প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু নামিবিয়া নিৰ্বাচন আয়ুক্ত আৰু পানামা নিৰ্বাচন প্ৰাধিকৰণৰ মাজত নিৰ্বাচন ব্যৱস্থাপনা আৰু প্ৰশাসন ক্ষেত্ৰত এক বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷
বৈশিষ্টঃ এই বুজাবুজিৰ চুক্তিয়ে নিৰ্বাচন ব্যৱস্থাপনা আৰু প্ৰশাসনৰ দিশত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰিব৷ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সাংগঠনিক আৰু কাৰিকৰী উন্নয়নৰ ক্ষেত্ৰত জ্ঞান তথা অভিজ্ঞতাৰ আদান-প্ৰদান কৰা, তথ্যৰ আদান-প্ৰদান, প্ৰতিষ্ঠানগত সুদৃঢ়কৰণ আরু সক্ষমতা বৃদ্ধি, কৰ্মচাৰীক প্ৰশিক্ষণ আগবঢ়োৱা, নিয়মিত বৈঠক-আলোচনা আদিক এই বুজাবুজিৰ চুক্তিয়ে উদগণি যোগাব৷
প্ৰভাৱঃ বুজাবুজিৰ চুক্তিখনে দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰিত কৰিব৷ ইয়াৰ লক্ষ্য হ’ল নামিবিয়া নিৰ্বাচন আয়োগ আৰু পানামা নিৰ্বাচন ব্যৱস্থাপন গোটৰ বাবে কাৰিকৰী সহযোগিতা/সক্ষমতা বৃদ্ধি কৰা৷ ইয়ে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কও উন্নত কৰিব৷
*****
AKT/SNC/SH/MS