প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে অনুৰোধকাৰী ছাৰ্ক সদস্য দেশৰ পৰিস্থিতি আৰু ভাৰতৰ ঘৰুৱা প্ৰয়োজনীয়তাত উপযুক্তধৰণে মনোযোগ দিয়াৰ পিছত দুই বিলিয়ন ডলাৰৰ সুবিধাৰ সমগ্ৰ আকাৰৰ ভিতৰত পৰিচালিত ৪০০ মিলিয়ন ডলাৰ পৰ্যন্ত পৰিমাণৰ ‘অতিৰিক্ত বিনিময়’ক সমাহিত কৰা তথা বিনিময়ৰ সময়, ৰোল অভাৰ আদিৰ দৰে পৰিচালনাৰ প্ৰক্ৰিয়াসমূহত নমনীয়তা অনাৰ বাবে ‘ছাৰ্ক সদস্যৰ দেশৰ বাবে মুদ্ৰা বিনিময় ব্যৱস্থাপনাৰ পৰিকাঠামো’ত সংশোধনী অনাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷
উল্লেখযোগ্য বৈশিষ্টসমূহঃ
গোলকীয় অৰ্থনীতিত অত্যাধিক বিত্তীয় ক্ষতিশংকা আৰু অস্থিৰতাৰ ফলত ছাৰ্ক সদস্য দেশসমূহৰ অল্পৱধি বিনিময় আৱশ্যকতাসমূহ পূৰ্বৰ সহমতিতকৈ অধিক হ’ব পাৰে৷ স্বীকৃত ছাৰ্ক পৰিকাঠামোৰ অন্তৰ্গত ‘অতিৰিক্ত বিনিময়’ক সমাহিত কৰাৰ বাবে পৰিকাঠামোত আৱশ্যকীয় নমনীয়তা লাভ কৰিব তথা ভাৰত ছাৰ্ক বিনিময় পৰিকাঠামোৰ অন্তৰ্গত নিৰ্ধাৰিত বিদ্যমান সীমাতকৈ অধিক ৰাশিৰ বিনিময় প্ৰাপ্ত কৰা সম্বন্ধীয় ছাৰ্ক সদস্য দেশৰ পৰা প্ৰাপ্ত বৰ্তমান অনুৰোধৰ তত্কাল প্ৰত্যুত্তৰ দিয়াত সমৰ্থ হ’ব৷
পৃষ্ঠভূমিঃ
কেবিনেটে ছাৰ্ক সদস্য দেশৰ বাবে মুদ্ৰা বিনিময় চুক্তি সম্বন্ধীয় পৰিকাঠামোক বিদেশী মুদ্ৰাৰ অল্পকালীন প্ৰয়োজনীয়তাসমূহক পূৰণ কৰাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ তথা দীৰ্ঘকালীন ব্যৱস্থাপনা নোহোৱা পৰ্যন্ত অথবা কম সময়তেই সমস্যা সমাধান হোৱালৈ পৰিশোধ ভাৰসাম্য সংকট দূৰ কৰাৰ বাবে ১ মাৰ্চ ২০১২ তাৰিখে অনুমোদন প্ৰদান কৰা হৈছিল৷ এই সুবিধাৰ অন্তৰ্গত আৰবিআইয়ে প্ৰত্যেক ছাৰ্ক দেশৰ সদস্যক তেওঁলোকৰ দুমাহৰ আমদানি আৱশ্যকতাসমূহৰ আধাৰত তথা মুঠ দুই বিলিয়ন ডলাৰতকৈ কম পৰিমাণৰ ডলাৰ, ইউৰ’ তথা ভাৰতীয় টকাত বিভিন্ন ৰূৰত বিনিময় প্ৰদান কৰে৷ প্ৰত্যেক দেশৰ বাবে ন্যূনতম ১০০ মিলিয়ন ডলাৰ আৰু অধিকতম ৪০০ মিলিয়ন ডলাৰৰ অধীনত বিনিময় ৰাশিৰ উপযুক্ত সুবিধাত সংজ্ঞায়িত কৰা হৈছে৷ প্ৰত্যেক আহৰণ তিনিমাহৰ সময়ৰ আৰু অধিকতম ৰোল অভাৰ পৰ্যন্ত হ’ব৷ আৰবিআইয়ে অতিৰিক্ত বিনিময় লাভ কৰি থকা সদস্য দেশসমূহৰ কেন্দ্ৰীয় বেংকৰ সৈতে দ্বিপাক্ষিক ৰূপত পৰিচয়ৰ বিৱৰণৰ বিষয়ত বিচাৰ-বিমৰ্ষ কৰিব৷
***
AKT/SH/MANN