Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দ্বাদশ পৰিকল্পনা কালৰ পিছলৈও ভাৰতীয় বানিজ্যিক লেনদেন প্ৰতিষ্ঠানৰ যোজনাৰ সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন৷


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সভাপতিত্ব কৰা কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে ভাৰতীয় বানিজ্যিক লেনদেন প্ৰতিষ্ঠানৰ যোজনাৰ সম্প্ৰসাৰনত অনাগত তিনি বিত্তীয় বছৰৰ (২০১৭-১৮ৰ পৰা ২০১৯-২০) বাবে অনুমোদন জনাইছে৷ লগতে প্ৰতিষ্ঠানটোক 18 কোটিৰ সাহায্য অনুদানো আগবঢ়োৱা হৈছে যিয়ে ইয়াক স্বাৱলম্বী কৰি তুলিব৷

প্ৰভাৱঃ

     প্ৰতিষ্ঠানটোৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণ গৱেষণা আৰু অন্যান্য বিভিন্ন প্ৰকল্পই বানিজ্যিক পৰিচালনাৰ ক্ষেত্ৰসমুহত ছাত্ৰ-ছাত্ৰীবোৰক ৰোজগাৰ পোৱাত দক্ষ কৰিবলৈ সক্ষম হ’ব৷

     বানিজ্যিক আইনৰ ক্ষেত্ৰত এখন নামজ্বলা প্ৰতিষ্ঠান গঢ়ি তোলাটো ইয়াৰ লক্ষ্য৷

     বৰ্দ্ধিত অৰ্থনৈতিক কামকাজৰ বাবে এক গঠনমূলক ধাৰণাৰে গঢ়িত দেশৰ ভিতৰতে এখন ময্যাদাপূৰ্ন শিক্ষানুষ্ঠান হিচাপে ইয়াক গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হৈছে৷

     বৃত্তিমূলক কৰ্মদক্ষতাৰ উন্নতিসাধনে এই ক্ষেত্ৰত পেচাদাৰী ব্যক্তিসমূহক দেশৰ লগতে বিদেশতো সহায় কৰিব বুলি আশা কৰা হৈছে৷

 

প্ৰেক্ষাপটঃ

     উক্ত প্ৰতিষ্ঠানটোৰ অন্তৰ্গত ৰাষ্ট্ৰীয় বানিজ্যিক সামাজিক দায়বদ্ধতা অনুষ্ঠানটোৱে বিভিন্ন সামাজিক দায়বদ্ধতা আচনিৰ আৰম্ভ আৰু পৰিচালনা কৰে৷এই অনুষ্ঠানটো কম্পেনি সমূহৰ আইন ২০১৩ ৰ নতুন নিয়মৰ ওপৰত আধাৰিত৷

     বানিজ্যিক ক্ষেত্ৰত বিভিন্ন অংশীদাৰী বিষয়া সমূহক তেওঁলোকৰ কামত সহায় কৰিবলৈ ভাৰতীয় বাণিজ্যিক লেনদেন প্ৰতিষ্ঠানটোৱে থিংক টেংক হিচাপে কাম কৰে৷ ই তেওলোকক বাণিজ্যিক আইন, বাণিজ্যিক নিয়ন্ত্ৰন, বিনিয়োগকাৰীৰ প্ৰশিক্ষণ ইত্যাদি ক্ষেত্ৰত সহায় কৰে৷ ই প্ৰথম প্ৰজন্মৰ উদ্যোক্তা আৰু ক্ষুদ্ৰ ৱ্যবসায়ীসকলকো বহুধৰণে সহায় কৰে৷

***

 

AKT/VBA/SH/HM