Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু ছৌদি আৰৱৰ চাৰ্টিফাইড পাবলিক একাউণ্টেণ্টৰ মাজত বুজাবুজিৰ চুক্তি পুনৰ নবীকৰণত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু ছৌদি আৰৱৰ চাৰ্টিফাইড পাবলিক একাউণ্টেণ্টৰ মাজত ২০১৪ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি পুনৰ নবীকৰণত অনুমোদন জনাইছে৷ ক’ৰ্পৰেট প্ৰশাসন, কাৰিকৰী গৱেষণা আৰু পৰামৰ্শ, ফৰেনছিক একাউণ্টিং, ক্ষুদ্ৰ আৰু মজলীয়া ধৰণৰ পদ্ধতিৰ সমস্যা, ইছলামিক ফাইনেন্স, নিৰন্তৰ পেছাদাৰী বিকাশ, আৰু অন্য বিষয়ত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা হৈছে৷

গুৰুত্বপূৰ্ণ প্ৰভাৱঃ

আইচিএআইৰ সদস্য, শিক্ষাৰ্থী আৰু আন সংস্থাৰ হিতৰ বাবে এক পাৰস্পৰিক উপযোগী সম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্যৰে সহযোগিতাৰে আগবঢ়াৰ লক্ষ্য স্থিৰ কৰা হৈছে৷

বুজাবুজিৰ চুক্তিখনে আইচিএআইৰ সদস্যসকলক নিজৰ পেছাদাৰী পৰিসৰ বিস্তাৰিত কৰাৰ সুযোগ প্ৰদান কৰিব৷ই স্থানীয় নাগৰিকৰ ক্ষমতা নিৰ্মাণক মজবুত কৰিবলৈ এক সংস্থাৰ ৰূপত কাম কৰিব৷

বুজাবুজিৰ চুক্তিখনে একাউণ্টিং আৰু অডিটিং প্ৰফেচনক উদগণি যোগাব পৰাকৈ আইচিএআইক সহায় কৰিব৷ ইয়াৰ জৰিয়তে এই পেছাটো অধিক উন্নত হ’ব৷

উপভোক্তাঃ

পূব প্ৰদেশৰ তিনিখন ৰাজ্য ক্ৰমে জেড্ডা, ৰিয়াধ আৰু ছৌদি আৰৱত আইচিএআইৰ উপস্থিতি অত্যন্ত শক্তিশালী৷ ইয়াত আইচিএআইৰ ২০০ৰো অধিক সদস্য বিভিন্ন পেছাত কৰ্মৰত৷ এই বুজাবুজিৰ চুক্তিখনৰ ফলস্বৰূপে ভাৰতৰ ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট(আইচিএআই)আৰু ছৌদি আৰৱৰ চাৰ্টিফাইড পাবলিক একাউণ্টেণ্ট(এছঅ’চিপিএ)ৰ মাজত মজবুত সম্পৰ্ক বিকশিত হ’ব৷ ইয়াৰ ফলত ভাৰতীয় চাৰ্টাৰ্ডা একাউণ্টণ্টে দেশ তথা দেশৰ বাহিৰত সংস্থাপন লাভৰ ক্ষেত্ৰত অধিক আত্মবিশ্বাস লাভ কৰিব৷ এইদৰে ভাৰতীয় একাউণ্টেণ্ট আৰু অডিটৰসকলৰো সংস্থাপনৰ সুযোগ বৃদ্ধি হ’ব৷

পটভূমিঃ

ভাৰতৰ ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট(আইচিএআই)হ’ল এক সাংবিধানিক নিকায়৷ ভাৰতৰ সংসদৰদ্বাৰা অনুমোদিত চাৰ্টাৰ্ড একাউণ্টেণ্ট আইন,১৯৪৯ৰ অধীনত ইয়াৰ গঠন হৈছিল৷ দেশৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট পেছাটোক পৰিচালনা কৰিবলৈ ইয়াক গঠন কৰা হয়৷

*****

AKT/VBA/SH/MS