দক্ষিণ আফ্ৰিকাৰ মাননীয় ৰাষ্ট্ৰপতি চাইৰিল ৰামাফছা;
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ঔদ্যোগিক জগতৰ নেতৃবৰ্গ;
ভদ্ৰপুৰষ তথা ভদ্ৰমহিলাসকল৷
নমস্কাৰ!
ভাৰত–দক্ষিণ আফ্ৰিকা ব্যৱসায় মঞ্চত আপোনালোকৰ সৈতে উপস্থিত থাকিবলৈ পাই মই আনন্দিত অনুভৱ কৰিছো৷ ৰাষ্ট্ৰপতি মহোদয়ৰ উপস্থিতিয়ে আমাৰ সন্মান বৃদ্ধি কৰিছে৷
কাইলৈ অনুষ্ঠিত হ’বলগীয়া ৭০তম গণৰাজ্য দিৱসত আপুনি মুখ্য অতিথিৰূপে উপস্থিত থাকি এই দিৱসৰ সৌষ্ঠৱ বৃদ্ধি কৰিব৷ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ শক্তিশালী বান্ধোন ইতিহাসত সোণালী আখৰেৰে লিখা আছে৷
এতিয়া আমাৰ বন্ধুত্ব সেই দিশত অগ্ৰসৰ হৈছে যাৰ সপোন মাডিবা আৰু মহাত্মাই আমাৰ জনতাৰ কাৰণে দেখিছিল৷ আমি নিৰৱচ্ছিন্নভাৱে আমাৰ জনতা তথা বিশ্বৰ বাবে সহযোগিতাৰ ডোলত বান্ধ খাইছো৷
আমি লালকিল্লা বিবৃতিৰ জৰিয়তে ২২ বছৰ পূৰ্বে কৌশলগত সহযোগিতাত আৱদ্ধ হৈছিলো৷ মই বিশ্বাস কৰো যে দুয়োখন দেশৰ মাজত থকা পুৰণি বন্ধুত্ব আৰু সহযোগিতাই আমাক কাষ চপাই আনিছে৷ আমি দ্বিপাক্ষিকভাৱে তথা বহুপক্ষীয়ভাৱেও ঘনিষ্ঠ সহযোগিতাৰ সম্পৰ্ক স্থাপন কৰাত প্ৰতিশ্ৰুতিবদ্ধ হৈছো৷ শেহতীয়াকৈ আমি দুই পুৰণি বন্ধুৰ মাজত বিকাশৰ নতুন আৰম্ভণিৰ সূচনা হৈছে৷
২০১৭–১৮ বৰ্ষত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ১০ বিলিয়ন ডলাৰৰ বাণিজ্যিক সম্পৰ্ক স্থাপিত হৈছে৷ ২০১৮ বৰ্ষত দুটা প্ৰধান ব্যৱসায়িক পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ এটা আছিল ২০১৮ চনৰ এপ্ৰিলত জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা ভাৰত–দক্ষিণ আফ্ৰিকা ব্যৱসায় সন্মিলন আৰু আনটো আছিল ২০১৮ চনৰ নৱেম্বৰ মাহত জোহান্সবাৰ্গত অনুষ্ঠিত ভাৰত ব্যৱসায় মঞ্চত বিনিয়োগ৷
কিন্তু এতিয়াও এক বৃহৎ সম্ভাৱনা আছে৷ মই সকলো ভাৰতীয় আৰু দক্ষিণ আফ্ৰিকাৰ চৰকাৰী এজেন্সী, বিনিয়োগ উত্তৰণ সংস্থা লগতে দুয়োখন দেশৰ ব্যৱসায়িক নেতাক সক্ৰিয়াভাৱে কাম কৰিবলৈ আমন্ত্ৰণ জনাইছো৷ আমাৰ দেশত আফ্ৰিকান সমাজৰ উল্লেখযোগ্য উপস্থিতিত মই সন্তোষ প্ৰকাশ কৰিছো৷
