আজি ইণ্ডোনেচিয়াৰ ৰাজনৈতিক, আইনী আৰু সুৰক্ষা পৰিক্ৰমাৰ সহযোগিতাকাৰী মন্ত্ৰী ড০ এইচ ৱিৰান্টোৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি জোকো ৱিডোডোৱে ২০১৬ চনৰ ডিচেম্বৰ মাহত কৰা ভাৰত ভ্ৰমণৰ কথা স্মৰণ কৰি কয় যে তেওঁ ৰাষ্ট্ৰপতি জোকো ৱিডোডোক এচিয়ান দেশসমূহৰ নেতাসকলৰ লগতে এচিয়ান-ইণ্ডিয়ান কমেমৰেটিভ চামিটত আৰু লগতে এই বছৰৰ গণতন্ত্ৰ দিৱসৰ মূখ্য অতিথি হিচাপে এই মাহৰ শেষৰফালে পুনৰ আদৰিবলৈ বাট চাই আছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে সাগৰীয় চুবুৰীয়া হিচাপে ভাৰত আৰু ইণ্ডোনেচিয়াৰ মাজত নীলা অৰ্থনীতিৰ উন্নয়নৰ দিশত তথা সাগৰীয় সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা স্থাপনৰ বহুত সম্ভাৱনীয়তা আছে।এই প্ৰসঙ্গত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ইণ্ডোনেচিয়াৰ মাজত প্ৰথমখন সুৰক্ষা বিষয়ক সভা আহ্বান কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
******
AKT/HS/PRK
Dr. H. Wiranto, Coordinating Minister for Political, Legal and Security Affairs of the Republic of Indonesia, called on PM @narendramodi. pic.twitter.com/qeyPZ95Jmx
— PMO India (@PMOIndia) January 9, 2018