Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইউৰোপীয় বেংক ফৰ ৰিকম্সষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেন্টত ভাৰতৰ সদস্যভুক্তিত কেবিনেটৰ অনুমোদন৷


ইউৰোপীয়ান বেংক ফৰ ৰিকন্সষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেন্টত (ই বি আৰ ডি)ভাৰতৰ সদস্যভুক্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে৷

ই বি আৰ ডি ৰ সদস্য লাভৰ বাবে বিত্ত মন্ত্ৰালয়ৰ অৰ্থনীতি বিভাগে প্ৰয়োজনীয়  পদক্ষেপ গ্ৰহণ কৰিব৷

 

প্ৰভাৱঃ

  • ই বি আৰ ডি ৰ সদস্যভূক্তিয়ে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় পৰিচয় বৃদ্ধি কৰাৰ লগতে অৰ্থনৈতিক আগ্ৰহক উন্নীত কৰিব৷
  • ভাৰতৰ বিনিয়োগৰ সুযোগসমূহ বৃদ্ধি পাব৷
  • উৎপাদন, সেৱা, তথ্য প্ৰযুক্তি আৰু শক্তি খণ্ডত সহ বিনিয়োগৰ সুযোগৰ জড়িয়তে ভাৰত আৰু ই বি আৰ ডি ৰ মাজত সহযোগিতাৰ সুবিধা বৃদ্ধি হ’ব৷
  • ব্যক্তিগত খণ্ডৰ উন্নয়ণৰ বাবে বেংকৰ কাৰিকৰী সাহায্য লাভত এই সদস্যভুক্তিয়ে ভাৰতক সহায় কৰিব৷
  • দেশত বিনিয়োগৰ পৰিবেশ উন্নত কৰাত এই সদস্যভূক্তিয়ে বৰঙণি যোগাব৷
  • বাণিজ্যিক সুযোগ আদিৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক সুবিধা প্ৰদানৰ লগতে ভাৰতৰ উদ্যোগক্ষেত্ৰ সমূহৰ মাজত প্ৰতিযোগিতামূলক শক্তি বৃদ্ধি কৰাত ই বি আৰ ডি ৰ সদস্যভুক্তিয়ে সহায় কৰিব৷
  • এই সদস্যভূক্তিয়ে ভাৰতীয় ৰপ্তানিৰ ক্ষেত্ৰত নতুন বাট মুকলি কৰিব৷
  • বৰ্দ্ধিত অৰ্থনৈতিক কাৰ্যকলাপৰ ফলত নিয়োগৰ সুবিধাও বৃদ্ধি পাব৷
  • ই ভাৰতীয় লোকক বেংকত নিযুক্তি পোৱাৰ সুযোগ বৃদ্ধি কৰিব৷

  

বিত্তীয় তাৎপৰ্য্যঃ

          ই বি আৰ ডি ৰ সদস্যভূক্তিৰ বাবে প্ৰাৰম্ভিক বিনিয়োগৰ পৰিমাণ প্ৰায় ১নিযুত ডলাৰ হ’ব৷ অৱশ্যে, সদস্যভূক্তিৰ বাবে প্ৰয়োজন হোৱা নূন্যতম অংশীদাৰীত্ব (১০০)ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতৰ সিদ্ধান্তৰ ওপৰত এই বিনিয়োগৰ পৰিমাণে নিৰ্ভৰ কৰিব৷ অধিক সংখ্যক অংশীদাৰিত্ব ক্ৰয় কৰিলে বিত্তীয় তাৎপৰ্য্য অধিক বৃদ্ধি পাব৷

 পটভূমিঃ

          ই বি আৰ ডি ৰ সদস্যলাভৰ বিষয়টো ভাৰত চৰকাৰে বিচাৰাধীন কৰি আহিছিল৷ যোৱা কিছুবছৰত দেশৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি লক্ষ্যৰাখি চৰকাৰে আন্তঃৰাষ্ট্ৰীয় উন্নয়নক প্ৰসাৰ কৰাৰ সিদ্ধান্ত লয় আৰু ৱলৰ্ড বেংক, এচিয়ান ডেভেলপমেন্ট বেংক আদিৰ উপৰি আন বেংকৰ সৈতে সহযোগিতা বৃদ্ধিৰ দিশে আগবাঢ়ে৷

 

***

 AKT/VBA/SH/BM