প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ওমানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিক অনুমোদন প্ৰদান কৰিছে৷ এই বুজাবুজি চুক্তিত ভাৰতৰ তৰফৰ পৰা ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা (ইছৰ’) আৰু ওমানৰ পৰিবহণ তথা যোগাযোগ মন্ত্ৰালয়ে ফেব্ৰুৱাৰী, ২০১৮ত মস্ক’টত হস্তাক্ষৰ কৰিছিল৷
বিৱৰণঃ
• এই এমঅ’ইউৰ দ্বাৰা এই ক্ষেত্ৰসমূহ বিকশিত হ’ব- মহাকাশ বিজ্ঞান, প্ৰযুক্তি তথা অনুপ্ৰয়োগ যেনে পৃথিৱীৰ ৰিম’ট ছেনছিং, উপগ্ৰহভিত্তিত নেভিগেছন, মহাকাশ বিজ্ঞান তথা সৌৰমণ্ডলৰ দ্বাৰা সম্বন্ধীয় সন্ধান, মহাকাশ জ্ঞান, মহাকাশ প্ৰণালী তথা গ্ৰাউণ্ড ব্যৱস্থাৰ ব্যৱহাৰ আৰু মহাকাশ প্ৰযুক্তিৰ অনুপ্ৰয়োগ৷
• এই এমঅ’ইউৰ অধীনত এক যৌথ কৰ্ম গোট গঠন হ’ব য’ত ডিঅ’এছ/ইছৰ’ আৰু ওমানৰ পৰিবহণ তথা যোগাযোগ মন্ত্ৰালয় (এমটিচি)ৰ পৰা সদস্য লোৱা হ’ব যি সময়-গাঁথনি তথা এই এমঅ’ইউক প্ৰণয়ন কৰাৰ বাবে সাধন সহিতে যোজনাৰ ৰূপৰেখা তৈয়াৰ হ’ব৷
• ইয়াৰ দ্বাৰা পৃথিৱীৰ পৃথিৱীৰ ৰিম’ট ছেনছিং, উপগ্ৰহভিত্তিত নেভিগেছন, মহাকাশ বিজ্ঞান তথা বহিঃ অন্তৰীক্ষৰ অন্বেষণৰ দৰে ক্ষেত্ৰত নতুন অনুসন্ধান গতিবিধিৰ সম্ভাৱনা সন্ধান তথা সম্ভাৱিত অনুপ্ৰয়োগসমূহ উৎসাহিত হ’ব৷
প্ৰণয়ন ৰণনীতি আৰু লক্ষ্যঃ
এই হস্তাক্ষৰিত এমঅ’ইউৰ দ্বাৰা এক যৌথ কৰ্ম গোট গঠন হ’ব য’ত সময়-গাঁথনি তথা এই এমঅ’ইউক প্ৰণয়ন কৰাৰ বাবে সাধন সহিতে যোজনাৰ ৰূপৰেখা তৈয়াৰ হ’ব৷
লাভঃ
এই এমঅ’ইউ মানৱ কল্যাণৰ বাবে মহাকাশ প্ৰযুক্তিৰ অনুপ্ৰয়োগৰ ক্ষেত্ৰত যৌথ গতিবিধি বিকশিত হ’ব৷ ইয়াৰ দ্বাৰা দেশৰ সকলো ক্ষেত্ৰ আৰু
অঞ্চল লাভান্বিত হ’ব৷
প্ৰভাৱঃ
এই এমঅ’ইউৰ জৰিয়তে ওমান ছুলতানেটৰ সৈতে সহযোগিতা বৃদ্ধি হ’ব আৰু মানৱ কল্যাণৰ বাবে মহাকাশ প্ৰযুক্তিৰ অনুপ্ৰয়োগৰ ক্ষেত্ৰত যৌথ গতিবিধি বিকশিত হ’ব৷
পৃষ্ঠভূমিঃ
• ওমান ছুলতানেটে নিজৰ মহাকাশ কাৰ্যাৱলী প্ৰস্তুত কৰাৰ বাবে ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা (ইছৰ’)ৰ সৈতে সহিযোগিতা প্ৰদৰ্শনৰ আগ্ৰহ প্ৰকাশ কৰে৷ এই ক্ৰমত মাৰ্চ ২০১১ত ওমানৰ যোগাযোগ বিভাগৰ এক ৪ সদস্যীয় প্ৰতিনিধিমণ্ডলে ইছৰ’ ভ্ৰমণ কৰে আৰু ইয়াৰ প্ৰযুক্তিগত প্ৰতিষ্ঠানসমূহ দৰ্শন কৰে৷ ইয়াৰ পিছত ওমান ছুলতানেটে মে’ ২০১৬ত ওমানত ভাৰতৰ ৰাজদূতৰ সন্মুখত নিজৰ মহাকাশ অনুপ্ৰয়োগৰ সহযোগিতাৰ বাবে ইচ্ছা প্ৰকট কৰে৷
• সেই অনুসাৰে দুয়ো পক্ষই বহিঃ অন্তৰীক্ষৰ শান্তিপূৰ্ণ উপযোগিতাৰ বাবে এই চুক্তিত হস্তাক্ষৰৰ বাবে পাৰস্পৰিক ৰূপত সন্মতি প্ৰকাশ কৰে৷ এই এমঅ’ইউত ভাৰতৰ তৰফৰ পৰা ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা (ইছৰ’) আৰু ওমানৰ পৰিবহণ তথা যোগাযোগ মন্ত্ৰালয়ে ১১ ফেব্ৰুৱাৰী ২০১৮ত মস্কটত হস্তাক্ষৰ কৰিছিল৷
****
AKT/VBA/SH/MANN