প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰু গোৱিন্দ সিংজীৰ জন্মবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰৰ ৰাজধানীত ৩৫০ টকাৰ এক স্মাৰক মুদ্ৰা মুকলি কৰে৷ তেওঁ গুৰু গোৱিন্দ সিংজীৰ আদৰ্শ- আত্মত্যাগ মনোভাৱেৰে দেশ সেৱা, উৎসৰ্গিত মনোভাৱ, নায়কত্ব আৰু ত্যাগক প্ৰশংসা কৰি দেশবাসীক গুৰুজীৰ পথেৰে অগ্ৰসৰ হ’বলৈ আহ্বান জনায়৷
প্ৰধানমন্ত্ৰীয়ে স্মাৰক মুদ্ৰাটো মুকলি কৰাৰ পিছত ৭ লোক কল্যাণ মাৰ্গৰ তেওঁৰ বাসভৱনৰ পৰা উপস্থিত জনতাক সম্বোধন কৰে৷ শ্ৰী মোদীয়ে কয় যে গুৰু গোৱিন্দ সিংজী আছিল এজন অতুলনীয় যোদ্ধা, দাৰ্শনিক কবি আৰু গুৰু৷ তেওঁ উৎপীড়ন আৰু অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈছিল৷ তেওঁৰ শিকনিয়ে জনতাক জাতি আৰু ধৰ্মৰ বাধা নেওচি আগবাঢ়িবলৈ উৎসাহ প্ৰদান কৰে৷ তেওঁৰ প্ৰেম, শান্তি আৰু ত্যাগৰ বাৰ্তা আজিৰ দিনটো প্ৰাসংগিক হৈ আছে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰু গোৱিন্দ সিংজীৰ মূল্যবোধ আৰু শিকনিয়ে অনাগত বৰ্ষসমূহতো মানুহক নিৰৱচ্ছিন্নভাৱে প্ৰণোদিত কৰি থাকিব৷ তেওঁ কয় যে স্মাৰক মুদ্ৰাটো গুৰুজীৰ সন্মান প্ৰদৰ্শনৰ এক ক্ষুদ্ৰ প্ৰয়াস স্বৰূপ৷ প্ৰধানমন্ত্ৰীয়ে জনতাক গুৰুজীয়ে দেখুৱাই যোৱা ১১- পন্থী পথত আগবাঢ়িবলৈ আহ্বান জনায়৷
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক লোহৰি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷
ইয়াৰ পূৰ্বেও ৩০ ডিচেম্বৰ ২০১৮ তাৰিখে ৰেডিঅ’ত সম্প্ৰচাৰ হোৱা ‘মন কি বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক গুৰু গোৱিন্দ সিংজীৰ উৎসৰ্গিত মনোভাৱ আৰু ত্যাগৰ ভাৱনাক অনুসৰণ কৰিবলৈ আহ্বান জনাইছিল৷ ৫ জানুৱাৰী ২০১৭ তাৰিখে পাটনাত অনুষ্ঠিত হোৱা গুৰু গোৱিন্দ সিঙৰ ৩৫০তম জন্মজয়ন্তীত প্ৰধানমন্ত্ৰীয়ে উপস্থিত থাকি এক স্মাৰক ডাকটিকট মুকলি কৰিছিল৷ তাৰোপৰি ১৫ আগষ্ট ২০১৬ তাৰিখে লালকিল্লাৰ পৰাও প্ৰধানমন্ত্ৰী স্বাধীনতা দিৱসৰ ভাষণত গুৰু গোৱিন্দ সিংজীৰ আদৰ্শ আৰু মূল্যবোধক স্মৰণ কৰিছিল আৰু ১৮ অক্টোবৰ ২০১৬ তাৰিখে লুধিয়ানত ৰাষ্ট্ৰীয় এমএছএমই বঁটা প্ৰদান কৰিছিল৷
***
AKT/VJ/VK/MANN
A tribute to Sri Guru Gobind Singh Ji. https://t.co/7xNCkqWgF7
— PMO India (@PMOIndia) January 13, 2019
I bow to Sri Guru Gobind Singh Ji on his Jayanti.
— Narendra Modi (@narendramodi) January 13, 2019
ਮੈਂ ਸਾਹਿਬ-ਏ-ਕਮਾਲ ਸਰਬੰਸ ਦਾਨੀ ਸਾਹਿਬ ਸ੍ਰੀ ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ ਮਹਾਰਾਜ ਜੀ ਦੇ ਪ੍ਰਕਾਸ਼ ਪੁਰਬ ਦੀ ਸਮੂਹ ਸੰਗਤਾਂ ਨੂੰ ਵਧਾਈ ਦਿੰਦਾ ਹਾਂ ਤੇ ਗੁਰੂ ਸਾਹਿਬ ਅੱਗੇ ਸੀਸ ਝੁਕਾਉਂਦਾ ਹਾਂ। pic.twitter.com/Pt4k2BgLDS