গুজৰাটত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মই দক্ষিণ আফ্ৰিকাৰ বিশিষ্ট অংশগ্ৰহণকাৰীসকলক আদৰণি জনাবলৈ পাই সুখী অনুভৱ কৰিছো৷ এয়া উল্লেখযোগ্য যে পুনৰবাৰ যোৱা সপ্তাহৰ ভাইব্ৰেণ্ট গুজৰাট সন্মিলনত দক্ষিণ আফ্ৰিকাৰ পৰা বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰিছিল৷ এটা দিন সম্পূৰ্ণভাৱে ‘আফ্ৰিকা দিৱস’ হিচাপে পালন কৰা হৈছিল৷
ইয়াৰ দ্বাৰা আমি অনুভূত কৰাতকৈ আমাৰ বান্ধোন অধিক শক্তিশালী বুলি পৰিলক্ষিত হৈছে৷ এয়া আমাৰ দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতাৰ বাবেও উত্তম৷ ভদ্ৰমহিলা আৰু ভদ্ৰপুৰুষসকল, ভাৰতৰ অৰ্থনীতিয়ে বৰ্তমান ২.৬ ত্ৰিলিয়ন ডলাৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে আৰু বিশ্বৰ ভিতৰতে দ্ৰুতবেগী অৰ্থনীতিৰ দেশ হিচাপে পৰিচিত হৈছে৷
আৰু আমি বিশ্বজনীনভাৱে পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিচিত হোৱাৰ পথত৷ ভাৰতে বিশ্ব বেংকৰ ইজ অব্ ডুয়িং প্ৰতিবেদনত যোৱা চাৰি বছৰত ৬৫টা ঘৰ আগুৱাই ৭৭নং স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
আমি ইউএনচিটিএডিৰ তালিকাত এফডিআইৰ শীৰ্ষৰ লক্ষ্যত উপনীত হৈছো৷ কিন্তু অমি সন্তুষ্ট নহয়৷ আমি দৈনিক ভিত্তিত প্ৰয়োজনীয় পৰিৱৰ্তনসমূহ কৰি আছো আৰু অৰ্থনীতিৰ সংশোধনত গুৰুত্ব প্ৰদান কৰিছো৷
মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আৰু ষ্টাৰ্ট–আপ ইণ্ডিয়াৰ দৰে আমাৰ বিশেষ কাৰ্যসূচীসমূহে বিশ্বক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷ আমাৰ উদ্যোগসমূহে ইণ্ডাষ্ট্ৰী ৪.০ৰ দিশত অগ্ৰসৰ হোৱাৰ লগতে কৃত্ৰিম বুদ্ধিমতা, ত্ৰিমাত্ৰিক প্ৰিণ্টিং, ৰবটিকছৰ ক্ষেত্ৰতো উত্তৰণ কৰিছে৷ আমাৰ চৰকাৰে বিশ্বৰ জনগণৰ ছয়ভাগৰ এভাগ অৰ্থাৎ ১.৩ বিলিয়ন লোকৰ জীৱন–ধাৰণৰ মান উন্নত কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়াস কৰিছে৷
আমি পৰৱৰ্তী প্ৰজন্মৰ বাবে আন্তঃগাঁথনি সৃষ্টিৰে ‘নতুন ভাৰত’ গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷
নতুন দক্ষিণ আফ্ৰিকাৰ বাবে ২০১৮ বৰ্ষত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে মই ৰাষ্ট্ৰপতি মহোদয়কো অভিনন্দন জনাইছো৷ যোৱা তিনি বছৰত আপোনাৰ দেশৰ তৰুণ প্ৰজন্মৰ বাবে এক মিলিয়ন চাকৰি সৃষ্টিৰ উপৰিও বৈদেশিক প্ৰত্যক্ষ বিনিয়োগক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা বাবে আপোনাক শুভেচ্ছা জনাইছো৷
