Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১৭ বছৰৰ অনুৰ্ধৰ ফিফা বিশ্বকাপত অংশ গ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

১৭ বছৰৰ অনুৰ্ধৰ ফিফা বিশ্বকাপত অংশ গ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

১৭ বছৰৰ অনুৰ্ধৰ ফিফা বিশ্বকাপত অংশ গ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ


প্ৰধানমন্ত্ৰী শ্ৰী নৰন্দ্ৰ মোদীয়ে আজি অলপতে অনুষ্ঠিত ১৭ বছৰৰ অনুৰ্ধৰ ফিফা বিশ্বকাপত অংশ গ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে সাক্ষাৎ কৰে।

বাৰ্তালাপৰ সময়ত খেলুৱৈসকলে ফিফা বিশ্বকাপৰ সময়ত খেলপথাৰৰ বাহিৰে-ভিতৰে তেওঁলোকে লাভ কৰা অভিজ্ঞতা তথা সুবিধাসমূহৰ কথা অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক খেলৰ ফলাফলক লৈ আশাহত নহ’বলৈ কয় আৰু এই অভিজ্ঞতাক এক শিকাৰ সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।তেওঁ কয় যে উৎসাহেৰে প্ৰতিযোগিতাত ভাগ লোৱাটোৱেই সফলতাৰ দিশে প্ৰথম খোজ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ফুটবলত ভাল ফল দেখুৱাব পাৰি।তেওঁ লগতে কয় যে ক্ৰীড়াই ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ ঘটোৱাৰ লগতে আত্মবিশ্বাস আৰু সামগ্ৰিক বিকাশতো অৰিহণা যোগায়।

ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰী ৰাজ্যৱৰ্দ্ধন সিং ৰোথোড়ো উক্ত অনুষ্ঠানত উপস্থিত আছিল।

******

AKT/SH/PRK