, ये बहुत ही संवेदनशील और भावुक समय है, इसलिए राजनीतिक छींटाकशी से दूर रहें। इस हमले का देश एकजुट होकर मुकाबला कर रहा है, ये स्वर विश्व में जाना चाहिए: PM
पूरे विश्व में अलग-थलग पड़ चुका हमारा पड़ोसी देश अगर ये समझता है कि जिस तरह के कृत्य वो कर रहा है, जिस तरह की साजिशें रच रहा है, उससे भारत में अस्थिरता पैदा करने में सफल हो जाएगा, तो वो बहुत बड़ी भूल कर रहा है: PM
— PMO India (@PMOIndia) February 15, 2019
इस समय बड़ी आर्थिक बदहाली के दौर से गुजर रहे हमारे पड़ोसी देश को ये भी लगता है कि वो ऐसी तबाही मचाकर, भारत को बदहाल कर सकता है। उसके ये मंसूबे भी कभी पूरे नहीं होंगे।
— PMO India (@PMOIndia) February 15, 2019
130 करोड़ हिंदुस्तानी ऐसी हर साजिश, ऐसे हर हमले का मुंहतोड़ जवाब देंगे: PM
साथियों, पुलवामा हमले के बाद, अभी मन: स्थिति और माहौल दुःख और साथ ही साथ आक्रोश का है।
— PMO India (@PMOIndia) February 15, 2019
ऐसे हमलों का देश डटकर मुकाबला करेगा, रुकने वाला नहीं है: PM