Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফিলিপাইনছত ভাৰতীয় সমূদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ

ফিলিপাইনছত ভাৰতীয় সমূদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ

ফিলিপাইনছত ভাৰতীয় সমূদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ

ফিলিপাইনছত ভাৰতীয় সমূদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিলিপাইনছত ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে আছিয়ান অঞ্চলটো অতি গুৰুত্বপূৰ্ণ। তেওঁ আছিয়ান অঞ্চলৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া মিলিত ঐতিহ্য আৰু আবেগিক সম্পৰ্ক সন্দৰ্ভত কয়। বিশেষকৈ তেওঁ গৌতম বুদ্ধ আৰু ৰামায়ণৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অঞ্চলটোত ভাৰতীয় সমূদায়ে এই ঐতিহ্যৰ ৰক্ষাত মুখ্য ভূমিকা পালন কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে কেতিয়াও কাৰো ক্ষতি কৰা নাই। প্ৰধানমন্ত্ৰীয়ে প্ৰথম আৰু দ্বিতীয় মহাসমৰত প্ৰাণ আহুতি দিয়া ডেৰ লাখ সেনাৰ চৰম ত্যাগক স্মৰণ কৰে।

তেওঁ কয় যে অতীতৰ দৰে বর্তমানৰ ভাৰত আজিও সমানে উজ্জ্বল আৰু প্রাণৱন্ত। একৈশ শতিকাক ‘এছিয়াৰ শতিকা’ বুলি কোৱা কথাষাৰৰ সমানেই এই শতিকাক ‘ভাৰতৰ শতিকা’ কৰি তোলাৰ লক্ষ্যৰে আমি নিশ্চিতভাবেই সম্ভাৱ্য সকলো ধৰণৰ প্রচেষ্টা চলাই যাম।

দৰিদ্র লোকসকলক সবলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ‘জন ধন যোজনা’ আৰু ‘উজ্জ্বলা’ যোজনাৰ সন্দৰ্ভতো ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে ৰাজসাহাৰ্যৰ ক্ষেত্ৰ্তো আধাৰৰ সৈতে যুক্ত কৰাৰ ফলত সুফল পোৱা বুলি উল্লেখ কৰে।

***

AKT/SH/DB