প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনত ঝাৰখণ্ডৰ কৰ্মাৰ কেন্দ্ৰীয় চিকিৎসালয়খন ঝাৰখণ্ড চৰকাৰক সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াৰ ভূমি তথা আৱাস গৃহসহিতে হস্থান্তৰ কৰাত অনুমোদন জনাইছে৷ ইয়াৰ জৰিয়তে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকিত আঁচনি (চিএছএছ)ৰ অধীনত অঞ্চলটোৰ জনসাধাৰণৰ প্ৰয়োজনাৰ্থে নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব৷
প্ৰণয়ন কৌশল আৰু লক্ষ্য
ভূমি আৰু আৱাস গৃহসহিতে কেন্দ্ৰীয় চিকিৎসালয়খন ৩ মাহৰ ভিতৰত ঝাৰখণ্ড চৰকাৰলৈ স্থানান্তৰ কৰা হ’ব৷ এই স্থানান্তৰণ/কৰ্মচাৰী নিয়োজন আদিৰ বাবে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় তথা ৰাজ্য চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তিপত্ৰ স্বাক্ষৰিত হ’ব৷
প্ৰধান প্ৰভাৱ
এই প্ৰস্তাৱটোৰ জৰিয়তে দেশত প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসকৰ সংখ্যা বৃদ্ধি হ’ব৷ ই অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ মানত উন্নত কৰিব, ফলত উন্নত স্বাস্থ্য সেৱা সাধাৰণ লোকৰ বাবে উপলব্ধ হ’ব৷
হিতাধিকাৰীসকল
ইয়াৰ জৰিয়তে ঝাৰখণ্ডৰ কৰ্মা অঞ্চলৰ জনসাধাৰণ স্বাস্থ্য সেৱাৰ দ্বাৰা উপকৃত হ’ব৷
পৃষ্ঠভূমি
শ্ৰম আৰু নিয়োগ বিভাগে অসংগঠিত ক্ষেত্ৰ বিভিন্ন শ্ৰেণীৰ কৰ্মী তথা তেওঁলোকৰ ওপৰত নিৰ্ভৰ পৰিয়ালৰ লোকসকলক ইয়াৰ চিকিৎসালয় আৰু ডিচপেনচাৰীৰ জৰিয়তে স্বাস্থ্য সেৱা প্ৰদান কৰে৷ মাইকা খনি/বিড়ি কৰ্মীসকলৰ প্ৰয়োজনাৰ্থে ঝাৰখণ্ডৰ কৰ্মাত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে এখন ১৫০ খন বিচনাযুক্ত (একেটা আৱাসিক এলেকাত ৫০খন বিচনাযুক্ত যক্ষ্মা চিকিৎসালয়সহিতে) চিকিৎসালয় স্থাপন কৰিছিল৷ ঝাৰখণ্ড চৰকাৰে এখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে কৰ্মাৰ এই কেন্দ্ৰীয় চিকিৎসালয়খনৰ ভূমি আৰু আৱাসিক ক্ষেত্ৰসহিতে বিনামূলীয়াকৈ স্থানান্তৰণৰ বাবে এক প্ৰস্তাৱ প্ৰদান কৰিছিল৷
*****
AKT/SH/MANN