Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ওড়িশাৰ চান্দিখোল আৰু কৰ্ণাটকৰ পাডুৰত অতিৰিক্ত ৬.৫ মিলিয়ন মেট্ৰিকটন বহনক্ষম কৌশলগত পেট্ৰোলিয়াম ভাণ্ডাৰ স্থাপনত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দেশৰ দুটা স্থান, ক্ৰমে ওড়িশাৰ চান্দিখোল আৰু কৰ্ণাটকৰ পাডুৰত এপিএমৰ নামত উচৰ্গিত অতিৰিক্ত ৬.৫ মিলিয়ন মেট্ৰিকটন বহনক্ষম কৌশলগত পেট্ৰোলিয়াম ভাণ্ডাৰ(এছপিআৰ) স্থাপনত অনুমোদন জনায়। ভূ-গৰ্ভত শিলেৰে গুহাৰ দৰে নিৰ্মাণ কৰিবলগীয়া এছপিআৰ সুবিধাযুক্ত চান্দিখোল আৰু পাডুৰৰ ভাণ্ডাৰ দুটাৰ বহনক্ষমতা ক্ৰমে ৪ আৰু ২.৫ মিলিয়ন মেট্ৰিকটন। ২০১৭-১৮ৰ বাজেটতে চৰকাৰে দুটা অতিৰিক্ত এপিআৰ স্থাপনৰ সন্দৰ্ভত ঘোষণা কৰিছিল।

ভাৰত চৰকাৰে বাজেটীয় খৰচ হ্ৰাস কৰাৰ অৰ্থে এই প্ৰকল্প পিপিপি আৰ্হিত নিৰ্মাণ সম্পূৰ্ণ কৰিব। ইয়াৰ অংশীদাৰৰ সন্দৰ্ভত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বিত্ত মন্ত্ৰালয়ৰ সৈতে প্ৰয়োজনীয় বজাৰ, সাম্ভাব্য বিনিয়োগকাৰীসহ এক ৰোড শ্ব’ উলিওৱাৰ পাছত নিৰ্দিষ্ট চৰ্তাৱলী নিৰ্ধাৰণ কৰিব।

আএছপিআৰএলে ইতিমধ্যে ৫.৩৩ মিলিয়ন মেট্ৰিকটন বহনক্ষম তিনিটা ভাণ্ডাৰ নিৰ্মাণ কৰিছে। সেইবোৰ হ’ল বিশাখাপট্টনম(১.৩৩ মিলিয়ন মেট্ৰিকটন), মাংগালুৰু(১.৫মিলিয়ন মেট্ৰিকটন) আৰু পাডুৰ(২.৫মিলিয়ন মেট্ৰিকটন)। ২০১৬-১৭ বিত্তীয় বৰ্ষৰ উপভোগ তথ্য অনুসৰি এই তিনিটা ভাণ্ডাৰে ভাৰতত প্ৰয়োজনীয় পেট্ৰ’লৰ ১০ দিনৰ চাহিদা পুৰণ কৰে। অতিৰিক্ত ৬.৫ মিলিয়ন মেট্ৰিকটন বহনক্ষমতা সম্পন্ন এছপিআৰৰ দ্বাৰা দেশত অতিৰিক্ত ১২ দিনৰ প্ৰয়োজনীয় পেট্ৰ’ল মজুত কৰি ৰাখিব পাৰিব আৰু ই ভাৰত ইন্ধন সুৰক্ষা ব্যৱস্থা কৰিব বুলি আশা কৰা হৈছে।

চান্দিখোল আৰু পাডুৰত মজুত ভাণ্ডাৰ নির্মাণ প্রকল্পই প্রত্যক্ষ আৰু পৰোক্ষভাবে বিশেষ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত ওড়িশা আৰু কর্ণাটকৰ সংশ্লিষ্ট অঞ্চলৰ বাসিন্দা উপকৃত হ’ব।

***

KS/SNC/SH/DB