Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংসদ ভৱনত শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰ্ট্ৰেইট মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

সংসদ ভৱনত শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰ্ট্ৰেইট মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

সংসদ ভৱনত শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰ্ট্ৰেইট মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


 

মহামহিম ৰাষ্ট্ৰপতি মহোদয়, উপ ৰাষ্ট্ৰপতি মহোদয়, অধ্যক্ষ মহোদয়া, গুলামী নবী মহোদয়, নৰেন্দ্ৰ সিং মহোদয়, অটলজীৰ পৰিয়ালবৰ্গ তথা তেওঁৰ গুণমুগ্ধ ব্যক্তিসকল৷

সংসদ ভৱনৰ চেণ্ট্ৰেল হলৰ পৰা অটলজীয়ে এই নতুন ৰূপত আমাৰ আশীৰ্বাদো দি থাকিব আৰু প্ৰেৰণাও প্ৰদান কৰি থাকিব৷ অটলজীৰ জীৱনৰ বিশেষত্ব সম্পৰ্কে বহুত কথা কব পাৰি আৰু এটা কথাও আনটোতকৈ কম নহয়৷ ঘণ্টাজুৰি কৈ থাকিলেও তেওঁৰ কথা শেষ নহয় আৰু কম শব্দতো তেওঁৰ বিশাল ব্যক্তিত্বৰ পৰিচয় পাব পাৰি৷ এনেকুৱা ব্যক্তিত্ব খুব কমেই দেখা যায়৷ ইমান বছৰ সংসদত জীৱন নিৰ্বাহ কৰাৰ পিছতো, দশকজুৰি ক্ষমতাৰ পৰা দূৰত থকাৰ পিছতো জনসাধাৰণৰ সেৱা পবিত্ৰতাৰে তথা নিষ্ঠাৰে কৰি তেওঁলোকৰ ধ্বনিৰ ৰূপত আৰু ব্যক্তিগত জীৱনৰ বাবে কেতিয়াও বিচ্যুতি নোহোৱাটো, সাৰ্বজনীন দিশত আমাৰ দৰে কাৰ্যকৰ্তাই তেওঁৰ পৰা শিকিবলগীয়া বহুত আছে৷

ৰাজনীতিলৈ উঠানমা আহিল, জয়পৰাজয় আহিল কিন্তু আদৰ্শ আৰু চিন্তাধাৰাৰ সৈতে কেতিয়াও আপোচ নকৰি লক্ষ্যৰ প্ৰতি আগুৱাই যোৱা আৰু কেতিয়াবা নহয় কেতিয়াবা ইয়াৰ প্ৰকৃত পৰিণাম পোৱা যায়েই, এয়া আমি অটলজীৰ জীৱনত পৰিলক্ষিত কৰিছো৷ তেওঁৰ ভাষণৰ চৰ্চা অধিক হৈছিল৷ কিন্তু ভৱিষ্যতে যদি কোনোৱে মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে গৱেষণা কৰি গভীৰতাৰে বিশ্লেষণ কৰে তেন্তে দেখিব যে যিমান শক্তি তেওঁৰ ভাষণত আছিল, তাতোকৈ অধিক শক্তি তেওঁৰ মৌনতাত আছিল৷ যেতিয়া তেওঁ জনসভাত বক্তৃতা প্ৰদান কৰিছিল আৰু দুইচাৰিটা কথা কোৱাৰ পিছত মৌন হৈ ৰৈছিল তেতিয়া আচৰিত ধৰণে লক্ষাধিক ব্যক্তিৰ শেষৰজন পৰ্যন্তইও সেই মৌনতাৰ পৰা বাৰ্তা লাভ কৰিছিল৷ কোন সময়ত কথা কব লাগে, কোন সময়ত মৌন হৈ থাকিব লাগে, এই যোগাযোগ দক্ষতাত তেওঁৰ অসাধাৰণ বুৎপত্তি আছিল৷ সেইদৰে তেওঁৰ ৰসিকতাও অদ্ভূত আছিল৷ কেতিয়াবা কেতিয়াবা তেওঁৰ সৈতে যাত্ৰা কৰাৰ সৌভাগ্য হৈছিল৷ তেতিয়া দেখিছিলো যে তেওঁ চকু বন্ধ কৰি ৰাখিছিল৷ অধিকাংশ সময়েই কথা নাপাতিছিল, সেয়া তেওঁৰ স্বভাৱ আছিল৷ আমাৰ পাৰ্টীৰ সভাত কিবা কথাত গৰমাগৰমি হলে তেওঁ লঘূ কথা কৈ বাতাৱৰণ শান্ত কৰি ৰাখিছিল৷ অৰ্থাৎ পৰিস্থিতি কিদৰে চম্ভালিব পাৰি সেয়া তেওঁলোকে নিজৰ ভিতৰতে সমাহিত কৰি ৰাখিছিল৷ এনেকুৱা ব্যক্তিত্ব যি গণতন্ত্ৰত সবাতোকৈ শক্তিশালী হয়, সেই শক্তিৰ প্ৰতি তেওঁ সমৰ্পিত আছিল আৰু গণতন্ত্ৰত কোনো শত্ৰু নাথাকে৷ গণতন্ত্ৰত স্পৰ্ধা থাকে, প্ৰতিপক্ষ থাকে৷ আদৰ আৰু সন্মান সেই ভাৱেৰে বৰ্তাই ৰখাটো আমাৰ নতুন প্ৰজন্মৰ বাবে শিকিবলগীয়া কথা৷ কিদৰে প্ৰতিস্পৰ্ধীসকলকো, কঠোৰতম আলোচনাৰ জৰিয়তেও আদৰ আৰু সন্মানৰ সৈতে তেওঁৰ ব্যক্তিত্বক সন্মান কৰিব লাগে সেয়া আমি অটলজীৰ পৰা শিকিবলগীয়া বিষয়৷

আজি অটলজীৰ প্ৰদি আদৰাঞ্জলি প্ৰদান কৰাৰ এই অৱকাশৰ সৃষ্টি হৈছে৷ মই মোৰ তৰফৰ পৰা সদনৰ সকলো সহযোগীৰ তৰফৰ পৰা আদৰণীয় অটলজীক আদৰাঞ্জলি প্ৰদান কৰিছো৷

 

AKT/ VJ/ Tara/MANN