প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত গ্ৰাম্যাঞ্চলৰ লোকসকলৰ সুবিধা হোৱাকৈ এক ফলপ্ৰসূ, প্ৰতিযোগিতামূলক, সততে পৰ্যবেক্ষণ কৰি থাকিব পৰা বহনক্ষম ব্যৱস্থাৰূপে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ পুনঃগঠন আৰু ভৱিষ্যতে চলাই নিয়াৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
এই আঁচনিৰ বাবে চতুৰ্দশ বিত্তীয় পৰিষদৰ ২০১৭-১৮ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষলৈকে মুঠ ২৩,০৫০ কোটি টকাৰ অনুমোদন জনোৱা হয়। এই আঁচনিয়ে দেশৰ সমগ্ৰ গ্ৰাম্যাঞ্চলৰ জনতাক সামৰি ল’ব।আঁচনিৰ পুনঃগঠনে ইয়াক অধিক সুবিধাজনক, ফলপ্ৰসূ, প্ৰতিযোগিতামূলক তথা মন্ত্ৰালয়ে সততে পৰ্যবেক্ষণ কৰি থাকিব পৰা নলেৰে পানীযোগানৰ এক বহনক্ষম ব্যৱস্থা কৰিব বুলি আশা কৰা হৈছে।
সিদ্ধান্তৰ বিতং তথ্যঃ
১. ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনি চতুৰ্দশ বিত্তীয় পৰিষদৰ সময়সীমাৰ শেষলৈকে, অৰ্থাৎ, ২০২০ বৰ্ষৰ মাৰ্চলৈকে চলিব।
২. ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ পুনঃগঠনৰ ফলত জাপানীজ এনকেফেলাইটিছ, একিউট এনকেফেলাইটিছ চিন্ড্ৰমৰদ্বাৰা প্ৰভাৱিত অঞ্চলৰ বাবে ২% পুঁজি ধাৰ্য কৰা হ’ব।
৩. ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ অধীনৰ নতুন উপ-আঁচনি, খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ে ২০১৭ চনৰ ফেব্ৰুৱাৰীত আৰম্ভ কৰা ৰাষ্ট্ৰীয় পানীৰ মান উপ-অভিযানে আৰ্ছেনিক আৰু ফ্লুৰইডৰদ্বাৰা প্ৰভাৱিত ২৮০০০ টা বসতি অঞ্চলত খোৱাপানীৰ বিশুদ্ধকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। আনুমানিকভাৱে অহা চাৰি বছৰত অৰ্থাৎ, ২০২১ বৰ্ষৰ মাৰ্চলৈকে ইয়াৰ বাবে কেন্দ্ৰৰ ১২,৫০০ কোটি টকাৰ প্ৰয়োজন হব। এই পুঁজিৰ ব্যয় ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিয়ে বহন কৰিব।
৪. এই আঁচনিৰ বাবে দ্বিতীয় কিস্তিলৈকে ধন ৰাজ্য চৰকাৰে বহন কৰিব যিটো কেন্দ্ৰীয় চৰকাৰে পিছত ঘূৰাই দিব।যদি কোনো ৰাজ্য চৰকাৰে বিত্তীয় বৰ্ষৰ ৩০ নৱেম্বৰৰ ভিতৰত সেই পুঁজি বিচাৰি আবেদন কৰিব নোৱাৰে, তেন্তে সেই পুঁজি ভাল কাম কৰা ৰাজ্যসমূহক যোগান ধৰা হ’ব।
৫. পিছৰ আধা কিস্তি ৰাজ্য চৰকাৰসমূহৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হ’ব।
৬. কেবিনেটে এই আঁচনিৰ বাবে চতুৰ্দশ বিত্তীয় পৰিষদৰ ২০১৭-১৮ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষলৈকে মুঠ ২৩,০৫০ কোটি টকাৰ অনুমোদন জনাইছে।
ৰাষ্ট্ৰীয় পানীৰ মান উপ-অভিযানে ২০২১ বৰ্ষৰ মাৰ্চলৈকে আৰ্ছেনিক আৰু ফ্লুৰইডৰদ্বাৰা প্ৰভাৱিত সকলো বসতি অঞ্চলত খোৱাপানীৰ বিশুদ্ধকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত বহনক্ষম ব্যৱস্থা গ্ৰহণ কৰিবলৈ লক্ষ্য স্থিৰ কৰিছে। আঁচনিৰ বিভিন্ন দিশসমূহ হ্ৰাস কৰি ৰাজ্য চৰকাৰসমূহক ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ পুঁজি ব্যৱহাৰ কৰিবলৈ সুবিধা কৰি দিছে।
খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ৰ সংহত তথ্য পৰিচালনা ব্যৱস্থামতে, ১৬.৭% ঘৰলৈ ৰাজহুৱা নল সংযোগৰ জৰিয়তে ভাৰতৰ প্ৰায় ৭৭% জনতাই আৰু প্ৰায় ৫৬% গ্ৰাম্যাঞ্চলৰ জনতাই বিশুদ্ধ খোৱাপানী (প্ৰতিদিনে গাইপতি ৪০ লিটাৰ )পাবলৈ সক্ষম হৈছে।
পটভূমিঃ
সুবিধাজনক, সুলভ আৰু যথেষ্ট পৰিমাণে বিশুদ্ধ খোৱাপানী যোগান সুনিশ্চিত কৰিবৰ বাবে ২০০৯ চনত ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনি মুকলি কৰা হৈছিল। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ৫০-৫০ পুঁজিৰ ব্যৱস্থাৰে আৰম্ভ কৰা এই আঁচনিৰ পূৰ্বৰ সফলতা আৰু বিফলতাৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট কিছুমান সংশোধন কৰি ইয়াক অধিক ফলপ্ৰসূ আৰু প্ৰতিযোগিতামূলক কৰিব বিচৰা হৈছে।
ফলপ্ৰসূ, প্ৰতিযোগিতামূলক, সততে পৰ্যবেক্ষণ কৰি থাকিব পৰা বহনক্ষম ব্যৱস্থাৰূপে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ পুনঃগঠন কৰিবৰ বাবে ৰাজ্য চৰকাৰ তথা বিভিন্ন অংশীদাৰ যেনে আন্তঃৰাষ্ট্ৰীয় সংস্থা, নীতি আয়োগ আদি সকলৰ সৈতে কেইবালানিও আলোচনা অনুষ্ঠিত হৈছিল আৰু কিছুমান পৰামৰ্শ গৃহীত কৰা হৈছিল।ইয়াৰ ফলত আঁচনিৰ বিভিন্ন দিশসমূহ হ্ৰাস কৰি ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ পুঁজি ব্যৱহাৰ কৰিবলৈ সুবিধা হ’ব বুলি আশা কৰা হৈছে।
******
AKT/VBA/SH/PRK