Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ লাক্ষাদ্বীপ, তামিলনাডু আৰু কেৰালাৰ ‘অখী’ ঘূৰ্ণী বতাহত আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ লাক্ষাদ্বীপ, তামিলনাডু আৰু কেৰালাৰ অখী ঘূৰ্ণী বতাহত আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিব৷ তেওঁ অঞ্চলটোৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে কাৱাৰাট্টী, কন্যাকুমাৰী আৰু থিৰুৱন্তপুৰমত উদ্ধাৰ অভিযানৰ বুজ ল’ব৷ প্ৰধানমন্ত্ৰীয়ে ৰাজ্য কেইখনৰ শীৰ্ষস্থানীয় বিষয়-ববীয়া আৰু জনপ্ৰতিনিধিকো সাক্ষাৎ কৰিব৷ তেওঁ লগতে ঘূৰ্ণী বতাহত আক্ৰান্ত মাছমৰীয়া আৰু কৃষকৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপ কৰিব৷

উল্লেখ্য যে, নৱেম্বৰৰ শেষ আৰু ডিচেম্বৰৰ আৰম্ভণিৰে পৰা কেৰালা, তামিলনাডু আৰু লাক্ষাদ্বীপৰ কিছু কিছু অংশ অখী ঘূৰ্ণী বহাহত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে৷

ঘূৰ্ণী বতাহে সৃষ্টি কৰা পৰিস্থিতিৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে নজৰ ৰাখিছে আৰু সকলো সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিষয়ববীয়াৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে৷

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে যোৱা ৩ আৰু ৪ ডিচেম্বৰত ঘূৰ্ণী বতাহত আক্ৰান্ত কন্যাকুমাৰী আৰু থিৰুৱন্তপুৰম পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ কেবিনেট সচিব শ্ৰী পি.কে সিনহাৰ অধ্যক্ষতাত গঠিত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটিয়ে(এনচিএমচি) যোৱা ৪ ডিচেম্বৰত এক বৈঠকত মিলিত হৈ ঘূৰ্ণীবতাহত আক্ৰান্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উদ্ধাৰ আৰু সাহায্য অভিযান পৰ্যবেক্ষণ কৰে৷

উপকূল বাহিনী, বায়ুসেনা বাহিনী, নৌসেনা বাহিনী আৰু এনডিআৰএফকে ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহে ঘূৰ্ণী বতাহত ক্ষতিগ্ৰস্থ অঞ্চলসমূহৰ উদ্ধাৰ আৰু সাহায্য অভিযানত ব্যস্ত আছে৷ প্ৰভাৱিত অঞ্চলসমূহত সাহায্য শিবিৰ স্থাপন কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দূৰ্যোগ সাহায্য পূঁজি(এছডিআৰএফ)ৰ দ্বিতীয় পৰ্যায়ৰ ধন কেৰালা আৰু তামিলনাডু চৰকাৰলৈ মুকলি কৰি দিছে৷ ২০১৭-১৮ বিত্তীয় বৰ্ষত কেৰালা আৰু তামিলনাডু চৰকাৰলৈ এছডিআৰএফৰ কেন্দ্ৰীয় অংশৰ ধন হ’ল ক্ৰমে—১৫৩কোটি আৰু ৫৬১কোটি টকা৷

৫ ডিচেম্বৰৰ পাছত ঘূৰ্ণীবতাহ অখীৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস পোৱাত প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা কেন্দ্ৰীয় সংস্থা, বিভিন্ন ৰাজ্য চৰকাৰ, স্থানীয় প্ৰশাসন আৰু সচেতন নাগৰিকক ধন্যবাদ জ্ঞাপন কৰে৷ ইয়াৰ পূৰ্বে তেওঁ সময়ে সময়ে ঘূৰ্ণী বতাহত আক্ৰান্ত লোকসকলক যথাসম্ভৱ সহায় কৰি থকাৰ কথা টুইটাৰত প্ৰকাশ কৰিছিল৷ ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈও প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনাইছিল৷

***

AKT/NT/HS/MS