‘ভাইব্ৰেণ্ট গুজৰাট’ সন্মিলনে অংশগ্ৰহণ কৰা উদ্দেশ্যে চেক গণৰাজ্যৰ প্ৰধানমন্ত্রী শ্রী আন্দ্রেজ বাবিজে ১৭–১৯ জানুৱাৰীলৈকে ভাৰতে ভ্ৰমণ কৰিব৷ তেওঁৰ সৈতে দেশখনৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী শ্রীমতী মার্তা নোভাকোভাৰ লগতে এক বিশাল বাণিজ্যিক প্ৰতিনিধিদলো আছো৷ অংশীদাৰ দেশ চেক গণৰাজ্যৰ প্ৰধানমন্ত্রী বাবিজে সেই দেশৰ বাণিজ্য প্ৰতিনিধিদলৰ নেতৃত্ব দিছে৷
সন্মিলনৰ মাজতে ১৮ জানুৱাৰীত প্ৰধানমন্ত্রী মোদী আৰু প্ৰধানমন্ত্রী বাবিজে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ আঞ্চলিক আৰু আন্তর্জাতিক বিভিন্ন বিষয়ৰ উপৰি দ্বিপাক্ষিক স্বার্থজড়িত বিভিন্ন বিষয়ত তেওঁলোকে আলোচনা কৰে৷
প্ৰধানমন্ত্রী মোদীৰ দূৰদর্শী নেতৃত্বৰ প্ৰশংসা কৰি চেক প্ৰধানমন্ত্রীগৰাকীয়ে ভাৰতীয় অর্থনীতিৰ দ্রুত বিকাশ আৰু দ্বিপাক্ষিক বাণিজ্য তথা বিনিয়োগ সম্পর্কৰ ক্ষেত্রত প্ৰভূত সম্ভাৱনাৰ প্ৰশংসা কৰে৷
প্ৰধানমন্ত্রী বাবিজে যোৱা ছেপ্টেম্বৰত ভাৰতেৰ ৰাষ্ট্ৰপতিৰ চেক গণৰাজ্যৰ ভ্ৰমণকালত দুয়োখন দেশৰ মাজত হোৱা একাধিক বুজাবুজি চুক্তিৰ কথা উল্লেখ কৰে৷
গধূৰ যন্ত্ৰপাতি উৎপাদন আৰু ইঞ্জিনিয়াৰিং ক্ষেত্রত চেক গণৰাজ্যৰ যথেষ্ট সুনাম আছে। প্ৰধানমন্ত্রী মোদীয়ে চেক সংস্থাসমূহক ভাৰতৰ বিশাল বজাৰৰ সুযোগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷ বিশেষকৈ, ভাৰতৰ প্ৰতিৰক্ষা, গাড়ী আৰু ৰে’লৰ উৎপাদন ক্ষেত্রত সুবিধা গ্ৰহণৰ বাবে চেক সংস্থাসমূহক প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷
দুয়োগৰাকী প্ৰধানমন্ত্রীয়ে ভাৰত আৰু চেক গণৰাজ্যৰ দীর্ঘদিনীয়া দ্বিপাক্ষিক সম্পর্কৰ ঐতিহ্যৰ কথা উল্লেখ কৰি এই সম্পর্ক আৰু সম্প্ৰসাৰিত কৰাৰ ওপৰত জোৰ দিয়ে৷
ভাৰত ভ্ৰমণকালতে ১৯ জানুৱাৰীত চেক প্ৰধানমন্ত্রী বাবিজে ভাৰতৰ ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব৷ তেওঁ পুনে ভ্ৰমণ কৰি তাত একাধিক চেক সংস্থা ভ্ৰমণ কৰাৰ লগতে পুনেৰ ছিম্বছিছ বিশ্ববিদ্যালয়ত ইউৰোপিয়ান অধ্যয়ন কেন্দ্ৰও উদ্বোধন কৰিব৷
****
AKT/KP/DB
Mr. Andrej Babiš, the Prime Minister of the Czech Republic and I held wide-ranging talks in Gandhinagar. His presence at the Vibrant Gujarat Summit is a great gesture. We discussed bilateral cooperation in defence, transportation and manufacturing. pic.twitter.com/ttVYVcc5Ca
— Narendra Modi (@narendramodi) January 18, 2019