Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বৃন্দাবনত শিশুৰ মাজত ৩ বিলিয়নসংখ্যক ভোজন সেৱা আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ বৃন্দাবন ভ্ৰমণ কৰিব৷

তেওঁ বৃন্দাবন চন্দ্ৰোদয় মন্দিৰত অক্ষয় পাত্ৰ ফাইণ্ডেচনৰ ৩ বিলিয়নসংখ্যক ভোজন সেৱা আগবঢ়োৱা অনুষ্ঠান মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছত পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৩ বিলিয়নসংখ্যক ভোজন সেৱা আগবঢ়াব৷ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তেওঁ এখন ৰাজহুৱা সভাও সম্বোধন কৰিব৷

শ্ৰী মোদীয়ে ইস্কনৰ আচাৰ্য শ্ৰীলা প্ৰভূপদৰ বিগ্ৰহত পুষ্পাঞ্জলি অৰ্পন কৰিব৷

ফাউণ্ডেচনৰ ৩ বিলিয়নসংখ্যক ভোজন সেৱা উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

পটভূমিঃ

অক্ষয় পাত্ৰ ফাউণ্ডেচনে চৰকাৰৰ মধ্যাহ্ন ভোজন আঁচনি ৰূপায়নৰ অংশীদাৰ হিচাপে কাম কৰে৷

১৯বছৰীয়া যাত্ৰাত অক্ষয় পাত্ৰ ফাউণ্ডেচনে ১২ খন ৰাজ্যৰ প্ৰায় ১৪,৭০২খন স্কুলত মুঠ ১.৭৬ মিলিয়ন শিশুক ভোজন আগবঢ়াইছে৷ ২০১৬ত অক্ষয় পাত্ৰই তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ উপস্থিতিত ২ বিলিয়ন ভোজন সেৱা আগবঢ়াইছিল৷
কোটি কোটি শিশুক উন্নতমানৰ, স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য আগবঢ়োৱাৰ ক্ষেত্ৰত ফাউণ্ডেচনে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে৷

উল্লেখ্য যে মধ্যাহ্ন ভোজন আঁচনিক বিশ্বৰ সৰ্ববৃহৎ ভোজন আঁচনি হিচাপে গণ্য কৰা হয়৷ আঁচনিয়ে ৬-১৪ বছৰ বয়সীয়া শিশুৰ স্বাস্থ্য উন্নত কৰা আৰু স্কুলত ছাত্ৰী-ছাত্ৰীৰ উপস্থিতি বৃদ্ধি কৰাৰ লক্ষ্যৰে কাম কৰে৷

প্ৰধানমন্ত্ৰীয়ে ২০১৮ৰ ২৪ অক্টোবৰত ‘ছেল্ফ ফৰ ছ’চাইটী’ নামৰ এপছ মুকলি অনুষ্ঠানত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ প্ৰসংগ উত্থাপন কৰিছিল৷

****

AKT/KP/MS