Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীয় চলচ্চিত্রৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

ভাৰতীয় চলচ্চিত্রৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

ভাৰতীয় চলচ্চিত্রৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

ভাৰতীয় চলচ্চিত্রৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত এক অনুষ্ঠানত ভাৰতীয় চলচ্চিত্রৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ নতুন ভৱন উদ্বোধন কৰে।

অনুষ্ঠানত মহাৰাষ্ট্রৰ ৰাজ্যপাল শ্রী চি. বিদ্যাসাগৰ ৰাও, মুখ্যমন্ত্রী শ্রী দেবেন্দ্ৰ ফাড়নাবিছ, দুগৰাকী কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ক্ৰমে শ্রী ৰামদাস আথাৱালে আৰু কর্ণেল ৰাজ্যৱর্ধন সিং ৰাথোড়কে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে ভাৰতীয় চলচ্চিত্রৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়টোৱে উঠি অহা প্ৰজন্মক ভাৰতীয় চলচ্চিত্ৰৰ সম্বন্ধে জনা আৰু বুজাত যথেষ্ট সহায় কৰিব। এই সংগ্ৰহালয়ত ভাৰতীয় বিনোদন উদ্যোগৰ ইতিহাস সম্বন্ধে বিস্তৃত বিৱৰণ আছে। চলচ্চিত্ৰ জগতত ব্যক্তিত্বৰ খ্যাতি অর্জনৰ পূৰ্বে তেওঁলোকৰ জীৱন সংগ্রামৰ কাহিনীও সংগ্ৰহালয়ত আছে।

চলচ্চিত্ৰ আৰু সমাজক এটা আনটোৰ প্ৰতিফলন বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে সমাজত যি ঘটিছে চলচ্চিত্ৰ জৰিয়তেও সেয়া প্ৰতিফলিত হয়। একেদৰে, চলচ্চিত্রৰ চৰিত্ৰসমূহ এখন সমাজৰ প্ৰতিবিম্ব। চলচ্চিত্রৰ বর্তমান ধাৰা

প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে এনে বহু চলচ্চিত্ৰ আছে, য’ত সমস্যাৰ সমান্তৰালভাৱে সমাধানৰ কথাও দর্শকৰ আগত তুলি ধৰা হৈছে। নিঃসন্দেহে ই এক ইতিবাচক দিশ। আগতে চলচ্চিত্রত কেৱল আনন্দ আৰু সুখৰ কথা তুলি ধৰা হৈছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে আজি যিবোৰ সমস্যাৰ সম্মুখীন হৈছে, তাৰ সমাধানসূত্ৰ উলিয়াবলৈ নিজৰ প্ৰতি যথেষ্ট বিশ্বাস ৰখা প্ৰয়োজন।

প্ৰধানমন্ত্রীয়ে বিশ্বজুৰি ভাৰতীয় চলচ্ছিত্ৰৰ প্ৰভাৱ আৰু বিস্তাৰৰ সন্দৰ্ভতো আলোকপাত কৰে৷ এই প্ৰসংগত তেওঁ বহু বিশ্ব নেতাৰ সৈতে কৰা মতবিনিময়ৰ কথা উল্লেখ কৰে, যিসকলে ভাৰতীয় ভাষাৰ গানো গাব পাৰে।

চলচ্চিত্রৰ সৈতে জড়িত ব্যক্তিসকলক শুভেচ্ছা জনাই তেওঁ কয় যে তেওঁলোকৰ ছবিত যিবোৰ চৰিত্ৰ ফুটি উঠিছে, সেইবোৰে তৰুণ প্ৰজন্মৰ কল্পনাক ধৰি ৰাখিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰত এই ধৰণৰ চৰিত্ৰৰ বিশ্বজুৰি গ্ৰহণযোগ্যতা আছে আৰু তৰুণ প্ৰজন্মৰ ভাৰতীয়সকলে কেৱল বেটমেনৰে অনুৰাগী নহয়, বাহুবলীৰো অনুগামী।

প্ৰধানমন্ত্রীয়ে কয় যে ছফট্ পাৱাৰ হিচাপে ভাৰতৰ গ্ৰহণযোগ্যতা, ব্ৰেণ্ড ইণ্ডিয়া নামৰ প্ৰতি সুবিচাৰ আৰু বিশ্বাসযোগ্যতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰতীয় চলচ্চিত্রৰ ডাঙৰ ভূমিকা আছে। এতিয়া চিনেমাৰ জৰিয়তে অনাময়, মহিলা সবলীকৰণ, ক্রীড়াৰ দৰে গুৰুত্বপূর্ণ সামাজিক বিষয়সমূহৰ বার্তা সাধাৰণ জনতাৰ কাষলৈ লৈ গৈছে। ৰাষ্ট্ৰ নিৰ্মাণৰ সমান্তৰালভাৱে, ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ উপলব্ধিক আৰু অধিক শক্তিশালী কৰিবলৈ চলচ্চিত্ৰই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। দেশত পর্যটনৰ বিকাশতো চলচ্চিত্ৰই বৰঙণি যোগাৱাৰ বিপুল সম্ভাৱনা আছে বুলি তেওঁ মত প্ৰকাশ কৰে।

দেশৰ বিভিন্ন অংশত চলচ্চিত্রৰ দৃশ্যায়নৰ বাবে একক অনুমোদন জনোৱা ব্যৱস্থা গঢ়ি তোলা হৈছে, যাতে চলচ্চিত্ৰ নির্মাণ আৰু প্ৰযোজনা আৰু সহজ হৈ পৰে৷ ফিল্ম পাইৰেচিৰ সমস্যা দূৰীকৰণত ১৯৫২ৰ চিনেমাটোগ্রাফ আইন সংশোধনৰ কাম কৰি থকা হৈছে বুলিও প্ৰধানমন্ত্ৰী সদৰী কৰে৷

প্ৰধানমন্ত্রীয়ে লগতে কয় যে এনিমেশন, ভিজুৱেল এফেক্টছ, গেমিং আৰু কমিক্স ক্ষেত্রৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক উৎকর্ষ কেন্দ্ৰ গঢ়ি তোলাৰ দিশত কাম কৰি আছে। জনসংযোগ আৰু বিনোদন ক্ষেত্রৰ বাবে এটি স্বতন্ত্ৰ বিশ্ববিদ্যালয় স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব দি প্ৰধানমন্ত্ৰী মোদীয়ে এই ধৰণৰ প্ৰতিষ্ঠান স্থাপনে চলচ্চিত্ৰ ব্যক্তিত্বৰ গুৰুত্বপূর্ণ পৰামর্শ আৰু মতামত আহ্বান কৰে। ভাৰতীয় চলচ্চিত্রৰ বজাৰ বৃদ্ধি দাভোছ সন্মিলনৰ দৰে বিশ্ব চলচ্চিত্ৰ সন্মিলন আয়োজনৰো প্ৰস্তাৱ আগবঢ়ায় প্ৰধানমন্ত্ৰী মোদীয়ে৷

***

AKT/KP/DB