ভাৰতেও এই উদ্দেশ্যসমূহৰ সংবদ্ধ হ’বলৈ পোৱাত সুখী অনুভৱ কৰিছো৷ দক্ষিণ আফ্ৰিকাত আমাৰ বিনিয়োগ ক্ৰমাগতভাৱে বৃদ্ধি হৈ ১০ বিলিয়ন ডলাৰ স্পৰ্শ কৰিছে আৰু স্থানীয়ভাৱে ২০,০০০ চাকৰিৰ সৃষ্টি কৰিছে৷
ভাতৃ ৰাষ্ট্ৰ হিচাপে ভাৰতে নীতি সংশোধনী আৰু ভূমি পৰ্যায়ৰ এজেন্সী স্থাপনৰ ক্ষেত্ৰত নিজৰ অভিজ্ঞতা বিনিময় কৰিবলৈ পাই সুখী অনুভৱ কৰিব৷ আমি অধিক ভাৰতীয় উদ্যোগক দক্ষিণ আফ্ৰিকাত বিনিয়োগৰ বাবে উৎসাহিত কৰিম আৰু আমি নিশ্চিত যে অধিক দক্ষিণ আফ্ৰিকান উদ্যোগে ভাৰতৰ বজাৰত প্ৰৱেশ কৰিব৷
মই আপোনাক নিশ্চিত প্ৰদান কৰিছো যে নতুন ভাৰতে খাদ্য আৰু কৃষি সংসাধন, গভীৰ খনন, প্ৰতিৰক্ষা, ফিনটেক, বীমা আৰু আন্তঃগাঁথনি ক্ষেত্ৰত উপলব্ধ সুবিধাসমূহৰ বাবে স্বাগতম জনাব৷ ঠিক সেইদৰে ভাৰতে দক্ষিণ আফ্ৰিকাৰ সৈতে ষ্টাৰ্ট–আপ, স্বাস্থ্য সেৱা আৰু ফাৰ্মা, বায়’-টেক আৰু তথ্য প্ৰযুক্তি ক্ষেত্ৰতো সহযোগী হ’ব পাৰে৷
দক্ষিণ আফ্ৰিকাই শেহতীয়াকৈ গান্ধী মেণ্ডেলা দক্ষতা প্ৰতিষ্ঠান মুকলি কৰাত আমি সুখী অনুভৱ কৰিছো৷ ইয়াৰ দ্বাৰা তৰুণ প্ৰজন্মৰ সৱলীকৰণ হ’ব৷ দুয়োখন দেশৰ মাজত অন্য এটা গুৰুত্বপূৰ্ণ সহযোগিতা হ’ল মুক্তা আৰু অলংকাৰ ক্ষেত্ৰত হোৱা সহযোগিতা৷ দুয়োখন দেশে হীৰাৰ প্ৰত্যক্ষ আহৰণৰ ক্ষেত্ৰ প্ৰসাৰণ কৰিব পাৰিব৷ তাৰোপৰি অৰ্থনীতি উত্তৰণ হোৱাৰ লগতে ক্ৰেতা আৰু বিক্ৰেতাসমূহৰ মাজত ব্যয়ো সংকোচন হ’ব৷ দক্ষিণ আফ্ৰিকাই ভাৰতৰ সৈতে নতুন আৰু পুনৰ নৱীকৰণ শক্তিৰ ক্ষেত্ৰখনত বিশেষকৈ ‘‘আন্তৰ্জাতিক সৌৰ সহযোগিতা’’ৰ ক্ষেত্ৰখনত সহযোগিতা প্ৰদান কৰিব পাৰে৷
তাৰোপৰি ব্যৱসায়ী আৰু পৰ্যটকৰ বাবে ভিছা ব্যৱস্থাপনা সৰলীকৰণৰ দ্বাৰা দুয়োখন দেশৰ মাজৰ জনসাধাৰণৰ বিনিময় প্ৰক্ৰিয়া সহজ কৰি তোলা হৈছে৷
ভদ্ৰমহিলা আৰু ভদ্ৰপুৰুষসকল,
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ সহযোগিতাৰ এক বৃহৎ সম্ভাৱনীয়তা আছে৷ আমি একত্ৰিতভাৱে দুয়োখন দেশৰ জনতাৰ স্বাৰ্থত বিকাশ আৰু উত্তৰণৰ এক নতুন যুগ স্থাপন কৰাৰ দিশত কাম কৰিব লাগিব৷
ৰাষ্ট্ৰপতি মহোদয়ৰ উপস্থিতিয়ে এই সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব৷
ৰাষ্ট্ৰপতি মহোদয়, মই আপোনাৰ সৈতে কান্ধত–কান্ধ মিলাই এই প্ৰয়াসৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷
ধন্যবাদ৷
অশেষ ধন্যবাদ৷
*****
AKT/SH/MANN