Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অৰুণাচল প্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ, ইটানগৰত সন্মিলন কেন্দ্ৰ উদ্বোধন

অৰুণাচল প্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ, ইটানগৰত সন্মিলন কেন্দ্ৰ উদ্বোধন

অৰুণাচল প্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ, ইটানগৰত সন্মিলন কেন্দ্ৰ উদ্বোধন

অৰুণাচল প্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ, ইটানগৰত সন্মিলন কেন্দ্ৰ উদ্বোধন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰে৷ ইটানগৰত এক অনুষ্ঠানত তেওঁ দৰ্জী খাণ্ডু ৰাজ্যিক সন্মিলন কেন্দ্ৰ উদ্বোধন কৰে৷ সন্মিলন কেন্দ্ৰটোত এটা প্ৰেক্ষাগৃহ, সভাগৃহ আৰু প্ৰদৰ্শনী গৃহ আছে৷

প্ৰধানমন্ত্ৰীয়ে লগতে ৰাজ্যিক অসামৰিক সচিবালয় গৃহ জনসাধাৰণলৈ উৎসৰ্গা কৰে আৰু টোমা ৰিবা স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ একাডেমিক ব্ল’কৰ আধাৰশিলা স্থাপন কৰে৷

বৃহৎ জনসভাত ৰাইজক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয় যে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰি আৰু ইয়াৰ জনসাধাৰণৰ সৈতে সময় কটাই তেওঁ অত্যন্ত আনন্দিত৷

তেওঁ কয় যে নতুন সচিবালয়ত সৰহসংখ্যক মুখ্য বিভাগ অন্তৰ্ভুক্ত হৈছে৷ ইয়ে দূৰ-দূৰণিৰ পৰা অহা লোকসকলৰ বাবে সহজসাধ্য কৰি তুলিব৷ লগতে বিভাগসমূহৰ মাজত সমন্বয়ো বৃদ্ধি পাব৷

ইটানগৰত সন্মিলন কেন্দ্ৰ উদ্বোধন কৰি তেওঁ সন্তুষ্টি ব্যক্ত কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া মাথো এটা ভৱনেই নহয়, এয়া হ’ল এটি স্পন্দনশীল কেন্দ্ৰ, যিয়ে অৰুণাচল প্ৰদেশৰ আশা-আকাংক্ষা পূৰণ কৰিব৷ সন্মিলন আৰু সাংস্কৃতিক কাৰ্যসূচীয়ে চৰকাৰী বিষয়া আৰু ব্যক্তিগত কোম্পানীক আকৰ্ষিত কৰিব৷ এই সন্মিলন কেন্দ্ৰত গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক ব্যক্তিগতভাৱে অনুৰোধ জনায়৷ প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে উত্তৰ-পূব পৰিষদৰ বৈঠকৰ বাবে তেওঁ এবাৰ শ্বিলঙলৈ গৈছিল আৰু কৃষি বিষয়ক এখন গুৰুত্বপূৰ্ণ বৈঠক ছিকিমত অনুষ্ঠিত হৈছিল৷
প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় মন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়-ববীয়াসকলে নিয়মীয়াকৈ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰি আছে৷

স্বাস্থ্য খণ্ডত মানৱ সম্পদ উন্নয়ন, আন্তঃগাথনি আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাতো আৱশ্যক বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে দেশৰ সকলো প্ৰান্ততে মেডিকেল কলেজ স্থাপনৰ দিশত কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা লৈছে৷

স্বাস্থ্যসেৱা উচ্চ মানসম্পন্ন আৰু সুলভ হোৱা উচিত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুষ্মান ভাৰত আঁচনিয়ে এয়া সম্ভৱ কৰি তুলিব৷ তেওঁ ৰঅৰুণাচলৰ উন্নয়নৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেমা খাণ্ডুকো প্ৰশংসা কৰে৷ ২০২৭ত অৰুণাচল কেনেকুৱা হৈ উঠিব, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এক উচ্চ মানদণ্ডৰ ৰোডমেপ তৈয়াৰ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে৷

***

AKT/AP/SK/MS