প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ঔদ্যোগিক নিয়মাৱলী আৰু উত্তৰণ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰদান কৰা প্ৰস্তাৱনা অনুসৰি উইপ’ কপিৰাইট চুক্তি আৰু উইপ’ পাৰ্ফ’মেন্স চুক্তিৰ সংযোজনত অনুমোদন প্ৰদান কৰে যি ইণ্টাৰনেট আৰু ডিজিটেল পৰিৱেশৰ কপিৰাইটৰ ব্যপ্তি সংবৰ্ধিত কৰিব৷ এই অনুমোদন হ’ল ১২ মে’ ২০১৬ তাৰিখে চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় বৌদ্ধিক সম্পত্তি অধিকাৰ (আইপিআৰ) নিয়মাৱলীত স্থিত উদ্দেশ্যৰ দিশে এক পদক্ষেপ যি ইণ্টাৰনেট আৰু ম’বাইল প্লেটফ’ৰ্মৰ জৰিয়তে ইপিআৰ গৰাকীসকলক বাণিজ্যিকীকৰণৰ সুবিধাৰ ক্ষেত্ৰত নিৰ্দেশনা আৰু সমৰ্থন প্ৰদান কৰি বাণিজ্যিকীকৰণৰ জৰিয়তে আইপিআৰৰ মূল্য প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷
লাভসমূহঃ
কপিৰাইট উদ্যোগসমূহৰ চাহিদা পূৰণৰ জৰিয়তে এই চুক্তিসমূহ ভাৰতত এইদৰে সহায়ক হ’বঃ
পৃষ্ঠভূমিঃ
কপিৰাইট আইন, ১৯৫৭–
২০১৬ চনত ডিআইপিপিলৈ কপিৰাইট আইন ১৯৫৭ৰ প্ৰশাসন স্থানান্তৰ কৰাৰ পিছত ডব্লিউচিটি আৰু ডব্লিউপিপিটিৰ সৈতে কপিৰাইট আইন ১৯৫৭ৰ এক বহনক্ষমতা পৰীক্ষা কৰা হৈছিল৷ তাৰোপৰি উইপ’ৰ সৈতে এটা সংবদ্ধ অধ্যয়নো সমাপন কৰা হৈছিল৷
ডব্লিউচিটি আৰু ডব্লিউপিপিটিৰ সৈতে অনুপালন কৰাৰ বাবে ২০১২ চনত কপিৰাইট আইন, ১৯৫৭ৰ সংশোধন কৰা হৈছিল য’ত ‘‘ৰাজহুৱা যোগাযোগ’’ৰ সংজ্ঞাৰ সংশোধন অন্তৰ্ভুক্ত আছিল৷
উইপ’ কপিৰাইট চুক্তি ২০০২ চনৰ ৬ মাৰ্চ তাৰিখে বলৱৎ হৈছিল আৰু আজিৰ তাৰিখ পৰ্যন্ত ৯৬টা ঠিকা দল গ্ৰহণ কৰা হৈছিল তথা বাৰ্ণ সন্মিলনৰ (সাহিত্য আৰু কলা কৰ্মৰ সুৰক্ষাৰ বাবে) বাবে এটা বিশেষ চুক্তি কৰা হৈছিল৷ ডিজিটেল পৰিৱেশত ইয়াৰ কপিৰাইটৰ নিৰাপত্তা সংবৰ্ধিত কৰাৰ এটা অংশ ইয়াত অন্তৰ্ভুক্ত আছিল৷ পৰৱৰ্তী পৰ্যায়ত ই ডিজিটেল পৰিৱেশৰ বিশেষাধিকাৰ চিনাক্ত কৰি কৰ্ম সহজলভ্য কৰে৷
উইপ’ পাৰ্ফমেন্স আৰু ফ’ন’গ্ৰাম চুক্তি ২০০২ চনৰ ২০ মে’ তাৰিখে বলৱৎ হৈছিল আৰু সদস্য হিচাপে ৯৬টা ঠিকা দল আছিল৷ ডব্লিউপিপিটিয়ে বিশেষকৈ ডিজিটেল পৰিৱেশত দুই প্ৰকাৰৰ হিতাধিকাৰীসকলৰ অধিকাৰৰ সৈতে কাম কৰে (ক) পাৰদৰ্শিতা (অভিনেতা, গায়ক, সংগীতজ্ঞ ইত্যাদি) (খ) ফ’ন’গ্ৰামৰ নিৰ্মাতা (শব্দ বাণীবন্ধন)৷ এই চুক্তিয়ে স্বত্বাধিকাৰীসকলক নতুন ডিজিটেল প্লেটফ’ৰ্ম আৰু বিতৰকসকলৰ সৈতে মধ্যস্থতাৰ বাবে সৱলীকৰণ কৰে৷ ই প্ৰথমকবাৰলৈ কলাকাৰসকলক মৌখিক অধিকাৰ চিনাক্ত কৰে আৰু তেওঁলোকক বিশেষ অৰ্থনৈতিক অধিকাৰ প্ৰদান কৰে৷
দুয়োটা চুক্তিয়ে প্ৰযুক্তিগত সঁজুলি ব্যৱহাৰ কৰিবলৈ সৃষ্টি কৰোঁতা আৰু স্বত্বাধিকাৰীসকলক আন্তঃগাঁথনি প্ৰদান কৰে আৰু তেওঁলোকৰ কৰ্ম আৰু তথ্যক সুৰক্ষা প্ৰদান কৰে অৰ্থাৎ প্ৰযুক্তিগত সুৰক্ষা পৰিমাপৰ সুৰক্ষা (টিপিএমসমূহ) আৰু অধিকাৰ ব্যৱস্থাপনা তথ্য (আৰএমআই)৷
****
AKT/VBA/SH/MANN