Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুৰুত্বপূৰ্ণ বন্দৰসমূহৰ ক্ষেত্ৰত পি পি পি প্ৰকল্পসমূহৰ পুনৰ পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত কেবিনেটৰ অনুমোদন


প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত গুৰুত্বপূৰ্ণ বন্দৰসমূহৰ ক্ষেত্ৰত পি পি পি প্ৰকল্পসমূহৰ পুনৰ পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত অনুমোদন জনোৱা হয় যাতে বিনিয়োগকাৰীৰ বাবে বন্দৰসমূহ অধিক উপযোগী হৈ উঠে।

নিৰৱ বৈশিষ্ট্যঃ

পি পি পি প্ৰকল্পসমূহৰ পুনৰ পৰ্যালোচনা কৰাৰ ফলত ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধানৰ যি নীতি সেই একে নীতিৰে ইয়াৰো সমস্যাসমূহ সমাধান কৰিব পৰা যাব।

আন নিৰৱ বৈশিষ্ট্যসমূহ হ’লঃ

১. নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হ’বলৈ লগা সময় এতিয়া ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনায় সময় একে হ’ব।

২. ভূমিৰ দাম ২০০% ৰ পৰা ১২০% লৈ হ্ৰাস।

৩. প্ৰকৃত প্ৰকল্পৰ খৰচ আৰু মুঠ প্ৰকল্পৰ খৰচ একে হ’ব।

৪. ‘আইনৰ সলনি’ বিষয়ৰ নতুন সংজ্ঞা ব্যৱহৃত হ’ব।

৫. পৰিৱেশ আৰু শ্ৰমিক আইনৰ সকলো ধাৰা মানি চলা হ’ব।

৬. কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলোধৰণৰ কৰ সংলগ্ন কৰি ক্ষতিপূৰণসমূহ প্ৰদান কৰা হ’ব।

৭. ব্যৱহাৰকাৰীসকলৰ বাবে অভিযোগ পৰ্টেল মুকলি কৰা হ’ব।

৮. পৰ্যায়ক্ৰমে প্ৰকল্পৰ অগ্ৰগতি বুজ লোৱাৰ বাবে পৰ্যবেক্ষণৰ সুবিধা কৰা হ’ব।

যোৱা ২০ বছৰত বন্দৰৰ প্ৰকল্পসমূহৰ ক্ষেত্ৰত হোৱা সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। সকলো অংশীদাৰৰ লগত বিস্তৃতভাৱে আলোচনা কৰাৰ অন্ততহে এই সিদ্ধান্ত লোৱা হৈছে।

 

*****

AKT/VBA/SH/PRK