Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০১৯ৰ বিজয়ীসকলৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০১৯ৰ  বিজয়ীসকলৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০১৯ৰ  বিজয়ীসকলৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০১৯ৰ  বিজয়ীসকলৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰা শিশুসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সৈতে মতবিনিময় কৰে৷ শিশুসকলে তেওঁলোকৰ বিশেষ সাফল্য আৰু প্ৰেৰণাদায়ী কাহিনীসমূহ প্ৰধানমন্ত্ৰীৰ সন্মুখত ব্যক্ত কৰে৷

প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক বঁটা জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

তেওঁ কয় যে এই বঁটাই প্ৰতিভাৱান শিশুসকলক স্বীকৃতি দিয়াৰ এক সুন্দৰ সুযোগ কঢ়িয়াই আনিছে আৰু ইয়ে তেওঁলোকৰ দৰে আন বহুতো শিশুক উৎসাহিত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে শিশুসকলক প্ৰকৃতিৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ায়৷

তেওঁ শিশুসকলৰ সৈতে এক ৰসাল মুহূৰ্ত অতিবাহিত কৰে আৰু প্ৰতিভাৱান শিশুসকলৰ অনুৰোধ ৰক্ষা কৰি অটোগ্ৰাফো দিয়ে৷

পটভূমিঃ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ দুটা শাখাত আগবঢ়োৱা হৈছে৷ ব্যক্তিগত শাখাৰ বাবে বাল শক্তি পুৰস্কাৰ আৰু শিশুৰ বাবে কাম কৰা প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষলৈ বাল কল্যাণ পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে৷

এই বছৰ বাল শক্তি পুৰস্কাৰৰ বাবে মুঠ ৭৮৩ খন আবেদন লাভ কৰা হৈছিল৷ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে উদ্ভাৱন, ক্ৰীড়া, কলা আৰু সংস্কৃতি, সামাজিক সেৱা, সাহসিকতা আৰু শৈক্ষিক পাৰদৰ্শিতাৰ অধীনত ২৬গৰাকী শিশুক বাল শক্তি পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰে৷ ৰাষ্ট্ৰীয় বাছনি কমিটীয়ে ২ ব্যক্তি বিশেষ আৰু ৩ প্ৰতিষ্ঠানক বাল কল্যাণ পুৰস্কাৰৰ বাবে মনোনীত কৰে৷

***

AKT/SH/SKS/MS