Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্রধানমন্ত্রী আৱাস যোজনাত মধ্যবিত্ত শ্ৰেণীৰ বাবে ক্রেডিট লিংকযুক্ত ৰাজসাহাৰ্য আঁচনিৰ অধীনত সুদৰ ৰাজসাহাৰ্যযোগ্য ঘৰৰ কার্পেট এলেকা বৃদ্ধিত কেবিনেটৰ অনুমোদন


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদিৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত বৃহস্পতিবাৰে প্রধানমন্ত্রী আৱাস যোজনাত (চহৰ) মধ্যবিত্ত শ্ৰেণী (এমআইজি)ৰ বাবে ক্রেডিট লিংকযুক্ত ৰাজসাহাৰ্য আঁচনিৰ (চিএলএছএছ) অধীনত সুদৰ ৰাজসাহাৰ্যযোগ্য ঘৰৰ কার্পেট এলেকা বৃদ্ধিত অনুমোদন দিয়ে।

আঁচনিৰ পৰিসৰ, নিৰ্দিষ্ট ঠাই আৰু ইয়াৰ প্রসাৰতা বৃদ্ধিৰ বাবে কেবিনেটে নিম্নোলিখিত বিষয়ত অনুমোদন জনাইছেঃ

(১)চিএলএছএছৰ এমআইজি-১ পর্যায়ৰ কার্পেট এলেকা বর্তমানৰ ৯০ বর্গ মিটাৰৰ পৰা বৃদ্ধি হৈ ১২০ বর্গমিটাৰ পর্যন্ত হৈছে আৰু চিএলএছএছৰ এমজিআই-২ পর্যায়ৰ কার্পেট এলেকা বর্তমানৰ ১১০ বর্গমিটাৰৰ পৰা বৃদ্ধি কৰি ১৫০ বর্গমিটাৰ কৰা হৈছে; আৰু

(২)০১.০১.২০১৭ৰ পৰা অৰ্থাৎ এমআইজিৰ বাবে চিএলএছএছ কার্যকৰী হোৱাৰ দিনধৰি ওপৰৰ এই পৰিৱর্তন কার্যকৰী হৈছে।

এমআইজিৰ বাবে চিএলএছএছ হৈছে চহৰত আৱাসৰ অভাৱ পুৰণৰ বাবে লোৱা এক সক্রিয় পদক্ষেপ। তদুপৰি, মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে সুদৰ ৰাজসাহাৰ্য আঁচনিগ্রহণ প্ৰক্ৰিয়া সক্ষম কৰাৰ বাবে ই এক অগ্রণী পদক্ষেপ।

এমআইজিৰ বাবে চিএলএছএছৰ দুটা পৰ্যায়ৰ উপাৰ্জন কৰা লোকক সামৰি লোৱা হৈছে, সেয়া হ’ল-বছৰি ৬,০০,০০১ টকাৰ পৰা ১২,০০,০০০টকা লৈকে(এমআইজি-১) আৰু ১২,০০,০০১ টকাৰ পৰা ১৮,০০,০০০ টকা লৈকে। ঋণৰ সর্বোচ্চ ম্যাদ ২০বছৰ বা প্ৰকৃত ম্যাদৰ ভিতৰত যি কম হ’ব তাৰ ওপৰত ৯% কৈ এনপিভি সুদৰ ৰাজসাহাৰ্য হিচাপে ধৰা হ’ব। ৯ লাখ অথবা ১২ লাখ টকাৰ অধিক গৃহ ঋণত ৰাজসাহাৰ্য নাথাকিব।

এমআইজিৰ বাবে চিএলএছএছ ৩১.০৩.২০১৯ লৈকে কার্যকৰী হ’ব।

প্রভাৱ

* ১২০ বর্গমিটাৰ আৰু ১৫০ বর্গমিটাৰৰ সীমাক বৃদ্ধিৰ প্রয়োজন আছিল আৰু এই প্রকল্পত নির্ধাৰিত দুটা পৰ্যায়ৰ আয়ৰ লোকক এমআইজিৰ চাহিদাৰ বজাৰক সহায় কৰিব।

* কার্পেট এলেকা বৃদ্ধিয়ে মধ্যবিত্ত লোকসকলক উন্নয়নশীল প্রকল্পসমূহত আৰু অধিক পছন্দৰ সক্ষমতা প্ৰদান কৰিব।

* বর্ধিত কার্পেট এলেকাই গৃহ নির্মাণ পর্যায়ত বিক্রিৰ বাবে সাজু কৰি ৰখা ভৱনৰ ক্ষেত্ৰত আৰু বিশেষভাৱে আগুৱাই নিব।

পটভূমিঃ

কেন্দ্ৰীয় গৃহনির্মাণ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্রালয়ে ০১.০১.২০১৭ৰ পৰা প্রধানমন্ত্রী আৱাস যোজনাৰ (চহৰ) অধীনত মধ্যবিত্ত শ্ৰেণীৰ বাবে ক্রেডিট লিংকড ৰাজসাহাৰ্য আঁচনি ৰূপায়ণ কৰি আহিছে। ইয়াৰ আগেতে প্রধানমন্ত্রীয়ে ৩১.১২.২০১৬ত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত গৃহঋণ গ্রহণকাৰী দৰিদ্র লোকসকলৰ বাবে সুবিধা বৃদ্ধি আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে গৃহঋণৰ নতুন ৰাজসাহাৰ্যযুক্ত সুদৰ কথা ঘোষণা কৰিছিল।

****

AKT/VBA/SH /DB