প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে টাৱাংস্থিত সশস্ত্ৰ সীমা বল (এছএছবি)ৰ ৫.৯৯ একৰ ভূমি মেগা-ফেষ্টিফেল-কাম-মাল্টিপ্লেক্স গ্ৰাউণ্ড নিৰ্মাণৰ বাবে অৰুণাচল প্ৰদেশৰ চৰকাৰক হস্তান্তৰিত কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷
অৰুণাচল প্ৰদেশৰ চৰকাৰে পাৰ্কিং সুবিধা (৪.৭৩ একৰ) আৰু ৰিং পথ নিৰ্মাণ (১.২৬ একৰ)ৰ সৈতে মেগা-ফেষ্টিফেল-কাম-মাল্টিপ্লেক্স গ্ৰাউণ্ড নিৰ্মাণৰ বাবে টাৱাঙত এছএছবিৰ পৰিসৰৰ ভিতৰত ৫.৯৯ একৰ উপযুক্তি ভূমি নিৰ্বাচন কৰিছিল৷ সেই অনুসাৰে ৰাজ্য চৰকাৰে এই ৫.৯৯ একক ভূমি হস্তান্তৰিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল৷
ভাৰত চৰকাৰে (পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ মন্ত্ৰালয়) ২০১৬ চনৰ মাৰ্চ মাহত অৰুণাচল প্ৰদেশৰ টাৱাঙত পাৰ্কিং সুবিধা আৰু সম্পৰ্ক পথৰ সৈতে মেগা-ফেষ্টিফেল-কাম-মাল্টিপ্লেক্স গ্ৰাউণ্ড নিৰ্মাণৰ বাবে পৰিযোজনা পূৰ্বতেই আৱণ্টিত কৰিছিল৷ এই মেগা-ফেষ্টিফেল-কাম-মাল্টিপ্লেক্স গ্ৰাউণ্ড বিভিন্ন পৰ্যটন উৎসৱ-পাৰ্বন আদিৰ আয়োজনৰ বাবে ব্যৱহাৰ কৰা হ’ব৷
****
AKT/VBA/SH/MANN